Rupaliparda.com
"বীৰাংগনা সাধনী" তিনি যোদ্ধা--উৎপল মেনা 1

“বীৰাংগনা সাধনী” তিনি যোদ্ধা–উৎপল মেনা

এখন অসমীয়া চিনেমা। প্ৰস্তুতি চলিছে। প্ৰচাৰ চলাইছে। জ্যোতি চিত্ৰবনত নুৰুদ্দিন আহমেদৰ নেতৃত্বত চে’ট নিৰ্মাণৰ কাম আৰম্ভ হৈছে। চিনেমা খনৰ বাজেট ১০ কোটি টকা। চিত্ৰনাট্যৰ বুনিয়াদ– চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী সতী সাধনী বা সাধনী নাৰায়ণ। বিষয়বস্তুৰ গৱেষণাৰ লগতে চিত্ৰনাট্য ৰচনাত, চৰিত্ৰ নিৰ্মাণৰ বাবে অভিনেতা-অভিনেত্ৰী নিৰ্বাচনতো পৰিশ্ৰম কৰিছে চিনেমা খনৰ লেখক-পৰিচালক বিশ্বজিৎ বৰাই। আমাৰ বাবে ভাল লগা এটা দিশ হ’ল– মোৰ ভাল লগা তিনি গৰাকী অভিনেতাক নিৰ্বাচন কৰিছে চিনেমা খনৰ তিনিটা বিশেষ চৰিত্ৰৰ বাবে।
📌ভৱেশ বৰুৱা: আমাৰ শৈশৱৰে হিৰো ভৱেশ বৰুৱা। শৈশৱতে লগ পাইছিলোঁ ভৱেশ বৰুৱাক। নাটক বুজা-নুবুজা বয়সত। আমাৰ গাওঁ বেলশৰলৈ আৱাহন থিয়েটাৰ আহিছিল। ১৯৮০ চন। আৱাহন থিয়েটাৰৰ প্ৰথম নাট্যবৰ্ষ। কৃষ্ণ ৰয়ৰ আৱাহন থিয়েটাৰ। (১৯৭৬ চনত ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ে আৰম্ভ কৰিছিল। কৃষ্ণ ৰয়ে কহিনুৰৰ পৰা আঁতৰি আহে আৰু ১৯৮০ আৱাহন আৰম্ভ কৰে।) সম্পৰ্কীয় এগৰাকীৰ সৈতে গৈ গেলাৰীৰ পৰা “নিগ্ৰো লগুৱা” (নাটক: স্নেহবন্ধন) ভৱেশ বৰুৱাক চাইছিলোঁ। মনত লৈ আহিছিলোঁ। নাটক চোৱাৰ পাছদিনা ওচৰৰ পৰা চাইছিলোঁ, আমাক ওচৰলৈ মাতি নি কথা পাতিছিল ভৱেশ বৰুৱাই। –সেই তেতিয়াৰে পৰা প্ৰতি বছৰে (শাৰদীয় পূজাৰ সময়ত) ভৱেশ বৰুৱাৰ নাটক চোৱা, পাছৰ দিনা লগ কৰা আমাৰ অলিখিত নিয়ম আছিল। ভৱেশ বৰুৱাই অভিনয় কৰা কিমান যে নাট্যাভিনয় চাইছোঁ, নাটক বুজা-নুবুজা বয়সৰ পৰা নাটক বুজা বয়সলৈ? এখন দীৰ্ঘ তালিকা।

"বীৰাংগনা সাধনী" তিনি যোদ্ধা--উৎপল মেনা 2
ভৱেশ বৰুৱা চিনেমাৰো অভিনেতা। চিনেমাৰ “নায়ক”ৰ চৰিত্ৰৰ (চিনেমা: মন প্ৰজাপতি/ ১৯৭৯) বাবে বিছাৰি উলিয়াইছিল ড° ভূপেন হাজৰিকাই। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত “চিনেমাৰ গ্লেমাৰ” ব্যৱহাৰ হোৱা নাছিল। (মঞ্চত অভিনয় ক্ষমতাৰে নিৰ্মাণ হৈছিল “ভৱেশ বৰুৱা গ্লেমাৰ”, তাৰকা ভৱেশ বৰুৱা।) বৰঞ্চ এনেদৰে ক’ব পাৰি পৰৱৰ্তী সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ “তাৰকা ভৱেশ বৰুৱা ইমেজ”হে চিনেমাত ব্যৱহাৰ হৈছিল। শেহতীয়া ভাৱে “বীৰাংগনা সাধনী”ৰ বাবেও নিৰ্বাচন কৰিছে অভিনেতা গৰাকী এই ইমেজৰ বাবই। এই অসমীয়া চিনেমা খনত ভৱেশ বৰুৱাক লৈ নিৰ্মাণ কৰিব চুতীয়া সাম্ৰাজ্যৰ নৃপতি ধীৰ নাৰায়ণ চৰিত্ৰটো। ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণ সাধনীৰ পিতৃ।

📌তপন দাস: মোৰ প্ৰিয় অভিনেতা তপন দাস। তপন দাসক আজিৰ তাৰিখতো মনত ৰাখিছোঁ “ৰমু ইমেজ”ত (নাটক: অৰুণ শৰ্মাৰ “কুকুৰনেচীয়া মানুহ”)। অভিনয় ক্ষমতাৰে চৰিত্ৰটোক যে স্থায়ী আকাৰ দিছিল সন্দেহ নাই। ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত কেইবাটও নাট্যবৰ্ষত অভিনয় কৰা, “সেন্দুৰ” (১৯৮৪), “শকুন্তলা আৰু শংকৰ জোছেফ আলী”, “প্রভাতী পখীৰ গান”, “সূত্রপাত”, “ইতিহাস”, “আবর্তন”, “দীনবন্ধু” আদিৰে চিনেযাত্ৰা কৰা তপন দাসৰ বিশেষত্ব– ভিন্ন ইমেজৰ “চৰিত্ৰ”ৰে দৰ্শকক চুই আহিছে।

"বীৰাংগনা সাধনী" তিনি যোদ্ধা--উৎপল মেনা 3

এই গৰাকী অভিনেতাক লৈ পৰিচালক বিশ্বজিৎ বৰাই নিৰ্মাণ কৰিব “বীৰাংগনা সাধনী”ৰ মহামন্ত্ৰী কাঁচিতৰা চৰিত্ৰটো। চুতীয়া ৰজাৰ শিৰৰ মুকুটৰ গৰিমা অটুট ৰখা, মহান দেশপ্ৰেমিক, নিপুন ৰাজনীতিক মহামন্ত্ৰী কাঁচিতৰা।
📌মৃদুল চুতীয়া: অভিনয় শৈলী, পৰিচালনা শৈলী, নাটক ৰচনাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত গতিনুগতিকতাৰ বিপৰীতে বিশেষ স্থান দখল কৰা মৃদুল চুতীয়াৰ চিনেযাত্ৰা দীঘল নহয়। “সূৰ্যাস্ত”কে ধৰি কেইখন মান চিনেমাতহে অভিনয় কৰিছে। এই গৰাকী অভিনেতাক লৈ “বীৰাংগনা সাধনী”ৰ মহাৰাজ ধীৰনাৰায়ণৰ ভ্ৰাতৃ যুৱৰাজ সুৰধ্বজ পাল চৰিত্ৰটো। চিনেমা খনৰ মূল নেতিবাচক চৰিত্ৰটো। –আমাৰ ধাৰণাত চিনেমাত প্ৰথম বাৰৰ বাবে মৃদুল চুতীয়াৰ অভিনয় ক্ষমতা অনুভৱ কৰিব দৰ্শকে।

"বীৰাংগনা সাধনী" তিনি যোদ্ধা--উৎপল মেনা 4
আমাক মৃদুল চুতীয়াৰ নাট্যকৰ্মৰ ওচৰ চপাই নিছিল কবি-কলাকাৰ ৰমেন্দ্ৰ নাৰায়ণ জোৱাদ্দাৰে। ৰমেনদাই টিকট ক্ৰয় কৰি হেঙুল থিয়েটাৰৰ “অস্তপথ” দেখুৱাইছিল। ( মূল চৰিত্ৰত অভিনয় কৰা মৃদুল চুতীয়াই নাটক খন ৰচনা-পৰিচালনা কৰিছিল।) গৌৰৱেৰে কৈছিল– “আমাৰ ‘জংগম’ৰ (তেজপুৰৰ) নাট্যকৰ্মী! হয় নে নহয় কোৱা– চমৎকাৰ!” আমি “হয়” বুলিছিলোঁ, আৰু তেতিয়াৰৈ পৰা “মৃদুল চৰ্চা” কৰি আহিছোঁ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform