Rupaliparda.com
"নৱপ্ৰজন্মৰ প্ৰতিভা হিচাবে, সংগীত জগতখনত গানৰ শব্দ, সুৰ বোৰত ধ্যান দিয়াটো উচিত"- ৰাতুল ৰিহিত 1

“নৱপ্ৰজন্মৰ প্ৰতিভা হিচাবে, সংগীত জগতখনত গানৰ শব্দ, সুৰ বোৰত ধ্যান দিয়াটো উচিত”- ৰাতুল ৰিহিত

উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুনৰ আৱিষ্কাৰ কৰিছে আনহাতে কোনোৱে আকৌ লুপ্ত হ’বলৈ ধৰা বিষয়বোৰক আকৌ এবাৰ সাধাৰণজনৰ মাজলৈ উভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই সাংস্কৃতিক ক্ষেত্ৰখনে নিৰৱিচ্চিন্ন ভাৱে কৰিছে নিজ কাম। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়ে যদিও ক’বলৈ যাওঁ তেনেহ’লে ইয়াত প্ৰতিটো দিনত একোটা নতুন সৃষ্টি হৈছে। য’ত কোনোবাই আৰম্ভণিৰ প্ৰথমটো খোজ পেলাইছে আনহাতে কোনোৱে আকৌ নিজৰ সৃষ্টিত নতুনৰ যোগান ধৰি নিজ অনুৰাগীৰ তালিকা দীঘলীয়া কৰিছে। মুঠতে, পূৰ্বেও উল্লেখ কৰাৰ দৰেই এই ক্ষেত্ৰখনৰ এক সুন্দৰ যাত্ৰা অবিৰত ভাৱে চলি গৈ আছে। প্ৰতিবাৰৰ দৰে এইবাৰো ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাক আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। বহুকেইটা গীতেৰে তেওঁ নিজৰ প্লে-লিষ্টখন নিৰ্মাণ কৰা নাই যদিও এই সংগীত ক্ষেত্ৰখনৰ জৰিয়তে নতুনৰ সপোন দেখিছে ৰাতুল ৰিহিতে। সংগীত ক্ষেত্ৰখনত তেওঁৰ আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “সংগীত ক্ষেত্ৰখনত আচলতে সৰুৰ পৰাই জড়িত। দেউতাই নিজে বাঁহী বজোৱাৰ লগতে গানো গাইছিল, তেওঁৰ কণ্ঠৰে ভূপেন হাজৰিকা, খগেন মহন্ত আদিৰ গান শুনি শুনি শিকি আহিছোঁ। ভণ্টিৰো সংগীতত খুব আগ্ৰহ আছিল, মোক স্কুলত পঢ়ি থকা সময়ত সংগীত বিভাগৰ মঞ্জুলা দাস বাইদেউৱে এই বিষয়টোত যথেষ্ট সহায় কৰিছিল। পিছলৈ, কলেজীয়া জীৱনত মালা বাইদেউ, তন্ময় ছাৰ, মৈত্ৰেয়ী বাইদেউৰ লগতে মোৰ বন্ধুবৰ্গই যথেষ্ট সহায় কৰিছিল এই দিশত আগবাঢ়িবলৈ।

"নৱপ্ৰজন্মৰ প্ৰতিভা হিচাবে, সংগীত জগতখনত গানৰ শব্দ, সুৰ বোৰত ধ্যান দিয়াটো উচিত"- ৰাতুল ৰিহিত 2
"নৱপ্ৰজন্মৰ প্ৰতিভা হিচাবে, সংগীত জগতখনত গানৰ শব্দ, সুৰ বোৰত ধ্যান দিয়াটো উচিত"- ৰাতুল ৰিহিত 3


তেওঁ আগলৈ কয় যে, “এনেকৈয়ে আগুৱাই গৈ মোৰ প্ৰথমটো এলবাম ২০২০ চনত মুকলি কৰিছিলোঁ। “তোমাৰ ছাঁয়া” নাম আছিল এই এলবামটিৰ, বৰ্তমানেও ৰাইজক ন-ন গীত দিয়াৰ চেষ্টা অব্যাহত ৰাখিছোঁ।” এগৰাকী “শিল্পী” মানে কি প্ৰশ্ন কৰাত ৰাতুলে কয় যে, “মোৰ মতে “শিল্পী” হৈছে এনে এগৰাকী ব্যক্তি, যাৰ শিল্পৰ জৰিয়তে ৰাইজৰ মাজত সুখ-শান্তিৰ লগতে সামাজিক দায়বদ্ধতা পালন কৰিব পৰা সক্ষমতা থাকে।” এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা হিচাবে সংগীত জগতখনত তেওঁৰ কৰণীয় কি বুলি ৰূপালীপৰ্দাই কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা হিচাবে, সংগীত জগতখনত গানৰ শব্দ, সুৰ বোৰত ধ্যান দিয়াটো উচিত। আমি সদায় ভাল শব্দ, কথা আদিৰে গীত এটি সৃষ্টিত মনোনিৱেশ কৰিব লাগে যাতে পিছৰটো প্ৰজন্মই এই গীত বোৰ শুনি কিবা এটা হ’লেও আয়ত্ব কৰিব পাৰে। নতুন কিবা এটা সৃষ্টি কৰিব পাৰে।” তেওঁৰ অনাগত দিনৰ পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰাত ৰাহুলে উত্তৰ দিয়ে যে, “মোৰ অনাগত দিনত মুক্তি পাবলৈ সাজু হৈছে এটি নতুন গীত “নজনাকে নুবুজাকে”। ইয়াত মোৰ সৈতে কণ্ঠদান কৰিছে সংগীতা কাশ্যপে, শব্দ সংমিশ্ৰণ কৰিছে আলক নাথ আৰু সৌৰভে। ইয়াৰ সমান্তৰালকৈ, আন দুটি গীতৰ পৰিকল্পনা কৰি আছোঁ। ৰাইজক আমোদ তথা মনোৰঞ্জন দি যোৱাৰ অবিৰত চেষ্টা মোৰ অব্যাহত ৰাখিম বুলি মই প্ৰতিজ্ঞাবদ্ধ।”


ৰাতুল ৰিহিতৰ প্ৰতিজ্ঞা তথা নিষ্ঠাই আচলতে তেওঁক লৈ উৎসাহিত কৰিছে ৰাইজক। ৰূপালীপৰ্দাৰ তৰফৰ পৰা এওঁলৈ যাচিছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform