Rupaliparda.com
ইতিবাচক কমেণ্টেৰে জনপ্ৰিয়তা অৰ্জন বিশ্বজিৎ বৰাৰ 'লখিমী' ৰঃ 1

ইতিবাচক কমেণ্টেৰে জনপ্ৰিয়তা অৰ্জন বিশ্বজিৎ বৰাৰ ‘লখিমী’ ৰঃ

বহু দিনৰ অন্তত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি ‘লখিমী’। বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত তথা মহেশ চিৰলাৰ দ্বাৰা প্ৰযোজিত বৰ্তমান পৰিপ্ৰেক্ষিতৰ এক বাস্তৱ বিষয়বস্তুৰ আঁত ধৰি শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এই ছবিখনে ইতিমধ্যে চচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে। OTT প্লেটফৰ্ম Moviesaints.com যোগে মুক্তি লাভ কৰা এই ছবিখনত আপোনালোকে দেখিবলৈ পাব ৰাজনৈতিক কাহিনী লগতে অনুভৱ কৰিবলৈ পাব থ্ৰীলাৰ। আজিৰ নাৰীসকল আচলতে কোনো ক্ষেত্ৰতেই পিছপৰি ৰোৱা নাই, তেওঁলোকে প্ৰতিদিনেই কোনো নহয় কোনোধৰণে সমাজক প্ৰগতিৰ বাট দেখুৱাই আগবঢ়াই লৈ গৈ আছে। কোনো সময়ত কোমলতাৰে পৰিস্থিতিক ঠাণ্ডা কৰা অথবা প্ৰয়োজন অনুসৰি কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা, এই আটাইবোৰ ক্ষেত্ৰত এগৰাকী নাৰীয়ে নিজ দায়িত্ব তথা কৰ্তব্যৰ সুস্থিৰ ভাৱে ৰূপায়ণ কৰি আহিছে। এগৰাকী নাৰীয়ে এখন পৰিয়ালৰ ভেটি সুদৃঢ় কৰি যেনেদৰে পৰিয়ালটিৰ প্ৰতিগৰাকী সদস্যক আগবঢ়াই নিয়াত প্ৰচেষ্টা কৰে, ঠিক তেনে এগৰাকী নাৰীৰ হাতত যেতিয়া ৰাজনীতিৰ দৰে এক কঠিন কাম অৰ্পণ কৰা হয় তেতিয়াও তেওঁ নিজ দায়িত্ব ৰূপায়ণৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰে। ‘লখিমী’ ছবি খন তেনে এগৰাকী নাৰীক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে। ছবিখনত গ্ৰামাঞ্চলৰ ৰাজনৈতিক বিষয় সমূহক উদ্দেশ্যি হোৱা উঠা-নমাবোৰ উপস্থাপন কৰা হৈছে, য’ত পৰিচালকে বিষয়বস্তুটোৰ পুংখানুপুংখভাৱে উপস্থাপনৰ দিশৰ চোকা নজৰ দিছে। কিয়নো, ছবিখনত অভিনীত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰ অভিনয়ৰ দিশত প্ৰশংসা কৰিছে ছবিখন উপভোগ কৰা প্ৰতিগৰাকী দৰ্শকে।

ইতিবাচক কমেণ্টেৰে জনপ্ৰিয়তা অৰ্জন বিশ্বজিৎ বৰাৰ 'লখিমী' ৰঃ 2
ইতিবাচক কমেণ্টেৰে জনপ্ৰিয়তা অৰ্জন বিশ্বজিৎ বৰাৰ 'লখিমী' ৰঃ 3


সহ্য আৰু ধৈৰ্য্যশীল একোগৰাকীৰ নাৰীৰ যেতিয়া স্বাভিমানত আঘাত কৰা হয়, তেতিয়া তেওঁ কেনে ৰূপ ল’ব পাৰে তাৰ প্ৰতিফলন এই ‘লখিমী’ ছবিখনৰ জৰিয়তে পৰিচালক বিশ্বজিৎ বৰাই ৰাইজৰ মাজলৈ উলিয়াই অনাৰ চেষ্টা কৰিছে। প্ৰায় প্ৰতিগৰাকী দৰ্শকে ছবিখনৰ বিষয়বস্তুটোৱে তেখেতসকলক অধিক আকৰ্ষণ কৰা বুলি তেওঁলোকৰ মন্তব্য যোগে প্ৰকাশ কৰিছে। কাৰিকৰী দিশৰ পৰাও ছবিখনক উন্নীতকৰণৰ যথেষ্ট চেষ্টা কৰা হৈছে যাৰ বাবে ছবিখনৰ বেকগ্ৰাউণ্ড মিউজিকৰ পৰা আৰম্ভ শব্দ আৰু ৰং ইত্যাদি প্ৰতিটো বস্তু গ্ৰহণযোগ্য হৈ পৰিছে। অভিনয়ৰ ক্ষেত্ৰত লভা হাজৰিকা চিৰলাই মুখ্য চৰিত্ৰ ‘লখিমী’ ক ‘justify’ কৰাৰ বাবে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। ইয়াৰ লগতে, ছবিখনত মন্ত্ৰী অতুল বৰাকো কিছু সময়ৰ বাবে ইতিবাচক চৰিত্ৰত দেখিবলৈ পোৱা গৈছে, যাৰ দ্বাৰা ছবিখনলৈ অহা টুইষ্টটোক সুন্দৰভাৱে তুলি ধৰা সম্ভৱপৰ হৈছে। অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ, পৃথ্বীৰাজ ৰাভা, অৰুণ বৰা, বিনোদলাল দাস, দীনেশ গগৈ, জ্যোতিৰূপা বৰা, অজয় ভৰালী, প্ৰবীণ দাস, ৰাগিনী বৰাকে আদি কৰি প্ৰত্যেকগৰাকী ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে ছবিখনত সুন্দৰ অভিনয় কৰিছে।

ইতিবাচক কমেণ্টেৰে জনপ্ৰিয়তা অৰ্জন বিশ্বজিৎ বৰাৰ 'লখিমী' ৰঃ 4


OTT প্লেটফৰ্ম Moviesaints.com ত বৰ্তমানেও উপলব্ধ এই ছবিখনক যদি আপুনিও চাবলৈ বিচাৰে তেতিয়াহ’লে ইয়াৰ লিংক সুবিধাৰ্থে দি দিয়া হৈছে। ছবিখনৰ সৈতে প্ৰতিগৰাকীক কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

https://www.moviesaints.com/movie/lakhimi?fbclid=IwAR15fQVMxJFK7bwuvM-VlEQzrdIlQz-YGcVaxyZUj0HEHmjrlyUE5bBHlkU

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform