Rupaliparda.com
কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত "ৰাধা ৰুক্মিণী"- 1

কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত “ৰাধা ৰুক্মিণী”-

কন্ঠশিল্পী ভৃগু কাশ্যপৰ কন্ঠৰে মুক্তি লাভ কৰিবলৈ সাজু হৈছে এটি নতুন গীত “ৰাধা-ৰুক্মিণী”। গীতটিয়ে মুক্তি লাভৰ পূৰ্বেই লাভ কৰিছে চৰ্চা। গীতটিত সংগীত কৰিছে পুলক নাথে। ভিডিঅ’ আকাৰে মুক্তিপাবলগীয়া এই গীতটিত ভৃগু কাশ্যপৰ পত্নী প্ৰিয়ম পল্লৱী সহ এগৰাকী নৱাগতা ভাৱনা কাশ্যপক দেখিবলৈ পোৱা যাব। কণ্ঠশিল্পী গৰাকীৰ একোটা গীতে মুক্তি লাভ কৰা ক্ষন্তেক পিছতেই যেনেদৰে ই জনসাধাৰণৰ পৰা বহুল সংখ্যাত সঁহাৰি লাভ কৰাত সক্ষম হয়; ঠিক তেনেদৰে এইবাৰো ইয়াৰ ব্যতিক্ৰম হয়টো নহ’ব। বিগত বহু দিনৰ অন্তত আন এটা গীতৰ সৈতে অনুৰাগীৰ কাষ চাপিবলৈ সাজু হোৱা ভৃগু কাশ্যপৰ এই নতুন গীতটিৰ বাবে অপেক্ষাৰত অনুৰাগী। তেওঁৰ প্ৰায় কেইটা গীতত পত্নী প্ৰিয়ম পল্লৱীক দেখিবলৈ পোৱা যায়, অৱশ্যে স্বামী স্ত্ৰীৰ এই যুটিটোৱে আকৰ্ষিতও কৰিছে বহুতক। জনপ্ৰিয়তাৰ সমান্তৰালকৈ সমালোচনাৰো সন্মুখীন হৈ পৰে ভৃগু কাশ্যপ। উল্লেখ্য যে, শেহতীয়াকৈ ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীয়ে যুটীয়াভাৱে গুৱাহাটীে হাতীগাঁওত মুকলি কৰিছে এখন চেলুন, ইয়াৰ নাম হৈছে “Style Stuff Unisex & Family Salon”।


ইয়াৰোপৰি, কিছুদিন পূৰ্বে, ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীয়ে নিজাববীয়াকৈ খুলি লৈছিল এটা নতুন ব্ৰেণ্ড “Vreeyam Collection”। কিছুদিন পূৰ্বে মুকলি কৰা এই ব্ৰেণ্ডটোত বৰ্তমান জনসাধাৰণৰো ইচ্ছা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত বহুল সমালোচনাৰে থকা-সৰকা হ’লেও ভৃগু কাশ্যপক ক’ৰোণাৰ আৰম্ভণি সময়ছোৱাত অৰ্থাৎ বিগত বৰ্ষত আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশক সহায়-সাৰথি আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। “শিল্পীয়ে শিল্পীৰ বাবে” হোৱা এক লাইভ অনুষ্ঠানত তেওঁ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ সুবিধাৰ্থে আগবঢ়াইছিল ১০ হাজাৰ ১ শ ১ টকা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.