Rupaliparda.com
১৯৪১-৫০ খ্ৰীঃ লৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 1

১৯৪১-৫০ খ্ৰীঃ লৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ

১৯৪১-৫০ খ্ৰীঃ অসমীয়া ছবি মুঠ ৬ খন মুক্তি লাভ কৰিছিল। উক্ত বৰ্ষটোত মুক্তিপ্ৰাপ্ত “ছিৰাজ” খনেই আছিল আটাইতকৈ জনপ্ৰিয়। যাৰ বাবে দূৰ দূৰণিৰ লোকে গৰু গাড়ী লৈ হ’লেও ছবিখন চাবলৈ আহিছিল। একঘেয়ামীতাৰ পৰা আঁতৰাই “ছিৰাজ” ছবিখনে নতুনত্বৰ ঢৌ বোঁৱাইছিল বুলি ক’ব পৰা যায়। জানো আহক ১৯৪১-৫০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ বিষয়ে কিছু কথাঃ

মনোমতীঃ

১৯৪১-৫০ খ্ৰীঃ লৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 2

১৯৪১ চনৰ এপ্ৰিলৰ ৪ তাৰিখে মুক্তিপ্ৰাপ্ত এই ছবিখন পৰিচালনা কৰিছিল ৰোহিনী কুমাৰ বৰুৱাই। ১৯০০ চনত মুক্তিপ্ৰাপ্ত ৰজনীকান্ত বৰদলৈৰ একে নামৰ উপন্যাস খনক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছিল “মনোমতী” শীৰ্ষক ছবিখন। অসমত আহোম সকলে ৰাজত্ব কৰা শেষৰ দিন কেইটাক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছিল উক্ত ছবিখন। ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল মোহিনীয়ে লগতে ইয়াত সংগীত পৰিচালকৰ দায়িত্বত আছিল কমল নাৰায়ণ চৌধুৰীয়ে।

ৰূপহীঃ

১৯৪১-৫০ খ্ৰীঃ লৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 3

১৯৪৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি “ৰূপহী”। গীতিকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ দ্বাৰা নিৰ্মিত এইখনেই হৈছে প্ৰথমখন ছবি। ছবিখনত সহকাৰী পৰিচালক ৰূপে কাম কৰিছিল “জয়মতী” ছবিখনৰ সহঃপৰিচালক ৰাজেন বৰুৱাই। লুইতপাৰৰ ৰূপহীমুখ গাঁৱৰ এহাল ডেকা-গাভৰুৰ প্ৰণয় কাহিনীয়েই হৈছে ছবিখনৰ মূল ভাগ। ৪০ দশকৰ অসমীয়া সমাজ ব্যৱস্থা তথা ৰীতি-নীতি আৰু আনহাতে, পৰিৱৰ্তনকামী নৱপ্ৰজন্মক “ৰূপহী” ত সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। চহৰৰ ডেকা সকলৰ দ্বাৰা গঠিত এক সংঘ; নাম “ব্ৰতী সংঘ” ই কেনেধৰণে সাধাৰণজনক সহায় কৰিছিল তাকেই এই ছবিখনত দেখুওৱা হৈছে।“ৰূপহী” ত অভিনয় কৰিছে কানন চক্ৰৱৰ্তী, পূণ্য কোঁৱৰ, ডানকান আচাও, পদ্মধৰ চলিহা আৰু পাৰ্বতী প্ৰসাদ বৰুৱাই।

বদন বৰফুকনঃ

১৯৪১-৫০ খ্ৰীঃ লৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 4

কমল নাৰায়ণ চৌধুৰীৰ দ্বাৰা পৰিচালিত এই অসমীয়া ছবিখন মুক্তি লাভ কৰিছিল ১৯৪৭ চনৰ ১৫ এপ্ৰিল তাৰিখে। ইতিহাসৰ আহোম ৰাজত্ব কালৰ এক অধ্যায় অৰ্থাৎ বদন বৰফুকনৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল এই ছবিখন। বদন বৰফুকনে কেনেদৰে আহোম সকলক ঠগাইছিল তাৰেই কাহিনী সন্নিৱিষ্ট কৰা হৈছিল “বদন বৰফুকন” ত। ছবিখনত অভিনয় কৰিছিল লক্ষ্যধৰ চৌধুৰী, চাৰু বৰদলৈ, কামাখ্যা নাথ ঠাকুৰ, দেৱবালা চলিহা, সৰ্বেশ্বৰ চক্ৰৱৰ্তী, অমলেন্দু বাগচী আৰু কমল চৌধুৰীয়ে।

ছিৰাজঃ

১৯৪১-৫০ খ্ৰীঃ লৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 5

প্ৰথম অসমীয়া ছবি “জয়মতী” আছিল যদিও এই ছবিখন বাণিজ্যিক ভাৱে সফল হোৱা নাছিল। অসমীয়া ছবিত সফলতাৰ ধাৰা বোৱাই অনা প্ৰথমখন ছবি হৈছে “ছিৰাজ”। এই ছবিখনৰ একে নাম তথা একে কাহিনীকেই লৈ ভূপেন হাজৰিকাই ১৯৮৮ চনত “ছিৰাজ” পৰিচালনা কৰে। প্ৰথমখন ছবি “ছিৰাজ”-এ মুক্তি লাভ কৰিছিল ১৯৪৮ চনত। বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ প্ৰযোজনা আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখন চাবলৈ দূৰ দূৰণিৰ পৰা গাড়ী ভাৰা কৰি দৰ্শক আহিছিল বুলিও শুনিবলৈ পোৱা যায়।
বৰ্তমান পূৰণি “ছিৰাজ” ৰ প্ৰিন্ট পাবলৈ নাই। ছবিখন নিৰ্মাণত নাটনি হোৱা বাবে চন্দ্ৰধৰ গোস্বামীয়ে তেওঁৰ নিজ “নিপন” নামে জাহাজখন বিক্ৰী কৰি ২০ হাজাৰ টকা দিয়ে। “ছিৰাজ” ত এটা নিষ্পাপ প্ৰেমকাহিনীৰ দ্বাৰা তথাকথিত সমাজব্যৱস্থাৰ নিৰ্দয়তাৰ প্ৰকাশ কৰা হৈছে। সমাজখনে প্ৰত্যেকটো সময়তে কৰা জাতিভেদ নাইবা উচ্চ-নীচৰ সমীকৰণে প্ৰেমৰ নিষ্ঠুৰ অৱসান ঘটোৱা দেখুওৱা হৈছে চিনেমাখনত। “ছিৰাজ” ত “সাৱিত্ৰী” ৰ চৰিত্ৰটোৱে নিজ প্ৰেমক শ্ৰদ্ধা-ভক্তি কৰি অৱশেষত যেনেদৰে বিদায় ল’বলগীয়া হ’ল; তাতেই প্ৰতিফলিত কৰা হৈছে সমাজৰ কঠোৰতম নিয়মক। অৱশ্যে চিনেমাখনৰ শেষভাগ ঋণাত্মক নাছিল; সমাজ লগতে দৰ্শকক এটা ধনাত্মক বাৰ্তা প্ৰদান কৰিছিল।এই ছবিখনত অভিনয় কৰিছিল ফণী শৰ্মা, ভৱ হাজৰিকা, চন্দ্ৰধৰ গোস্বামী , বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, অম্বিকা পাটোৱাৰী, সত্যেন শৰ্মা, হৰেন শৰ্মা, সুৰেন শৰ্মা, ভবেন দাস, চামচুল হুদা, শিৱ ভট্টাচাৰ্য্য, মোচলেহ উদ্দিন আহমেদ, তুলসী দাস, হিতেশ্বৰ মহন্ত, হৰেন ভট্টাচাৰ্য্য, বীৰেন বৰবৰা, নিৰূপমা, কল্পনা ভট্টাচাৰ্য, অনুপমা ভট্টাচাৰ্য, ৰাণী পাঠক, প্ৰীতিধাৰা, কিৰণবালা, অৱন্তী আৰু
মাইনীয়ে।

পাৰঘাটঃ

১৯৪১-৫০ খ্ৰীঃ লৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 6

১৯৪৯ চনৰ আগষ্টৰ ৫ তাৰিখে মুক্তি লাভ কৰিছিল “পাৰঘাট”। প্ৰৱীণ ফুকনৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছিল প্ৰৱীণ ফুকন, চন্দ্ৰ ফুকন, জ্ঞানদা কাকতি, সৰ্বেশ্বৰ চক্ৰৱতী, সৰ্বেশ্বৰ দেৱী, ভৱেন দাস, গজেন্দ্ৰ নাথ বৰদলৈ, শৰৎ দাস, ভূবনেশ্বৰ বুজৰবৰুৱা, মলয়া দাস আৰু কমল চৌধুৰীয়ে।

বিপ্লৱীঃ

১৯৪১-৫০ খ্ৰীঃ লৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 7

১৯৫০ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন অসিত সেনৰ দ্বাৰা পৰিচালিত প্ৰথমখন অসমীয়া ছবি হৈছে “বিপ্লৱী”। অসিত সেনে পিছলৈ বাংলা আৰু হিন্দী ছবিৰ পৰিচালক ৰূপে খ্যাতি লাভ কৰে। বাংলা ছবি ক্ৰমে চলাচল, পঞ্চতপা, জীৱন-তৃষ্ণা তথা হিন্দী ছবি “মমতা, বিৰাজ বহু আদিৰ পৰিচালক হৈছে অসিত সেন। ১৯৪২ চনৰ গণ আন্দোলনৰ পটভূমিত নিৰ্মাণ কৰা হৈছিল “বিপ্লৱী” ছবিখন। নিজ দেশৰ বাবে আত্মত্যাগ কৰা এগৰাকী বিপ্লৱীৰ জীৱন কাহিনীৰে নিৰ্মাণ কৰা হৈছে উক্ত ছবিখন।
“বিপ্লৱী” ছবিখনত অভিনয় কৰিছে জগতচন্দ্ৰ বেজবৰুৱা, চন্দ্ৰকান্ত ফুকন, সাৰদাকান্ত বৰদলৈ, অনুপমা ভট্টাচাৰ্য্য, শিৱপ্ৰসাদ ভট্টাচাৰ্য্য, সন্ধ্যা দেৱী আৰু চামচুল হুদাই। আনহাতে, ছবিখনত অন্তৰ্ভূক্ত তিনিটা গীতৰ দুটাত কন্ঠদান কৰিছিল ড° ভূপেন হাজৰিকাই; লগতে আন এটি গীতত কন্ঠদান কৰে শিৱপ্ৰসাদ ভট্টাচাৰ্য্যই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform