১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “জয়মতী” মুক্তিৰ পিছত অসমীয়া ছবিয়ে যেন প্ৰাণ পাই উঠিছিল। একাধাৰে ১৯৩০ বৰ্ষটোৰ পৰা ১৯৪০ বৰ্ষলৈ অসমীয়া ভাষাত মুঠ ২ খন ছবি নিৰ্মাণ হৈছিল; য’ত দুখন ছবিয়েই আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ। অসমীয়া ছবি ধাৰাটো সেইটো সময়ৰ পৰা বৰ্তমানলৈ একেদৰেই বৰ্তি আছে। জানো আহক ১৯৩৫ চনৰ পৰা পিছলৈ মুক্তিপ্ৰাপ্ত ছবিসমূহৰ বিষয়ে কিছু কথাঃ
জয়মতীঃ
২০২০ চনৰ মাৰ্চৰ ১০ তাৰিখে “জয়মতী” ছবিখনে অতিক্ৰম কৰিছিল মুঠ ৮৫ টা বৰ্ষ। ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া ছবি “জয়মতী” য়ে। কলিকতাৰ ৰৌণক থিয়েটাৰত ১০ মাৰ্চত মুকলি কৰা এই ছবিখনৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনৰ পৰা। ভোলাগুৰি চাহ বাগিচাত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজাববীয়াকৈ সজাই লৈছিল “চিত্ৰৱন ষ্টুডিঅ”। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুক্তি লাভ কৰা এই ছবিখনে দৰ্শকৰ আশানুৰূপ সঁহাৰি লাভ নকৰাৰ ফলত বহু লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। উল্লেখ্য যে, দৰ্শকক আকৰ্ষিত কৰিব নোৱাৰাৰ বাবে সম্পূৰ্ণ দোষ নিজৰ ওপৰত লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছবিখন হেৰাই যোৱা বুলি মানি লোৱা হৈছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই ছবিখনৰ সাতোটা ৰীল গেৰেজ ঘৰত পৰি থকা আৱিষ্কাৰ কৰে। সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ আধাৰত নিৰ্মিত “জয়মতী” ত ৰাছিয়ান চলচিত্ৰৰ মন্তাজৰ প্ৰকাশ দেখা পোৱা যায়।
“জয়মতী” ত অভিনয় কৰিছিল আইদেউ সন্দিকৈ, স্বৰ্গজ্যোতি বৰুৱা, মনোভিৰাম বৰুৱা, ফণী শৰ্মা, স্নেহ চন্দ্ৰ বৰুৱা, নৰেন বৰদলৈ, ৰানা বৰুৱা, চামচুল হক, ৰাজেন বৰুৱা, পুতুল হক, প্ৰতাপ বৰুৱা, ৰাজকুমাৰী গোহাই, সুবৰ্ণৰেখা শইকীয়া, ললিত, মোহন চৌধুৰী, বনমালী দাস, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, কমলা প্ৰসাদ আগৰৱালা, ফুনু বৰুৱা আৰু মোহিনী ৰাজকুমাৰীয়ে। ছবিখনৰ মুঠ বস্ক অফিচ কালেকচন আছিল ১.৪৮ টকা।
ইন্দ্ৰমালতীঃ
উক্ত বৰ্ষটোত মুক্তিপ্ৰাপ্ত দ্বিতীয়খন ছবি আছিল “ইন্দ্ৰমালতী”। সতী টকিজত ১৯৩৯ চনৰ ৩০ জুলাই তাৰিখে ইয়াৰ প্ৰিমিয়াৰ কৰা হৈছিল। জ্যোতিপ্ৰসাদৰ পৰিচালনা তথা প্ৰযোজনাৰ দ্বিতীয়খন অসমীয়া বোলছবি “ইন্দ্ৰমালতী”। বহুতেই কয় যে, জয়মতীত হোৱা লোকচানৰ বান্ধ মাৰিবলৈ এই ছবিখন প্ৰস্তুত কৰা হৈছিল। আছলতে, জ্যোতিপ্ৰসাদে নিজেও কৈছে “ফিল্মখনৰ অৰ্থক্ষতি আৰু সৌন্দৰ্য্য হানি কৰিও খৰচ কমাই ৰখা হৈছে। টকা খৰচ কমাবলৈকে ছবিখনৰ বহুত ঠাইত কথাৰ বহুলতা কমাই পেলোৱা হৈছে আৰু তাৰ বাবে ছবিখনৰ সৌন্দৰ্য্য হানি নোহোৱাকৈ থকা নাই।” এই ছবিখন নিৰ্মাণৰ মুঠ বাজেট আছিল মুঠ ১৫ হাজাৰ টকা।দৰাচলতে, “ইন্দ্ৰমালতী” ছবিখন এটা প্ৰেম কাহিনীৰ ওপৰত আধাৰিত। জ্যোতিপ্ৰসাদৰ স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। বহিঃদৃশ্যৰ শ্বুটিং সম্পন্ন কৰা হৈছিল তেজপুৰৰ মিছন চাৰিআলিত আৰু অন্তঃদৃশ্যৰ শ্বুটিং কৰা হৈছিল কলিকতাৰ নাৰিকেলডোংগাৰ অৰোৰা ষ্টুডিঅ’ত।
ছবিখনৰ মূখ্য চৰিত্ৰ দুটাৰ নাম আছিল ইন্দ্ৰ+মালতী আৰু, নাম দুটা লৈয়ে ছবিখনৰ নাম দিয়া হৈছিল। ছবিখনৰ সম্পূৰ্ণ অংশ বৰ্তমান নাই। ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেও অভিনয় কৰিছিল। ইয়াৰ লগতে ছবিখনত অভিনয় কৰিছে মনোভিৰাম বৰুৱা,ফণী শৰ্মা, জ্ঞানদাভিৰাম বৰুৱা, ডাঃ ললিত মোহন চৌধুৰী,থানু বৰা ,ভূপেন হাজৰিকা,ৰাসেশ্বৰী বৰুৱা,উপা কটক, অন্ন বুজৰবৰুৱা,বেদানন্দ শৰ্মা,খৰ্গেশ্বৰ আগৰৱালা,মণি লাহিড়ী,গজেন বৰুৱা,কাশীকান্ত শইকীয়া,শুভ বৰুৱা,হেমলতা কলিতা,আৰু ঘনকান্ত সিংহই।
১৯৩০ চনত অসমীয়া ছবিৰ পাতনি মেলা হৈছিল যদিও ই ঠন ধৰি উঠিছিল ১৯৭০ চনতহে। ১৯৭০ চনত কেইবাখনো অসমীয়া ছবিয়ে মুক্তি লাভ কৰাৰ লগতে দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।
Add comment