নাটক বুজা – নুবুজা বয়সতে প্ৰথমবাৰ লগ পাইছিলো জীৱেশ্বৰ ডেকাক ( জন্ম : ১৯৪৬ চনৰ ২০ জুলাইত নলবাৰী জিলাৰ বেলশৰ গাঁৱত। মৃত্যু : ২০২০ চনৰ ২৪ আগষ্টত গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হস্পিটেলত।)। মনত ‘ভয়’ লৈ ইটো – সিটো কথা সুধিছিলো। আৰু পৰিপাটিকৈ লিখি ‘তিনিদিনীয়া অগ্ৰদূত”লৈ প্ৰেৰণ কৰিছিলো। কিছু অংশ প্ৰকাশ হৈছিল। পিছত সেই লেখাটোৱে আৰু এখন কাকতত ছপা হৈছিল। সেই তেতিয়াৰে ( ১৯৮০) ৰে পৰা ২০০৮ -০৯ লৈ অনুভৱ কৰিছিলো অভিনেতা গৰাকীৰ অভিনয় শৈলী , অভিনয় ক্ষমতা। মাজতে ১৯৯৪ – ২০০১ সময় চোৱাত মোৰ কৰ্মস্থল মুম্বাই হোৱাত অভিনেতা গৰাকীৰ সৈতে দূৰত্ব স্বাভাৱিকতে বাঢ়িছিল। দূৰত্ব কমাইছিল মুম্বাইৰ পৰা ৮ বছৰ মান পিছত উভতি আহি অজিত কুমাৰ ভূঞা সম্পাদিত ‘আজি’ৰ সম্পাদনা বিভাগৰ এজন হোৱাৰ পিছত। হঠাতে এদিন ‘আজি’ৰ কাৰ্যালয়লৈ আহিছিল আমাৰ পৰিয়ালৰে এজন দিলীপ মেনাৰ সৈতে। কৈছিল — ‘আমি নিজাকৈ থিয়েটাৰ খুলিম। তুমি সহায় কৰিব লাগিব।’ যিমান খিনি সম্ভৱ সহায় কৰিছিলো। ভ্ৰাম্যমাণ নাট্যদলটোৰ নাম ৰাখিছিল — অনুৰাগ। নাট্যকাৰ উগ্ৰ মেনাৰ শেষ ৰচনা ‘তোমাৰ জন্মদিনত’ মঞ্চস্থ হৈছিল ‘অনুৰাগ’ত। এই নাটক খনেৰে যাত্ৰা কৰিছিল নাট্যদলটোৱে। সংগীতশিল্পী তৰালি শৰ্মাক লৈ গৈছিলো যাত্ৰা আৰম্ভ কৰাৰ বাবে। ‘কিমান নাটকত যে অভিনয় কৰিলো! আনৰ চিন্তাৰে কিমান চৰিত্ৰত যে অভিনয় কৰিলো! ভাল লগা চৰিত্ৰত , বেয়া লগা চৰিত্ৰত! গতিকে এইবাৰ নিজৰ চিন্তাৰে কৰিম বুলি ভাবিছো। নাটকৰ বাবে নাটক কৰিম ‘অনুৰাগ’ৰ মঞ্চত।’ — সেই সময়ত পৰিবৰ্তনৰ নামত ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত বলিউড আৰু দক্ষিন ভাৰতীয় চিনেমাৰ জনপ্ৰিয় শৈলীক ব্যৱহাৰ কৰিছিল , কেইবা খনো আগশাৰীৰ থিয়েটাৰেও। হেমন্ত দত্ত , মুনিন বৰুৱা , সেৱাব্ৰত বৰুৱা আদিৰ ‘ভ্ৰাম্যমাণ থিয়েটাৰ বিশুদ্ধ নাট্যচিন্তা’ক নিস্প্ৰভ কৰাৰ অঘোষিত যুজ আৰম্ভ হৈছিল। আৰু সৰহ সংখ্যক থিয়েটাৰ মালিক আৰু প্ৰযোজকে বেপাৰৰ আশাত বা স্বাৰ্থত বলিউড – দক্ষিন ভাৰতীয় চিনেমাৰ জনপ্ৰিয় শৈলীক সমৰ্থন কৰিছিল। এই কামে দুখ দিছিল জীৱেশ্বৰ ডেকাক। সেয়েহে হয়তো কৈছিল — ‘ভ্ৰাম্যমাণ থিয়েটাৰৰ নিজা নাট্যশৈলী আছে। এই বিশেষ শৈলীৰ পৰা আঁতৰি যোৱা মানে ভ্ৰাম্যমাণ থিয়েটাৰক হত্যা কৰা। মই মন কৰিছো বৰ্তমান কেইবাখনো থিয়েটাৰৰ জকাটোহে ( পেণ্ডেল) আছে , আত্মা ( বিশুদ্ধ ভ্ৰাম্যমাণ শৈলীৰ নাটক) নাই। অচ্যুত লহকৰে বহু পৰিশ্ৰম কৰি নিৰ্মাণ কৰা নাট্য শৈলীক বাদ দিলে ভ্ৰাম্যমাণ থিয়েটাৰক লৈ গৌৰৱ কৰিব লগীয়া আমাৰ একো নাথাকিব।’
জীৱেশ্বৰ ডেকা অভিনেতা গৰাকী নিৰ্মাণ হৈছিল নাটকৰ চৰিত্ৰৰে। মঞ্চত কৰা অভিনয়ৰে।
নাট্যকাৰ, পৰিচালক, অভিনেতা, চিত্ৰকৰ ভবেন বৰুৱাৰ সৈতে ( ১৯ ৮৮ – ১৯৯৪ সময় চোৱাত ) প্ৰায়ে নাটকৰ কথা পাতিছিলো। কথা প্ৰসংগত এবাৰ কৈছিল — ‘নলবাৰীত আমাৰ নাটকৰ গ্ৰুপ এটা আছিল। আমাৰ সৈতে প্ৰতিবাৰে প্রতিদ্বন্দীতা হৈছিল বেলশৰৰ পৰা অহা গ্ৰুপ এটাৰ। গ্ৰুপটোৰ মূল মানুহ তিনিজন আছিল — ভৈৰৱ বৰ্মন, উগ্ৰ মেনা আৰু জীৱেশ্বৰ ডেকা। নলবাৰীত হোৱা নাটকৰ এই প্ৰতিযোগীতাত ‘ভাগ্যদেৱী’ৰ প্ৰযোজক শৰৎ মজুমদাৰে বেলশৰৰ গ্ৰুপটোৰ নাটক ভাল পাইছিল। আৰু নাটক শেষ হোৱাৰ পিছত ভৈৰৱ বৰ্মনক প্ৰস্তাৱ দিছিল : আপোনালোক ভাগ্যদেৱীলৈ ( ‘ভাগ্যদেৱী নাট্য সমিতি’ / ১৯৭০-৭১ নাট্যবৰ্ষত) আহক! আৰু সেই বছটোতে মঞ্চস্থ কৰিছিল ‘মিলন – মালা’। নাট্যকাৰ উগ্ৰ মেনাৰ, পৰিচালক ভৈৰৱ বৰ্মন, অভিনয়ত জীৱেশ্বৰ ডেকা। মিলনৰ চৰিত্ৰত জীৱেশ্বৰ ডেকাক দৰ্শকে পছন্দ কৰিছিল। আৰু সেই সময়তে জীৱেশ্বৰ ডেকাৰ গুৰুত্ব বাঢ়িছিল। … ‘ মই ‘মিলন’ক দেখা নাছিলো, ‘নন্দ পাঠক’কহে দেখিছিলো। মহেন্দ্ৰ বৰঠাকুৰৰ ৰচনা ‘দধিচী’ৰ মূল চৰিত্ৰ নন্দ পাঠক। ৪১ বছৰীয়া জীৱেশ্বৰ ডেকাই ৯৫ বছৰীয়া নন্দ পাঠকৰ চৰিত্ৰত কৰা আভিনয় আছিল পৰিপাটি ‘নাট্যচমক’ ( এই নাট্যচমকৰ বাবে জীৱেশ্বৰ ডেকাক ১৯৮৮ চনত অসম চৰকাৰে ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ প্ৰদান কৰিছিল )। ‘দধিচী’ৰ পূৰ্বে জীৱেশ্বৰ ডেকাৰ অভিনয় দেখিছিলো উগ্ৰ মেনাৰ ‘বিপ্লৱীৰ চেতনা’ত। পিছত চৰ্চালৈ আহিছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নাটক ‘দীনবন্ধু’ত কৰা অভিনয়ৰ বাবেও। ১৯৬৭ চনত ‘বেলশৰ স্মৃতি নাট্যসংঘ’ত কৰা অভিনয়ৰে ‘অভিনয় কেৰিয়াৰ’ আৰম্ভ কৰা জীৱশ্বৰ ডেকাৰ প্ৰসঙ্গত কোৱা হয় — ‘বৃদ্ধৰ চৰিত্ৰ’ৰ অপ্ৰতিদন্দী অভিনেতা। এয়া সম্ভৱ হৈছিল অভিনেতা গৰাকীৰ আঙ্গিক – বাচিক অভিনয় ক্ষমতাৰ বাবে। ২০০ৰো অধিক নাটকত অভিনয় কৰা জীৱেশ্বৰ ডেকাই নাটক লিখিছিল , নাটক পৰিচালনা কৰিছিল। কিন্তু ‘নাট্যকাৰ – পৰিচালক জীৱেশ্বৰ ডেকা’ আঁৰতে থাকি গ’ল ‘অভিনেতা জীৱেশ্বৰ ডেকা’ৰ।
Add comment