বৰ্তমান ডিজিটেল যুগ; ডিজিটেলী সক্ৰিয় হ’বলৈ আগবাঢ়িছে এতিয়া প্ৰত্যেকেই। কোনো এটা বিষয়ৰ ওপৰত জ্ঞান লাভ কৰাৰ পৰা আৰম্ভ কৰি টকা অৰ্জন কৰালৈ প্ৰতিটো সময়ত ডিজিটেল মাধ্যমে সহায় কৰি আহিছে। ঠিক তেনেদৰে, সম্প্ৰতি সময়ছোৱাত ডিজিটেল মাধ্যমে অধিক হাৰত জনসাধাৰণক মনোৰঞ্জন প্ৰদানতো সহায় কৰিছে। এতিয়া একোটা ফোনত এখন ছবি, চুটি ছবি অথবা একোখন ৱেব চিৰিজ উপভোগ কৰাৰ ইচ্ছা দৰ্শকৰ মাজত পৰিলক্ষিত হৈছে। ইয়াৰ বাবে শেহতীয়াকৈ বিভিন্ন OTT প্লেটফৰ্মৰ আৰম্ভণি অথবা মুক্তিৰ বিষয়ে আপোনালোকে শুনিছে লগতে ইয়াক গ্ৰহণ কৰি হয়টো বিভিন্ন প্ৰকল্পৰ সোঁৱাদো লৈছে। গতিকে, এনে পৰিপ্ৰেক্ষিততে আমি আপোনালোকলৈ আনিছো আন এক সু-খবৰ; অতিশীঘ্ৰে অসমত মুক্তি লাভ কৰিব Nexster Studios নামে আন এক OTT প্লেটফৰ্ম। এই এপটোত উপলদ্ধ হ’বলগীয়া ছবি, চুটি ছবি অথবা এই ৱেব চিৰিজ সমূহ যে কেৱল অসমবাসীৰ মাজতেই সীমাৱদ্ধ হ’ব আচলতে তেনে নহয়; Nexster Studios নামে এই এপটো বিশ্বৰ বিভিন্ন দিশৰ প্ৰতিভাৰ সৃষ্টিক ইয়াত সাঙুৰি অনাৰ চেষ্টা অব্যাহত ৰাখিছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ উক্ত তিনিটা মাধ্যমৰ সমান্তৰালকৈ এপটোত থাকিব আন বহু মনোৰঞ্জনধৰ্মী প্ৰকল্প; যিটোক লৈ একোজন দৰ্শক ব্যস্ত হ’ব পাৰে।

চলি থকা কাহিনীবোৰৰ পৰা অকণমান ফালৰি কাটি চাচপেন্স, চাইকো’লজি, থ্ৰীলাৰ, ক্ৰাইম, পলিটিকেল, প্লেইন আদি প্ৰতিটো দিশৰ সৈতে জড়িত প্ৰকল্পৰ সোঁৱাদ অসমীয়া মনোৰঞ্জনপ্ৰেমী দৰ্শকে লাভ কৰাৰ লগতে এটা কথা নিশ্চিত হৈ পৰিছে যে আহিবলগীয়া এপটোৰ যোগেৰে দৰ্শকক নিৰাশ কৰা নহ’ব। তেওঁলোকৰ প্ৰকল্প সমূহৰ মাজৰ যদি একাংশৰ আপোনালোকক আভাস দিবলগীয়া হয় তেতিয়াহ’লে ক’ব লাগিব যে তেওঁলোকৰ এখন ৱেব চিৰিজৰ নাম হৈছে “Memories Of an Ant”; যাৰ পৰিচালনা আৰু চিত্ৰনাট্যৰ দায়িত্বত আছে অজিত গিৰি; ইয়াৰ লগতে চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত “Go Goi” নামে আন এখন ছবিকো অন্তৰ্ভূক্ত কৰা হৈছে এই এপটোত। “Go Goi” ছবিখনত প্ৰেৰণামূলক এটা কাহিনীক সন্নিৱিষ্ট কৰা হৈছে য’ত গগৈ নামে এজন লোকে ক’ৰোণা ভাইৰাছৰ কালছোৱাত নিজৰ পৰিয়ালক লগ দিবলৈ সূদুৰ দক্ষিণ ভাৰতৰ পৰা খোজ কাঢ়ি নিজ পৰিয়ালৰ কাষ পাইহি। এই দুয়োটা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু অতি সোনকালে ৰাইজৰ মাজলৈ উলিয়াই দিয়া হ’ব প্ৰকল্প দুটাক। ইয়াৰ উপৰিও, Reflected man, শিপা, কলিৱেদ নামে আন কেইবাটাও প্ৰকল্প এপটোৰ যোগেৰে উপভোগ কৰিবলৈ পাব অসমবাসীয়ে।

মনোৰঞ্জন ক্ষেত্ৰখনত শেহতীয়াকৈ দেখিবলৈ পোৱা সলনিটোৱে দৰ্শকক আৰু অধিক টানি নিছে ডিজিটেল মাধ্যমটোলৈ। গতিকে ইয়াত আহিবলগীয়া সময়ত মুক্তি পাবলগীয়া Nexster Studios য়েও যে জনসাধাৰণক আমোদ প্ৰদামত সক্ষম হ’ব তাক লৈ আশাবাদী সকলো।
Add comment