Rupaliparda.com
"মন যায়" ৰ সফল ১৩ টা বৰ্ষঃ এতিয়াও সংলাপে কৰে আকৰ্ষণ- 1

“মন যায়” ৰ সফল ১৩ টা বৰ্ষঃ এতিয়াও সংলাপে কৰে আকৰ্ষণ-

এগৰাকী সংগীত শিল্পীৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ ছবিসমূহো বহুল ভাৱে চৰ্চিত। তেওঁ অভিনীত “তুমি মোৰ মাথো মোৰ” ছবিখনৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ “কাঞ্চনজংঘা” লৈ তেওঁৰ সকলোবোৰ ছবি আঁকোৱালি লৈছিল অসমীয়া জনসাধাৰণে। এই ছবিসমূহৰ ভিতৰত আটাইতকৈ দৰ্শকৰ প্ৰিয় ছবিখন আছিল “মন যায়”; বিগত ১৩ টা বৰ্ষ পূৰ্বে চলিত মাহতেই মুক্তিপ্ৰাপ্ত এই ছবিখনে শ্ৰোতাক যে যথেষ্ট হাৰত আকৰ্ষণ কৰিছিল সেয়া নিশ্চিত। কিয়নো যেতিয়াই তেওঁৰ এই ছবিখনৰ বিষয়ে কোৱা হয় তেতিয়াই ইয়াৰ আৱেগবিহ্বল কেইটামান সংলাপে দৰ্শকৰ হৃদয় চুয়ে। চাওঁচোন আহক এই সংলাপ কেইটাঃ

"মন যায়" ৰ সফল ১৩ টা বৰ্ষঃ এতিয়াও সংলাপে কৰে আকৰ্ষণ- 2

১. মনটো কিন্তু বৰ ডাঙৰ বস্তু। কেতিয়াবা মহাত্মা গান্ধী হ’বলৈ মন যায়,কেতিয়াবা নেপোলিয়ন হ’বলৈ মন যায় আৰু কেতিয়াবা চাল্লা আম্বানী হ’বলে মন যায়।

২. মই মাষ্টৰৰ পুতেক; মোৰ আত্মসন্মান আছে।

৩. মই পৰিস্থিতিয়ে উলিয়াই দিয়া সুবিধা ল’ব বিচাৰিছো; আফটাৰ অ’ল চব সুবিধাবাদী।

৪.এই দুইজনীকে চাল্লা একেলগে বিয়া কৰাবলে মন যায়।

৫.এইখিনিয়ে প্ৰজা আৰু এইখিনিয়ে ৰাজপাত; বুজিছ??
কেৱল “নাই-নাই” আৰু “আছে-আছে”। ভালকে কোৱা কিতাপটো তই জানিব লাগিব।

৬. কেতিয়াবাটো মইও গুচি যাম বহুত দূৰলৈ, এটা বেলেগ জেগাত মোক কোনেও চিনি নাপাব। জীৱনত যি ঘটি গ’ল,যিমান বিলাক ভুল কৰিলো চব মুচি দিম। আকৌ আৰম্ভ কৰিম এটি সুন্দৰ নিঁখুট জীৱন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.