Rupaliparda.com
ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে 'তই নাচাবি আনলৈ', অপুৰাজ গগৈ আৰু দীপজ্যোতি মহন্তই সানিলে টুইষ্টঃ 1

ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে ‘তই নাচাবি আনলৈ’, অপুৰাজ গগৈ আৰু দীপজ্যোতি মহন্তই সানিলে টুইষ্টঃ

কিছুদিন পূৰ্বে এটি আধুনিক ৰোমাণ্টিক গীতে আকৰ্ষণ কৰিছিল সকলোকে। গীতটিৰ সৈতে জড়িত আৱেগ, অনুভূতিয়ে আচলতে শ্ৰোতা-দৰ্শকক অধিক আকৰ্ষণ কৰিছিল। গীতটিৰ নাম হৈছে ‘তই নাচাবি আনলৈ’। গীতটিৰ অডিঅ’টিয়ে লাভ কৰা বহুল সমাদৰৰ পিছত শেহতীয়াকৈ গীতটিৰ ভিডিঅ’টিয়ে টানিছে শ্ৰোতা-দৰ্শকক। গীতটিত কণ্ঠদান কৰিছে দুগৰাকী নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে,তেওঁলোক হৈছে ক্ৰমে ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতা। দুয়োৰে কণ্ঠৰ অনুৰাগীয়ে ইতিমধ্যে সদ্যমুক্তিপ্ৰাপ্ত গীতটিক জনপ্ৰিয়তাৰ শিখৰলৈ তুলি নিছে। আমি পূৰ্বেও গীতটিৰ বিষয়ে জনাইছিলোঁ, ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ যুটিৰে সংগীত ক্ষেত্ৰখনত তেওঁলোকৰ এইটো প্ৰথমটো গীত যদিও তেওঁলোকে নিজাববীয়াকৈ মুকলি কৰা প্ৰতিটো গীতত আছে ৰাইজৰ সঁহাৰি। ইনষ্টাগ্ৰামত ইটোৰ পিছত সিটো ভিন্ন ভাষাৰ গীতত কণ্ঠদান কৰি জনসাধাৰণক মনোৰঞ্জন প্ৰদান কৰি আহিছে ৰাজশ্ৰীয়ে। সম্প্ৰতি এটা গীতৰ অডিঅ’ৰ সৈতে সংগতি ৰাখি গীতটিৰ ভিডিঅ’টো প্ৰস্তুত কৰি উলিয়াই হয়। ‘তই নাচাবি আনলৈ’ শীৰ্ষক গীতটিৰ ভিডিঅ’টোৰ সামগ্ৰিক বিষয়বস্তুটোৱে আচলতে মন কৰিবলগীয়া।


গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা অপুৰাজ গগৈৰ। নৱপ্ৰজন্মৰেই আন এগৰাকী অন্যতম পৰিচালক অপুৰাজৰ পৰিচালনাৰে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰতিটো গীতৰ বিষয়বস্তু সুকীয়া। প্ৰতিটো গীতৰ নিজস্বতা বজাই ৰাখিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে পৰিচালক গৰাকীক। ইয়াত অভিনয় কৰিছে দীপজ্যোতি মহন্ত আৰু ৰাজশ্ৰী শইকীয়াই, দীপজ্যোতি মহন্তৰ পূৰ্বৰ গীতসমূহৰ তুলনাত সদ্যমুক্তিপ্ৰাপ্ত ‘তই নাচাবি আনলৈ’ শীৰ্ষক এই গীতটিত তেওঁক নতুন ৰূপত দেখা পোৱা গ’ল। আপোনালোকৰ মাজৰ যিসমূহে গীতটি উপভোগ কৰিছে তেওঁলোকে নিশ্চয় এই বিষয়টোক লৈ অৱগত। গীতটিত সুৰ কৰিছে বিকি কলিতাই আৰু সংগীত কৰিছে বাবন বৰ্ণিলে। শব্দ-সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়াই। বৰ্তমান সময়ত ভাল ভাল গীতৰ সমাহাৰ ঘটিছে অসমীয়া সংগীত জগতত। এটি গীতৰ স্থায়ীয়তা লাভ কৰিব হ’লে প্ৰথমতে গীতটি শ্ৰুতিমধুৰ হোৱাৰ লগতে গীতৰ সুৰ আৰু কণ্ঠশিল্পী গৰাকীৰ উপস্থাপনৰ দিশটো হ’ব লাগিব অনবদ্য। সংগীতৰ অলংকাৰে মনত আলোড়নৰ সৃষ্টি কৰিব পৰা ক্ষমতা থাকিলেই গীতে সমাদাৰ লাভ কৰাটো নিশ্চিত হৈ পৰে।

ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে 'তই নাচাবি আনলৈ', অপুৰাজ গগৈ আৰু দীপজ্যোতি মহন্তই সানিলে টুইষ্টঃ 2


ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ যুটিৰে আন বহু গীতৰ বাবে অপেক্ষা কৰিছে বৰ্তমান প্ৰতিগৰাকী জনসাধাৰণে। ‘তই নাচাবি আনলৈ’ শীৰ্ষক গীতটিক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform