Rupaliparda.com
সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু আৰু মৰ্মাহত সকলোঃ 1

সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু আৰু মৰ্মাহত সকলোঃ

হিন্দী টেলিভিছন ক্ষেত্ৰখনৰ জনপ্ৰিয় অভিনেতা আৰু বিগ বছ বিজেয়তা সিদ্ধাৰ্থ শুক্লাৰ আকস্মিক মৃত্যুৰ ঘটনাই প্ৰত্যেককে মৰ্মাহত কৰিছে। ৰিপোৰ্টনুসৰি, সিদ্ধাৰ্থ শুক্লাই হৃদৰোগত আক্ৰান্ত হৈ আকোঁৱালিছে মৃত্যুক। অভিনেতা গৰাকী বয়স আছিল ৪০ বছৰ, কম বয়সতে বহু উল্লেখনীয় তথা প্ৰশংসনীয় কৰ্ম সম্পাদনেৰে বহুল অংকত জনসাধাৰণক আপ্লুত কৰি ৰখা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুত ম্ৰিয়মান হৈছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনো। অভিনেতা গৰাকীয়ে মৃত্যুৰ আগদিনা ৰাতি এটা টেবলেট খাই শুবলৈ যায় আৰু পিছদিনা ৰাতিপুৱা তেওঁ সাৰ নাপায়। এই টেবলেটটো কিহৰ আছিল সেই বিষয়ে বৰ্তমানেও অজ্ঞাত সকলো। মুম্বাইৰ কুপৰ হাস্পাতাললৈ লৈ যোৱাৰ পিছত চিকিৎসকে তেওঁক মৃত্যুৰ ঘোষণা কৰে। “বাবুল কা আংগন চ্ছুটে না” নামে ধাৰাবাহিকখনৰ পৰা নিজ কেৰিয়াৰৰ পৰা আৰম্ভণি কৰা আন বহু কেইখন ধাৰাবাহিকখনত সিদ্ধাৰ্থ শুক্লাই মুখ্য ভূমিকা ৰূপায়ণ কৰে। পৰৱৰ্তী সময়ত, তেওঁ বিগ বছ ১৩ লৈ অহা পিছত তেওঁৰ সৈতে শ্বেহনাজৰ যুটিটোক খুবেই পচন্দ কৰিছিল দৰ্শক সকলে। #Sidnaaz হেছটেগেৰে প্ৰত্যেকে তেওঁলোকৰ ফটো শ্বেয়াৰ কৰিছিল।

সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু আৰু মৰ্মাহত সকলোঃ 2


বৰ্তমান শোকাহত বলীউড ক্ষেত্ৰ, সাধাৰণ জনৰ পৰা বলীউডৰ একোগৰাকী জনপ্ৰিয় চিলেব্ৰেটীয়েও সিদ্ধাৰ্থৰ মৃত্যুক বিশ্বাস কৰিব পৰা নাই। ৰূপালীপৰ্দাৰ তৰফৰ পৰা অভিনেতা গৰাকীৰ আত্মাৰ সদ্গতিৰ কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.