Rupaliparda.com
১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 1

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ

১৯৫১-৬০ চনলৈ মুঠ ১৯ খন ছবিয়ে লাভ কৰিছিল মুক্তি। ভূপেন হাজৰিকা, নিপ বৰুৱা, ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত অসমীয়া ছবিসমূহে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ প্ৰয়াস কৰিছিল সেইটো সময়ত। এই দশকটোত মুক্তিপ্ৰাপ্ত ছবি সমূহ হৈছে-

ৰুণুমীঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 2

১৯৫২ চনত নিৰ্মিত নৱতম অসমীয়া চলচিত্ৰ হৈছে “ৰুণুমী”। সুৰেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা পৰিচালিত ছবিখন হেনৰিক ইবছেনৰ ৰচিত নাটক “দা ৱাৰিয়ৰ্ছ এট হেলগেলেণ্ড” ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। ১৯৫২ চনত ছবিখন যোৰহাটৰ আৰতি টকীজত মুক্তি দিয়া হৈছিল লগতে “ৰুণুমী” য়ে দৰ্শকৰ পৰা সঁহাৰিও লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ স্বত্বেও ছবিখন কোনো কাৰণ অবিহনেই সেইসময়ৰ বিষ্ণু ৰাম মেধিৰ চৰকাৰখনে ইয়াক বন্ধ কৰি দিয়ে। ফলত দৰ্শকে বৰ বেছি দিনলৈ ছবিখন উপভোগ কৰাৰ সুবিধা লাভ কৰিব নোৱাৰিলে।
অসম আৰু তেতিয়াৰ নগা পাহাৰ (নাগালেণ্ড) ত দৃশ্যগ্ৰহণৰ কাম সম্পন্ন হোৱা এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছিল কনকলতা শইকীয়া, নেয়ীমুদ্দিন আহমেদ, সুৰেশ গোস্বামী, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ আৰু হিৰণ্ময়ী দেৱীয়ে।ছবিখনৰ পৰিচালক সুৰেশ গোস্বামীৰ পৰিয়ালবৰ্গই ছবিখন বন্ধ কৰাৰ কাৰণ ৰাজহুৱা কৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰক ছবিখন পুনৰুদ্ধাৰৰ বাবেও আবেদন কৰিছে। ছবিখনত সংগীত পৰিচালক হিচাপে কাম কৰিছিল দৰ্প নাথ শৰ্মাই।

সতী বেউলাঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 3

৫০-৬০ দশকৰ অসমীয়া ছবি নিৰ্মাণত বিশেষভাৱে দেখিবলৈ পোৱা গৈছিল পৌৰাণিক তথা বুৰঞ্জীমূলক ছবিৰ ধাৰা। বুৰঞ্জীৰ আধাৰত নাইবা পুৰাণত অন্তৰ্ভূক্ত কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত ছবি সমূহ সেই সময়ছোৱাৰ আছিল বিশেষ বৈশিষ্ট্য। এনে ছবিসমূহৰ ভিতৰত নিৰ্মিত এখন ছবি আছিল “সতী বেউলা।” সুনীল গাংগুলীৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন আছিল দশম অসমীয়া ছবি। অসমীয়া আৰু বাংলা দুয়োটা ভাষাত নিৰ্মিত এই ছবিখন মূলতঃ বাংলা সংস্কৰণৰ অসমীয়া ৰূপান্তৰ আছিল। ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত ছবিখন পদ্মপুৰাণৰ “বেহুলা-লক্ষীন্দৰ” ৰ আখ্যানৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। বাংলা ভাষাৰ পৰা ছবিখন অসমীয়ালৈ অনুবাদ কৰিছিল প্ৰবীন ফুকনে। ছবি বিশ্বাসৰ লগতে ছবিখনত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতা ফণী শৰ্মাই। বঙলা ভাষাৰ ৰূপান্তৰ হোৱাৰ বাবে অসমীয়া দৰ্শকৰ ফালৰ পৰা ছবিখনে লাভ নকৰিলে আশানুৰূপ দৰ্শকৰ সঁহাৰি।

নিমিলা অংকঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 4

১৯৫৫ চনত মুক্তিপ্ৰাপ্ত একাদশ সংখ্যক অসমীয়া ছবিখন হৈছে “নিমিলা অংক”। লক্ষ্যধৰ চৌধুৰীৰ একে নামৰ নাটক খনৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই ছবিখনৰ চিত্ৰনাট্য হৈছে লক্ষ্যধৰ চৌধুৰীৰ। হাস্যৰস তথা কৰুণৰ মিশ্ৰিত ৰস থকা এই ছবিখনে অসমীয়া ছবিৰ ধাৰা সলনি কৰাত সহায় কৰিছিল। “ছিৰাজ” ৰ বাহিৰে অসমীয়া কোনো ছবিয়ে সফলতাৰ মুখ নেদেখাত ছবি নিৰ্মাণৰ বাবে প্ৰযোজক পোৱাত অসুবিধা হৈছিল। ফলত, ছবি নিৰ্মাণৰ বাবে চান্দাৰ ব্যৱস্থা কৰা হৈছিল। “নিমাতী কইনা” ছবিখনত অভিনীত কেৱল মাত্ৰ অনুপমা ভট্টাচাৰ্যকহে মাননী দি ৰখা হৈছিল; বাকী প্ৰত্যেক কলা-কুশলীক কাপোৰৰ টোপোলা উপহাৰ স্বৰূপ দিয়া হৈছিল। সাংসাৰিক জীৱনৰ অভাৱ-অনাটন সমূহ দেখুৱাই নিৰ্মাণ কৰা এই ছবিখনৰ মূল লক্ষ্য আছিল নিতৌ অভাৱ অনাটনৰ মাজত জীয়াই থকা তাৰণাক প্ৰদৰ্শিত কৰা। ৬৪ হাজাৰ টকীয়া বাজেটৰ এই ছবিখন গুৱাহাটীৰ ছয়-মাইল, পাঞ্জাবাৰী, ৰাজগড়, ফটাশিল আদি ঠাইত চিত্ৰগ্ৰহণ কৰা হৈছিল।
ছবিখনত অভিনয় কৰিছিল লক্ষ্যধৰ চৌধুৰী, অনুপমা চক্ৰৱৰ্তী, গিৰিজা বেগম, ইৰা, ইলা, লীলা, মঞ্জু, মোৱাজ্জিন আলি, জীৱেশ্বৰ চক্ৰৱৰ্তী, হৰেন দাস, বিভূতি চক্ৰৱৰ্তী, যদু বৰা, সূৰ্য বৰা, হেমেন বৰুৱা, যাদৱ দাস, গংগা শৰ্মা, ক্ষীৰদা বিষয়া, প্ৰবোধ দাস, জীৱন শ্ৰীৰাম মেধি, শংকৰ দাস, ধীৰেন দাস, হীৰেন চাহু, ছৌকৎ বদিউৰজ্জামাল, জিণ্টু দত্ত, ললিত বৰা, পূৰ্ণ বৰুৱা, বিমল নাথ, মহম্মদ তাহেৰ, ধৰ্মেশ্বৰ মহন্ত, বীৰেন দত্ত, চাম হুদ, কেশৱ নাথ, তফজ্জুল আলি, আৰ. এন. গোৱেঙ্কা, তাহেউৰ জামাল, ধীৰাজ দাস,ৰমেশ দাস, মহেন্দ্ৰ বৰদলৈ, কিশোৰী পাঠক, কৰুণা শৰ্মা, বকুল বৰুৱা, বীৰেন নাহা আৰু প্ৰিয় দাসে।

পিঁয়লি ফুকনঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 5

১৯৫৫ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন পৰিচালনা কৰিছিল ফণী শৰ্মাই। পিয়লী ফুকনৰ জীৱন কাহিনীৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল গামা প্ৰসাদ আগৰৱালায়ে (ৰূপজ্যোতি প্ৰডাকচন)। ছবিখনত অভিনয় কৰিছিল ফণী শৰ্মা,ৰেবেকা আচাও, ইভা আচাও, চন্দ্ৰধৰ গোস্বামী, হীৰেণ চৌধুৰী, জ্ঞানদা কাকতি, বীণা দাস মান্না,ৰমেশ শৰ্মা, তুলসী দাস, ভূপেন বৰুৱা, দূৰ্গা গোস্বামী, বিবেক আগৰৱালা, নেইমুদ্দিন, ঝৰ্ণা আৰু নয়নীয়ে।

সৰাপাতঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 6

কেৱল মাত্ৰ ২১ বছৰ বয়সতে আনোৱাৰ হুছেইনে পৰিচালনা কৰা অসমীয়া ছবিখন হৈছে “সৰাপাত”। ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ প্ৰিন্ট বৰ্তমানেও “নেশ্বনেল ফিল্ম অৰ্কাইভ অৱ ইণ্ডিয়া” ত সংৰক্ষণ কৰি ৰখা হৈছে। সমগ্ৰ ভাৰততেই ইমান কম বয়সত কোনোৱে পৰিচালনাৰ বৃত্তিত নমা নাছিল।
ধনী-দুখীয়াৰ মাজত হোৱা এক উচ্চ-নীচৰ ভাৱক কেন্দ্ৰ কৰি “সৰাপাত” নিৰ্মাণ কৰা হৈছিল। মৌজাদাৰৰ ঘৰত আশ্ৰয় লৈ থকা শেৱালি আৰু মৌজাদাৰৰ পুত্ৰ জীৱনৰ প্ৰেম কাহিনীত খলনায়ক হিচাপে থকা মৌজদাৰৰ দ্বিতীয় পত্নী সাৱিত্ৰীক কেন্দ্ৰ কৰিয়েই ঘূৰিছে “সৰাপাত” ৰ কাহিনীভাগ। সাৱিত্ৰীৰ কু-বুদ্ধিৰ বাবেই থান-বান হৈ পৰে মৌজাদাৰৰ সুখৰ সংসাৰ। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।”সৰাপাত” ত অভিনয় কৰিছিল ফণী শৰ্মা, গিৰিশ চৌধুৰী, জ্ঞানদা কাকতি, অনুপমা ভট্টাচাৰ্য, ৰুণুমী ভট্টাচাৰ্য, ধীৰু ভূঞা, হেমেন চৌধুৰী,শৈলধৰ বৰুৱা আৰু শিশু শিল্পী জ্বলী হাজৰিকাই।

স্মৃতিৰ পৰশঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 7

১৯৫৬ চনত মুক্তি প্ৰাপ্ত এই ছবিখন পৰিচালনা কৰিছিল নিপ বৰুৱাই। বৰুৱা আৰ্টছ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ সংগীত পৰিচালক ৰূপে আছিল ব্ৰজেন বৰুৱা। উক্ত ছবিখনত অভিনয় কৰিছিল দূৰ্গেশ্বৰ বৰঠাকুৰ, নিভা বৰুৱা, তুলসী গোবিন্দ বৰুৱা, ননী কাকতি, ৰম্ভা বৰুৱা, যদু বৰা, গিৰিণ বৰুৱা, তৰুণ নাথ, চামচুল হুডা, অমলেন্দু বাগচী, বিমল নাথ আৰু ঋষিকেশ মূখাৰ্জীয়ে।

লখিমীঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 8

১৯৫৬ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “লখিমী”। ভৱেন দাসৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা লখিমী প্ৰডাকচনচৰ লগতে ছবিখনৰ সংগীত আছিল ব্ৰজেন বৰুৱাৰ। সেউজী গাঁৱৰ বাসিন্দা মধু মাষ্টৰৰ পৰিয়ালৰ বিভিন্ন ঘটনা-পৰিঘটনাৰে নিৰ্মিত কাহিনীয়েই হৈছে “লখিমী”।
মধু মাষ্টৰৰ পুত্ৰৰ বিধৱা বোৱাৰী লখিমীয়ে ঘৰৰ প্ৰত্যেকটো সদস্যক নিজ মৰম-স্নেহেৰে বান্ধি ৰাখিছিল যদিও লখিমীৰ এই ব্যৱহাৰত ইৰ্ষান্বিত হৈ মাষ্টৰৰ দ্বিতীয় পত্নীয়ে তাইক নিজ পিতৃ গৃহলৈ পঠিয়াই দিয়ে। কিন্তু পিছলৈ ঘটনাক্ৰমে, মাষ্টৰৰ দ্বিতীয় পত্নীৰ চকু খোল খায় আৰু পুনৰবাৰ লখিমীক আদৰি লয়। এয়াই হৈছে “লখিমী” ৰ কাহিনীভাগ। ছবিখনত অভিনয় কৰিছে প্ৰবীণ ফুকন, জ্ঞানদা কাকতি, ৰাণু ডেকা, বিমল বৰুৱা, অনিল দাস, শুভ বৰুৱা, অমলেন্দু বাগ্চী, পূৰ্ণিমা বৰুৱা, বিমল নাথ আৰু শিশু গশিল্পী কল্পনা বৰুৱাই।

এৰা বাটৰ সুৰঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 9

১৯৫৬ চনত ড° ভূপেন হাজৰিকাৰ পৰিচালনাৰে আৰু বি.পি ফিল্মৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখন মুক্তি লাভ কৰিছিল ১৯৫৬ চনৰ ৩০ নৱেম্বৰ তাৰিখে। ইয়াত অভিনয় কৰিছিল ফণী শৰ্মা, বিষ্ণু প্ৰসাদ ৰাভা, বলৰাজ সাইনী, বিজয় শংকৰ, ইভা আচাওঁ, তাচ্ছাডুক ইউচুফ, অনিল দাস আৰু পূণ্য দেউৰা আদিয়ে।

মাক আৰু মৰমঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 10

১৯৫৭ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন আছিল সামাজিক ধৰ্মী। নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত দ্বিতীয় খন ছবি হোৱাৰ উপৰিও “মাক আৰু মৰম” ছবিখনৰ প্ৰযোজনা কৰিছিল ব্ৰজেন বৰুৱাই। ইয়াত অভিনয় কৰিছিল ব্ৰজেন বৰুৱা ,দ্বিৱন বৰুৱা, নিজৰা চৌধুৰী, নেইমুদ্দিন, ভোলা কাকতি, নীৰা, অমলেন্দু বাগচী আৰুমাষ্টাৰ অমৰজ্যোতি আদিয়ে।

ধুমুহাঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 11

১৯৫৭ চনত মুক্তিপ্ৰাপ্ত এখন অন্যতম কলা-বগা অসমীয়া ছবি হৈছে “ধুমুহা”। ফণী শৰ্মাৰ কাহিনী, চিত্ৰনাট্য, পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ সংগীত আছিল ড° ভূপেন হাজৰিকাৰ। ড° ভূপেন হাজৰিকাকো অতিথি শিল্পী ৰূপে কিছু সময়ৰ বাবে উক্ত ছবিখনত দেখিবলৈ পোৱা যায়।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত অসমীয়া ব্যৱসায়ী এগৰাকীৰ পুত্ৰৰ কাহিনীৰে আগবাঢ়ে ছবিখনৰ কাহিনীভাগ। দূৰ্ভাগ্য বশতঃ ব্যৱসায়ী জনৰ পৰিয়ালবৰ্গ জাপানৰ আগ্ৰাসনৰ প্ৰকোপত অসমলৈ উভতি আহে যদিও তেওঁলোকৰ হাতৰ পৰা হেৰাই যায় তেওঁলোকৰ পুত্ৰ “পোনা”। পিছলৈ, এই “পোনা” ডাঙৰ হৈ ব্যৱসায়ীজনৰ ঘৰতেই অৰ্থাৎ নিজ পিতৃ-মাতৃৰ তাত লগুৱা ৰূপে থাকিবলৈ লয়। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।ছবিখনত অভিনয় কৰিছিল ফণী শৰ্মা,তুলসী দাস, চন্দ্ৰধৰ গোস্বামী, হিতেশ্বৰ মহন্ত, কুলেন গোস্বামী, দুলাল গোস্বামী, অমলেন্দু বাগছি, দূৰ্লভ শইকীয়া, দয়াল দত্ত, তৰুণ দুৱৰা আৰু চামছুল হুদায়ে।

ৰঙা পুলিচঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 12

১৯৫৮ জানুৱাৰী মাহত মুক্তিপ্ৰাপ্ত “ৰঙা পুলিচ” প্ৰথমখন অসমীয়া ছবি যিয়ে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল। যোৰহাটত গঢ় লৈ উঠা “মিলিত শিল্পী সমাজ” নামৰ এটা সাংস্কৃতিক অনুষ্ঠানে ৰমেশ শৰ্মাই ৰচনা কৰা “ৰঙা পুলিচ” নামে নাটখন নিবেদন কৰিছিল। নাটখনক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছিল “ৰঙা পুলিচ”। নাটখন চাবলৈ তাত উপস্থিত হৈছিল নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱা। ছবিখনত অভিনয় কৰে জ্ঞানদা কাকতি, নিপ বৰুৱা,ডা: মুনিন বৰুৱা, তিলমিজুৰ ৰহমান, চৈয়দ আব্দুল মালিক, আব্দুল মজিদ, ভোলা কাকতি, বীণা বৰুৱা, নন্দেশ্বৰ,অমৰ, ছাত্তৰা, চক্ৰেশ্বৰ, জুলকিৰণ,দীপ আৰু ৰীণাই।

নতুন পৃথিৱীঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 13

১৯৫৮ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ পৰিচালনা কৰিছিল আনোৱাৰ হুচেইন। ছবিখনত সংগীত পৰিচালক ৰূপে কাম কৰিছিল মুকুল বৰুৱা আৰু ৰাজেশ্বৰ বৰদলৈয়ে। ছবিখনত অভিনয় অনুপমা ভট্টাচাৰ্য্য, বিমল নাথ, বেবী ৰুমা, পদ্ম দেৱী, সৰ্বানন্দ পাঠক, মলয়া দাস, তন্দ্ৰা বৰ্মন আৰু হেমেন চৌধুৰীয়ে।

ভক্ত প্ৰহ্লাদঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 14


৫০-৬০ দশকত যেতিয়া অসমীয়া ধৰ্মমূলক ছবি নিৰ্মাণৰ এক ঢৌ উঠিছিল; ঠিক সেইটো সময়তে নিৰ্মিত ভক্তিমূলক ছবি সমূহৰ ভিতৰত উল্লেখযোগ্য এখন আছিল “ভক্ত প্ৰহ্লাদ”। ১৯৫৮ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ পৰিচালনা তথা প্ৰযোজনা কৰিছিল নিপ বৰুৱাই। লগতে, ছবিখনৰ কাহিনী সংগ্ৰহ কৰিছিল অমলেন্দু বাগ্চীয়ে।
সত্যযুগত বিষ্ণুভক্ত প্ৰহ্লাদৰ নিজ পিতৃয়ে কেনে দূৰ্দশা কৰে তাৰেই কাহিনীভাগ দেখুওৱা হৈছে ছবিখনত। বিষ্ণুভক্তি তথা ভগৱানৰ ওপৰত ৰখা আশ্বাসৰ বলত কেনেদৰে দুখ-দূৰ্গতিৰ পৰা ৰক্ষা পাব পাৰি তাৰেই হৈছে “ভক্ত প্ৰহ্লাদ” ৰ কাহিনীভাগ। ছবিখনত অভিনয় কৰিছে সৰ্বেশ্বৰ চক্ৰৱৰ্তী, ফণী শৰ্মা, ইভ আচাও, শৰত দাস, অমলেন্দু বাগ্চী আৰু মানিক দাসে।

কেঁচা সোণঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 15

১৯৫৯ চনত অসম চৰকাৰৰ দ্বাৰা মুক্ত প্ৰথম খন অসমীয়া ছবি হৈছে “কেঁচা সোণ”। ফণী শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আছিল ভৰত বৰপূজাৰীৰ। লগতে, ছবিখনৰ সংগীত আছিল ড° ভূপেন হাজৰিকাৰ। এখন চাহ বাগিছাৰ বনুৱা শ্ৰেণীৰ লোক তথা বৰবাবু জগন্নাথ ভূঞাৰ কাহিনীক কেন্দ্ৰ কৰিয়েই ঘূৰিছে “কেঁচা সোণ”।
জগন্নাথে প্ৰায়ে বনুৱা শ্ৰেণীৰ লোক সকলক ওপৰত উঠাবলৈ চেষ্টা কৰিছিল যদিও এবাৰ তাৰেই এগৰাকী ডাক্তৰৰ সৈতে মতভেদৰ সৃষ্টি হয় আৰু তেওঁ বাগিচাখন এৰিবলগীয়াত পৰে। গাঁৱলৈ উভতি আহি জগন্নাথ অসহযোগ আন্দোলনৰ সৈতে জড়িত হৈ পৰে। তেনে সময়তে বনুৱা এজনৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰক জগন্নাথে নিজ ঘৰলৈ লৈ আনি পঢ়াই-শুনাই ডাঙৰ দীঘল কৰে। ইয়াৰ পিছতেই ঘটা কিছু ঘটনাৰ আঁৰ লৈ নিৰ্মাণ কৰা হৈছিল “কেঁচা সোণ”। ছবিখনত অভিনয় কৰিছে চন্দ্ৰধৰ গোস্বামী, ইভা আচাও, ৰেবেক আচাও, মনোমতী গগৈ, তিলক দুৱৰা, গোলাপ শৰ্মা, অজিত সিংহ, গগন বৰুৱা, বিভূতি কলিতা, ভৰত বৰপূজাৰী, প্ৰীতি বৰা আৰু স্বাগতা চক্ৰৱৰ্তীয়ে।

চাকনৈয়াঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 16

১৯৫৯ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “চাকনৈয়া”। দুই ভাতৃৰ ভাতৃত্ববোধ তথা দায়িত্ববোধৰ কাহিনীৰে নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিছিল শৈল বৰুৱাই। দূৰ্গেশ্বৰ বৰুৱাৰ চিত্ৰনাট্য, কাহিনী, সংলাপেৰে ৰচিত এই ছবিখনৰ প্ৰযোজনাৰ দায়িত্ব লৈছিল অতুল বৰুৱা আৰু দেৱেন মেধিয়ে।
দুই ভাতৃ ক্ৰমে জুবিন আৰু গোবিনে ঘটনাৰ পাকচক্ৰত সোমাই দূৰ হ’বলগীয়া হয়। গোবিনে নিজৰ ঘৈণীয়েকৰ কথা মতে ভায়েকৰ পৰা দূৰ হৈ যায়। কিন্তু, পিছলৈ ভাতৃ স্নেহৰ পৰা বিৰত থাকিব নোৱাৰি দুয়ো দুয়োৰে কাষ চাপে। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।ছবিখনত অভিনয় কৰিছে জ্ঞানদা কাকতি,বীণা বৰুৱা, তুলসী দাস, সৰ্বেশ্বৰ চক্ৰৰ্ৱতী, বেলা দালাল, অনুশ্ৰী বৰদলৈ, সুবোধ গগৈ, দূৰ্গেশ্বৰ বৰঠাকুৰ আৰু অনিল দাসে।

পূবেৰুণঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 17

১৯৫৯ চনত মুক্তিপ্ৰাপ্ত “পুবেৰুণ” হৈছে প্ৰথম খন অসমীয়া ছবি; য’ত বিদেশী শিল্পীয়ে অভিনয় কৰে। প্ৰভাত মূখাৰ্জীৰ দ্বাৰা পৰিচালিত তথা কে.চি ৰয় আৰু পাজি দাসৰ দ্বাৰা প্ৰযোজিত এই ছবিখন মাতৃ-পুত্ৰৰ সম্পৰ্কৰ কিছু ঘাত-প্ৰতিঘাতৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হয়। ছবিখনত অভিনয় কৰে জ্ঞানন্দা বৰুৱা, ৰাধা গোৱিন্দ বৰুৱা, গ্ল’ৰিয়া, বীণা বৰুৱা, মাৰ্গাৰেট এণ্ডাৰছন, ৰেবেকা আচাও, তচদ্দুক ইউচুফ, পাজী দাস, চঞ্চল দাস, ডাঃ খগেন ৰায়, গৌতম বৰুৱা আৰু বেবী ৰুমাই।

আমাৰ ঘৰঃ

১৯৫১-৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 18

১৯৫৯ চনত মুক্তি পাইছিল অসমীয়া “আমাৰ ঘৰ” শীৰ্ষক ছবিখনে। ছবিখনৰ পৰিচালনা কৰিছিল নিপ বৰুৱাই। ছবিখনৰ বিষয়ে অধিক জানিব পৰা হোৱা যদিও ক’ব পাৰি যে নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত “আমাৰ ঘৰ” হৈছে এখন পৰিয়ালকেন্দ্ৰিক ছবি। আছলতে, নামটোৱে দৰ্শকক ছবিখনৰ কিছু আভাষ দিয়াত সহায় কৰে। ছবিখনত অভিনয় কৰিছিল বিজয় শংকৰ আৰু বিনা বৰুৱাই। ১৯৫৯ চনৰ ৪ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰা এই ছবিখনৰ সংগীত পৰিচালক হিচাপে কাম কৰিছিল নিপ বৰুৱাৰে ভাতৃ ব্ৰজেন বৰুৱাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform