Rupaliparda.com
তেজপুৰৰ নতুন ৰক বেণ্ড 'ব্যৰ্থ' ৰ প্ৰচেষ্টা 'ডেউকা'- 1

তেজপুৰৰ নতুন ৰক বেণ্ড ‘ব্যৰ্থ’ ৰ প্ৰচেষ্টা ‘ডেউকা’-

তেজপুৰৰ নতুন ৰক বেণ্ড ‘ব্যৰ্থ’ ৰ শেহতীয়া প্ৰচেষ্টা ‘ডেউকা’ ৰ শুভমুক্তি। সংগীত ক্ষেত্ৰখনত একোটা গীতৰ মুক্তিয়ে আমাক শ্ৰোতা সমাজক সদায়েই উৎসাহিত কৰে, কিয়নো নতুন প্ৰজন্মৰ ব্যতিক্ৰমী প্ৰয়াসে সদায়ে আমাক আপ্লুত কৰে। সপোনক সাৰ্থকতাৰ দিশে অগ্ৰসৰ কৰিবলৈ কাৰনো মন নাযায়? আমি প্ৰত্যেকেই একোটা সপোনক বুকুত বান্ধি ঘূৰি ফুৰোঁ আৰু ইয়াক সাৰ্থক কৰিবলৈ অহোপুৰুষাৰ্থ কৰাত ব্যস্ত হৈ পৰোঁ। কিন্তু, কথাতে কয় নহয় প্ৰতিটো বস্তুৰেই এটা নিৰ্দ্দিষ্ট সময় থাকে, সময়ৰ আহ্বান হ’লেহে সপোনটোৰ সফল ৰূপায়ণ হ’বলৈ সি সক্ষম হয়। সময়তকৈ আগত না সময়তকৈ পিছত, সপোন পূৰণ হ’বলৈ একোটা নিৰ্দ্দিষ্ট সময়ৰ প্ৰয়োজন মাত্ৰ। কিন্তু এই আটাইবোৰ পৰিকল্পনাই কেতিয়াবা মুখ থেকেচনি খাই উফৰি পৰে আৰু তেতিয়াই আৰম্ভ হয় ব্যক্তি এজনৰ জীৱন সংগ্ৰামৰ। তেওঁক ব্যৰ্থ সপোন বোৰ সামৰিবলৈ সময়ৰ প্ৰয়োজন, এই সময়ছোৱাত তেওঁৰ মানসিক কষ্ট কিমান দীঘলীয়া হৈ গৈ থাকে সেয়া হয়টো আমি বুজাবও নোৱাৰোঁ। এনে ব্যক্তি এগৰাকীৰ ভগ্ন সপোনক লৈয়ে সদ্যমুক্তিপ্ৰাপ্ত ‘ডেউকা’ ৰ কথা খিনিৰ ৰচনা কৰা হৈছে। বেণ্ডটোৰ এগৰাকী সদস্য সূৰজে তেওঁলোকৰ বাস্তৱ কাহিনীভাগক গীত আকাৰে ৰচনা কৰি উলিয়াইছে, সমগ্ৰ সাংগীতিক অলংকৰণ, বাণীবদ্ধকৰণ, তথা মিশ্ৰণ এই কামখিনি তেজপুৰতে সম্পন্ন কৰা হৈছে তথা এই গীতটিত ভালেখিনি অংশত ambient তথা পিছলৈ heavy breakdown ৰ মাজেৰে গীতটিৰ যি অন্তৰ্নিহিত ভাৱধাৰা, তাক ফুটাই তোলাৰ চেষ্টা কৰা হৈছে।


উল্লেখিত গীতটিৰ প্ৰতিটো বস্তুকেই সমাদৰ জনাইছে শ্ৰোতা সমাজে। সম্প্ৰতি সময়ত সংগীত ক্ষেত্ৰখনত বিভিন্ন গীতৰ সৃষ্টি আমি লক্ষ্য কৰিছো। য’ত একাংশ গীতৰ সৃষ্টিৰ আঁৰত আছে অভিজ্ঞ জন তাতেই আকৌ আনহাতে একাংশ নৱপ্ৰজন্মৰ সৃষ্টিয়েও আকৰ্ষণ কৰিছে সকলোকে। যদিও ইটোৰ পিছত সিটো গীতৰ সৃষ্টি হৈছে তথাপিও তাৰেই ভিতৰত একাংশ এনে গীত আছে যাক এবাৰ শুনাৰ পিছতেই আচলতে অসমীয়া সংগীতপ্ৰেমী শ্ৰোতা প্ৰেমত পৰে গীত সমূহৰ। শেহতীয়াকৈ এনে এটা গীতৰ মুক্তিত মন্ত্ৰমুগ্ধ হৈ পৰিছিল অসমীয়া সংগীতপ্ৰেমী শ্ৰোতা। গীতটিয়ে মুক্তি লাভ কৰা পিছত অৱশ্যে একাংশই চচিয়েল মিডিয়াত এনেদৰেও মন্তব্য কৰিছিল যে গীতটিত থকা কথাই শ্ৰোতাৰ মাজলৈ কিছু নতুন শব্দক লৈ অনাৰ লগতে সেইবোৰৰ অৰ্থ বিচাৰি অভিধান চাবলৈ বাধ্য কৰোৱাইছে। নৱপ্ৰজন্মই এই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱাৰ বাবে কৰা অহৰহ প্ৰয়াস আৰু তেওঁলোকৰ সৃষ্টিত থকা নতুনত্বই সঁচাকৈ টানিছে জনসাধাৰণক। নৱপ্ৰজন্মৰ নতুন সৃষ্টি আৰু তেওঁলোকৰ ব্যতিক্ৰমী প্ৰচেষ্টাক লৈ উৎসাহিত সকলো। আগন্তুক সময়তো তেওঁলোকৰৰ ন-ন সৃষ্টিয়ে জনসাধৰণৰ মাজত সৃষ্টি কৰিছে উৎকন্ঠাৰ।

তেজপুৰৰ নতুন ৰক বেণ্ড 'ব্যৰ্থ' ৰ প্ৰচেষ্টা 'ডেউকা'- 2


অনাগত দিনত বেণ্ডটোৰ তৰফৰ পৰা আৰু অধিক গীতৰ আশা কৰিছে শ্ৰোতা সমাজে। এওঁলোক আটাইকে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform