Rupaliparda.com

ফৰাহ খানে ইণ্ডাষ্ট্ৰীক দিছে দুগৰাকী জনপ্ৰিয় অভিনেত্ৰী, এক দীপিকা পাডুকন-দুই হৈছে ৰাখী সাৱন্তঃ

ছবি নিৰ্দেশক ফৰাহ খান শেহতীয়াকৈ এটা কমেডী শ্ব’ ৰ বিচাৰত হিচাবে উপস্থিত হৈছিল। এই সময়ছোৱাত তেখেতৰ সৈতে দেখিবলৈ পোৱা গৈছিল ৰাখী সাৱন্ত, ৰবি কিশন আৰু অনু মালিককক। ৰাখী সাৱন্তে এই শ্ব’টোৰ জৰিয়তে নিজ সংগ্ৰামৰ দিনৰ কেতবোৰ কথা জনসাধাৰণৰ মাজত ব্যক্ত কৰে। ৰাখী সাৱন্তে জনাই যে তেওঁৰ লোকপ্ৰিয়তাৰ আঁৰৰ কাৰণ অইন কোনো নহয়, সেয়া হৈছে ফৰাহ খান। ফৰাহ খানে তেওঁক এই ইণ্ড্ৰাষ্ট্ৰীটোত আহিবলৈ সুযোগ প্ৰদান কৰিছিল, ফৰাহ খানে নিজেও সেই সময়ত ৰাখীক প্ৰশংসা কৰি কয় যে, “মই এই ছবি জগতখনক দুগৰাকী ডাঙৰ কলাকাৰ দিছোঁ, এগৰাকী দীপিকা পাডুকন আৰু দ্বিতীয়গৰাকী হৈছে ৰাখী সাৱন্ত। দুয়োগৰাকীয়ে অভিনেত্ৰী, কিন্তু মই ক’বলৈ বিচাৰিম যে ৰাখীয়ে সময়ক প্ৰাধান্য প্ৰদান কৰে। যথেষ্ট কষ্ট কৰে, তেওঁৰ ব্যৱহাৰ বহুল ভাল আৰু তেওঁ সন্মান জনক ভাৱে প্ৰত্যেকৰে লগত কথা পাতে। “মে হু না” ৰ চেটত তেওঁ বহুত ভাল ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ বাবে মই তেওঁক সন্মান জনাইছোঁ। ৰাখীয়ে কয় যে, “মই জীৱনত বহুত সংঘৰ্ষ কৰিছোঁ, মই প্ৰতিটো বস্তুৰ বাবে অডিশ্বন দিছিলোঁ। মই যেতিয়া অনুভৱ কৰিছিলোঁ যে মোক অডিশ্বনলৈ মতা হোৱা নাই তেতিয়া মই তেওঁলোকৰ অফিচলৈ গৈ নিবেদন কৰিছিলোঁ।


মোৰ মাই মোক কৈ থৈছিল সংগ্ৰাম হ’ব কিন্তু এদিন মই হেলেন, মাধুৰীৰ দৰে এগৰাকী অভিনত্ৰী হ’ম। মই এক বাতি দালি খাই কটাইছিলোঁ যদিও কাম পোৱা নাছিলোঁ। এদিন মোৰ তাত ফৰাহ খানৰ অফিচৰ পৰা ফোন আহিছিল, তেওঁলোকৰ ফালৰ পৰা মোক শ্বাহৰুখ খানৰ অফিচত অডিশ্বনৰ বাবে মাতিছিল। মই হতবাক হৈ মূৰ ঘূৰাই পৰিছিলোঁ সেইদিনা, মায়ে মোক সেইদিনাও দালি খোৱাই অডিশ্বনলৈ যাবলৈ সাহস দিছিল।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.