Rupaliparda.com
KC Digital Films ৰ "Simple Suali", ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃKC Digital Films ৰ "Simple Suali", ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃ 1

KC Digital Films ৰ “Simple Suali”, ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃKC Digital Films ৰ “Simple Suali”, ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃ

আমাক মনোৰঞ্জনৰ কিয় প্ৰয়োজন হয় বাৰু? অকণমান হাঁহিবলৈ, অকণমান নিজৰ ভাগৰ, কষ্ট তথা অশান্তি সমূহৰ পৰা ফালৰি কাটি আমি হাঁহিবলৈ মনোৰঞ্জনৰ সহায় লওঁ। অৱশ্যে, মনোৰঞ্জন ক্ষেত্ৰখনৰ বিভিন্ন মাধ্যম সমূহে আমাক বৰ্তমানলৈকে হতাশ কৰা নাই। এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলীয়ে দৰ্শকক আপ্লুত তথা আকৰ্ষিত কৰিবলৈ নিৰৱচ্ছিন্ন প্ৰয়াস অব্যাহত ৰাখিছে। কাদম্বৰী ক্ৰিয়েচন অৰ্থাৎ KC Digital Films, এই প্ৰযোজনা গোষ্ঠটোৱে শেহতীয়াকৈ ইমানেই গ্ৰহণযোগ্য প্ৰকল্পৰ সৃষ্টি কৰিছে যে ইয়াক আৰু নতুনকৈ দৰ্শক সমাজক চিনাকী কৰাই দিয়াৰ হয়টো প্ৰয়োজন নাই। সম্পৰ্ক, প্ৰেম, বিবাহৰ পৰৱৰ্তী সময়ৰ প্ৰেম, বেনামী সম্পৰ্কৰ লগতে কেতিয়াবা আকৌ এগৰাকী মাতৃৰ যমৰ যাতনা ইত্যাদি বিভিন্ন বিষয়বস্তুক লৈ এই প্ৰযোজনা গোষ্ঠীটোৱে মুকলি কৰিছে নিজৰ একোটাকৈ প্ৰকল্প। “Arranged, “The Radio Guy”, “মায়া বাইদেউ”, “Love Birds” আৰু সদ্যমুক্তিপ্ৰাপ্ত “Simple Suali”। উল্লেখিত প্ৰতিটো প্ৰকল্প যদি আপুনি উপভোগ কৰে তেতিয়াহ’লে আপুনি গোটেইকেইটাত ভিন্নতাৰ অনুভৱ কৰিব। পৰিচালক সমুজ্জল কাশ্যপৰ দ্বাৰা পৰিচালিত উক্ত চুটি ছবিকেইখনে তেওঁৰ প্ৰতিভাক ৰাইজৰ মাজলৈ উলিয়াই আনিবলৈ সক্ষম হৈছে বাবেই হয়টো এতিয়া তেওঁৰ প্ৰতিটো সৃষ্টিৰ বাবেই অপেক্ষাৰত দৰ্শক সমাজ। ক্ৰমশঃ তেওঁৰ পৰিচালনাৰ অনুৰাগী হৈ পৰিছে বিভিন্ন জন।


শেহতীয়াকৈ KC Digital Films ৰ বেনাৰত মুক্তি লাভ কৰা চুটি ছবি “Simple Suali” য়ে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভত সক্ষম হৈছে। কেলিফৰ্ণিয়াত কৰ্মসূত্ৰে থকা এজন অসমীয়া ডেকাই নিজৰ বিবাহৰ বাবদ ২২ বাৰকৈ প্ৰত্যাখান গ্ৰহণৰ পিছত ২৩ বাৰত তেওঁৰ বিবাহ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়ে। কিন্তু ২৩ নম্বৰ গৰাকীৰ হাতত আঙুঠি পিন্ধোৱাৰ পূৰ্বে সম্পূৰ্ণ এবছৰ ৰ’বলগীয়া হয় ডেকা গৰাকী। এই ২৩ নম্বৰ গৰাকী ‘চিম্পল ছোৱালী’ কেনেদৰে বিবাহৰ বাবে প্ৰস্তুত হয় অথবা ইয়াৰ মাজত কিমান ঘাত-প্ৰতিঘাত আছে সেই সমূহ এই চুটি ছবিখন উপভোগ কৰিলেহে আপুনি বুজিবলৈ সক্ষম হ’ব। এইখিনিতে আপোনালোকক জনাই থওঁ, আমি আপোনালোকৰ আগত ‘ঘাত-প্ৰতিঘাত’ শব্দটো ব্যৱহাৰ কৰাৰ বাবে এই চুটি ছবিখন যে খুবেই দুখলগা অথবা হৃদয়বিদাৰক তেনে বুলি নাভাবিব। আপোনালোকে ইয়াত ভৰপূৰ কমেডীৰ সমাহাৰ লাভ কৰিবলৈ সক্ষম হ’ব, যিটো হয়টো উক্ত প্ৰযোজনা গোষ্ঠীটোৰ পূৰ্বৰ প্ৰকল্পসমূহতকৈ অভিন্ন। অসমীয়া সংগীত ক্ষেত্ৰখনৰ দুগৰাকী কণ্ঠশিল্পী ক্ৰমে দীক্ষু শৰ্মা আৰু ৰিচা ভৰদ্বাজই মুখ্য চৰিত্ৰ হিচাবে কৰা সুন্দৰ অভিনয়ে এই চুটি ছবিখনকলৈ আৰু দৰ্শকক টানিবলৈ সক্ষম হৈছে। বিশেষকৈ, দীক্ষু শৰ্মাৰ অভিনয় তেওঁৰ অনুৰাগীসকলৰ বাবে এক খুবেই ভাল লগা বিষয় হৈ পৰিছে। ইয়াৰ উপৰিও চুটি ছবিখনত দেখিবলৈ পোৱা প্ৰতিটো চৰিত্ৰই আছিল মন পৰশা, কমেডীৰ ‘পাৰফেক্ট টাইমিঙে’ এই “Simple Suali” চুটি ছবিখনক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। ইয়াত অভিনয় কৰিছে ক্ৰমে জলী লস্কৰ, দীপক কুমাৰ ৰয়, স্তুতি চৌধুৰী, বিৰিণা চক্ৰৱৰ্তী, হৰ্ষ সিদ্ধান্ত আৰু যাৱেদ আখতাৰে। কাহিনীভাগ লিখিছে হৰ্ষ সিদ্ধান্তই।

KC Digital Films ৰ "Simple Suali", ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃKC Digital Films ৰ "Simple Suali", ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃ 2
KC Digital Films ৰ "Simple Suali", ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃKC Digital Films ৰ "Simple Suali", ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃ 3


সম্পাদন আৰু ৰং গৌতম মজুমদাৰৰ, সংগীত কৰিছে হৰ্জিৎ দিয়াজে। সহঃ পৰিচালনা হৰ্ষ সিদ্ধান্তৰ। চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে নিজ নিজ ক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰিছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আটাইলৈ জনাইছোঁ আন্তৰিক শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform