Rupaliparda.com
"লখিমী" ৰ সৈতে সাজু হৈছে বিশ্বজিৎ বৰাঃ ৫ চেপ্তেম্বৰ তাৰিখে মুকলি হ'ব ট্ৰেইলাৰ- 1

“লখিমী” ৰ সৈতে সাজু হৈছে বিশ্বজিৎ বৰাঃ ৫ চেপ্তেম্বৰ তাৰিখে মুকলি হ’ব ট্ৰেইলাৰ-

বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষটোৱে এটা দুটাকৈ হ’লেও কিছু ভাল খবৰৰ সন্ধান দিছে; মনোৰঞ্জন ক্ষেত্ৰখনত ইখনৰ পিছত সিখনকৈ ছবিৰ মুক্তিৰ খবৰে প্ৰতিজন দৰ্শককে উৎসাহিতও কৰি ৰখাত সক্ষম হৈছে। বিগত বৰ্ষত মুক্তিপাবলগীয়া অধিকাংশ ছবিয়ে চলিত বৰ্ষত মুক্তি পাবলৈ সাজু হৈছে। কেৱল মাত্ৰ অসম বুলিয়ে নহয়; মুম্বাইতো প্ৰচাৰ চলি থকা অসমীয়া ছবি “লখিমী” ৰ মুক্তিৰ তাৰিখ ইতিমধ্যে সুনিশ্চিত কৰা হৈছে; অহা ২৪ চেপ্তেম্বৰ তাৰিখে বিশ্বজিৎ বৰাৰ পৰিচালনাৰে মুক্তি পাবলৈ সাজু হৈছে উক্ত ছবিখন। অৱশ্যে বিগত সময়ছোৱাত ছবিখনৰ টিজাৰ তথা দুটাকৈ গীতক ইউটিউব যোগে দৰ্শকৰ সমুখত মুকলি কৰি দিয়া হৈছিল। এইবাৰ ডিজিটেল প্লেটফৰ্ম Moviesaints.com ৰ যোগেদি এই ছবিখন উপভোগ কৰিবলৈ পাব দৰ্শকে। বিশ্বজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনক লৈ আচলতে প্ৰত্যেকজন অসমীয়া দৰ্শক উৎসাহিত হৈ পৰিছে; নহ’বওঁনো কিয়? তেওঁৰ পৰিচালনাৰে নিৰ্মিত “বেলকনিত ভগৱান” শীৰ্ষক ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ছবি সমাৰোহত দৰ্শকৰ বহুল প্ৰশংসা লাভ কৰাৰ উপৰিও ছবিখনে সফলতা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে। গতিকে, “লখিমী” ছবিখনক লৈও দৰ্শকৰ উৎকন্ঠা পৰিলক্ষিত হৈছে।

"লখিমী" ৰ সৈতে সাজু হৈছে বিশ্বজিৎ বৰাঃ ৫ চেপ্তেম্বৰ তাৰিখে মুকলি হ'ব ট্ৰেইলাৰ- 2
"লখিমী" ৰ সৈতে সাজু হৈছে বিশ্বজিৎ বৰাঃ ৫ চেপ্তেম্বৰ তাৰিখে মুকলি হ'ব ট্ৰেইলাৰ- 3


জানিব পৰা মতে, বিশ্বজিৎ বৰাই “লখিমী” ছবিখনত এখন গাওঁৰ সম্প্ৰতি সময়ছোৱাৰ ৰাজনৈতিক প্ৰেক্ষাপটত চলি থকা কিছু ঘটনা-পৰিঘটনাৰ কাহিনী সংযোজন কৰিছে। আমেৰিকা নিবাসী ভাৰতীয় মূলৰ মহেশ চিৰলাৰৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ, পৃথ্বীৰাজ ৰাভা, অৰুণ বৰা, বিনোদলাল দাস, দীনেশ গগৈ, জ্যোতিৰূপা বৰা, অজয় ভৰালী, প্ৰবীণ দাস, ৰাগিনী বৰাকে আদি কেইবাগৰাকীও ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে। ৯৪ মিনিট দৈৰ্ঘ্যৰ “লখিমী” ৰ প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্বত আছে অসীম শইকীয়া। ইয়াৰ উপৰিও ছবিখনত তিনিখন ন-মুখৰ আগমণ ঘটিছে সেইকেইজন হ’ল ক্ৰমে আমেৰিকাস্থিত লোভা চিৰলা লগতে পৰিচালক দীনেশ গগৈৰ কন্যা স্বাধীনতা গগৈকো প্ৰথমবাৰৰ বাবে ছবিখনত দেখিবলৈ পাব দৰ্শকে আৰু ইয়াৰ উপৰিও পোন প্ৰথমবাৰৰ বাবে মুম্বাইস্থিত অসম সন্তান মডেল গীতাৰ্থ বৰাই অভিনয় কৰিছে উক্ত ছবিখনত।

"লখিমী" ৰ সৈতে সাজু হৈছে বিশ্বজিৎ বৰাঃ ৫ চেপ্তেম্বৰ তাৰিখে মুকলি হ'ব ট্ৰেইলাৰ- 4


নিজ চচিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে পৰিচালকগৰাকীয়ে ছবিখনৰ মুক্তিৰ তাৰিখ ব্যক্ত কৰে জনসাধাৰণৰ সমুখত। “লখিমী” ক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform