Rupaliparda.com
ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে প্ৰত্যাশিত অষ্টম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ দুৱাৰ মুকলি 1

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে প্ৰত্যাশিত অষ্টম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ দুৱাৰ মুকলি

প্ৰতিযোগিতামূলক আৰু অপ্ৰতিযোগিতামূলক দুয়োটা শিতানৰ বাবে প্ৰৱেশ পত্ৰৰ আমন্ত্ৰণ

গুৱাহাটী; ১৩ অক্টোবৰ, ২০২৩: আৰু মাত্ৰ কেইটামান দিনৰ পিছতে আৰম্ভ হ’ব উত্তৰ-পূব ভাৰতৰ আটাইতকৈ জনপ্ৰিয় আৰু বহু প্ৰত্যাশিত অষ্টম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ। সময়ৰ গতিৰ লগে লগে বুকুত অপেক্ষাৰ মিঠা অনুভূতি জগাই তোলা এই চলচ্চিত্ৰ মহোৎসৱৰ অষ্টম সংস্কৰণৰ প্ৰতিযোগিতামূলক আৰু অপ্ৰতিযোগিতামূলক শাখাত সমগ্ৰ ভাৰতৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ কলা প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া অষ্টম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ (বিভিএফএফ)ৰ বাবে সমগ্ৰ ভাৰতৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে ৩১ অক্টোবৰ, ২০২৩ৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব শেহতীয়াভাৱে দাখিল কৰা পত্ৰ।

তত্ত্ব ক্ৰিয়েশ্যনছৰ উদ্যোগত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য্য, বৈচিত্ৰ্যময় সংস্কৃতি আৰু সীমাহীন প্ৰতিভাৰ মনোমোহা মিশ্ৰণ প্ৰকাশ ঘটাই অৰ্থবহ চিনেমা আৰু সৃষ্টিশীলতাৰ প্ৰতীক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলে। ছবিপ্ৰেমীৰ মাজত অভূতপূৰ্ব জনপ্ৰিয়তাৰে চিৰকালৰ বাবে নজিৰ গঢ়িবলৈ সক্ষম হোৱা ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সাতটাকৈ সংস্কৰণে ইতিমধ্যে জিনিছে দুই লাখৰো অধিক ছবিপ্ৰেমীৰ হৃদয়। প্ৰতিটো সংস্কৰণতে গড়ে ২০ হাজাৰ ছবিপ্ৰেমীয়ে ভিৰ কৰা ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ প্ৰতিটো সংস্কৰণেই দৰ্শকৰ পৰা লাভ কৰিছে সীমাহীন ভালপোৱা। সমান্তৰালভাৱে চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত প্ৰখ্যাত ব্যক্তিসকলৰ পৰাও ব্যাপক স্বীকৃতি আৰু সমৰ্থনো লাভ কৰিবলৈ সক্ষম হৈছে এই মহোৎসৱে।

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ অষ্টম সংস্কৰণত প্ৰতিযোগিতামূলক শাখাত চলচ্চিত্ৰ প্ৰৱেশৰ বাবে চুটি ছবি শিতানৰ উপৰিও অন্তৰ্ভূক্ত কৰা হৈছে বৈশিষ্ট্যপূৰ্ণ ছবি আৰু তথ্যচিত্ৰৰ দৰে শিতান। প্ৰতিযোগিতামূলক শিতানৰ উপৰিও এই মহোৎসৱত অপ্ৰতিযোগিতামূলক শিতানত ছবি আৰু চলচিত্ৰীয় কৰ্মৰাজিও প্ৰদৰ্শন কৰা হ’ব। উদীয়মান প্ৰতিভাৰ উন্মেষ ঘটোৱাৰ লগতে অৰ্থবহ আৰু সৃষ্টিশীল চিনেমাৰ শ্ৰেষ্ঠ কাম প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলে।

শেহতীয়াকৈ কোভিড মহামাৰীৰ বিশ্বজনীন প্ৰত্যাহ্বানৰ মাজতো ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলে অৰ্থবহ চলচ্চিত্ৰ নিৰ্মাণক সন্মান জনোৱাৰ বাবে এক নতুন দৃষ্টিভংগীৰে পুনৰ আৰম্ভ কৰিছে যাত্ৰা। চিনেমাৰ এই বৰ্ণাঢ্য যাত্ৰাত অংশগ্ৰহণৰ বাবে সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীসকলক আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে মহোৎসৱলৈ।

আগন্তুক সংস্কৰণৰ সন্দৰ্ভত বিৱৰণ দি ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ উৎসৱ পৰিচালক তনুশ্ৰী হাজৰিকাই কয়, “ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ ৭টা সফল সংস্কৰণৰ আয়োজন কৰাটো আমাৰ বাবে এক অভূতপূৰ্ব যাত্ৰা। ২০২৩ চনৰ ডিচেম্বৰ মাহত মহোৎসৱৰ অষ্টম সংস্কৰণৰ বাবে প্ৰস্তুতি চলাই আমি যথেষ্ট উৎসাহী হৈ পৰিছো৷ অৰ্থবহ চিনেমাৰ বাহক হোৱাৰ দৃষ্টিভংগীৰে আমি আগবাঢ়িছো। উত্তৰ-পূব ভাৰতৰ হৃদস্পন্দনস্বৰূপ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হৈ অহা ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ প্ৰতিভাক একত্ৰিত কৰি এখন মঞ্চ প্ৰদান কৰা।’’ 

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল কেৱল এক চিনেমাৰ প্ৰদৰ্শনী নহয়, এই মহোৎসৱে ছবিপ্ৰেমীৰ মাজত সমন্বয়ৰো দুৱাৰ খুলি দিয়ে। এই মহোৎসৱত প্ৰতিফলিত হয় সৃষ্টিশীলতা আৰু হৃদয়ৰ সৈতে হৃদয়ৰ সংযোগ। ৰূপালী পৰ্দাৰ বাহিৰতো আকৰ্ষণীয় কৰ্মশালা, প্ৰেৰণাদায়ক কুইজ আৰু জ্ঞানদায়ক বৈঠকৰ আলোচনাই ছবিপ্ৰেমীক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব পাৰে। লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত প্ৰখ্যাত ছবিৰ তাৰকাৰ সৈতেও সংযোগ আৰু সমন্বয় গঢ়ি তোলাৰ প্ৰধান সুযোগ সৃষ্টি কৰিব পাৰে এই মহোৎসৱে।

ইয়াৰ পূৰ্বে এই মহোৎসৱৰ বিষয়ে কোৱাৰ সময়ত অভিনেতা বোমান ইৰাণীয়ে কয় যে তেওঁ পুনৰ এই মহোৎসৱত অংশগ্ৰহণ কৰিব বিচাৰে। “ইমান অভূতপূৰ্ব দৰ্শকৰ উপস্থিতি, সৰু সৰু কথাৰ প্ৰতিও তেওঁলোক ইমান সংবেদনশীল। ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ বাৰে বাৰে আহিব পাৰিলে মোৰ ভাল লাগিব।’- ২০১৮ চনৰ মহোৎসৱৰ সংস্কৰণৰ স্মৃতি সুঁৱৰি এইদৰে মন্তব্য কৰিছিল বলিউডৰ জনপ্ৰিয় অভিনেতা বোমান ইৰাণীয়ে।

 চলচ্চিত্ৰ নিৰ্মাতা ইমতিয়াজ আলীয়েও এই মহোৎসৱৰ প্ৰশংসা কৰিছিল। “আপুনি ছবি নিৰ্বাচন আৰু সঠিক চলচ্চিত্ৰ নিৰ্মাতা লাভ কৰাৰ বাবে যি প্ৰচেষ্টা চলায়, মহোৎসৱসমূহে তেওঁলোকক তেওঁলোকৰ কাম প্ৰদৰ্শনৰ এক সুন্দৰ সুযোগ আৰু মঞ্চ প্ৰদান কৰে। আৰু সেইবাবেই ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱে যোৱা সাত বছৰ ধৰি সফলতাৰে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে।’’ -২০১৯ চনত এইদৰে কয় জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে।

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

ফাৰহান আখতাৰ (২০১৪), প্ৰকাশ ঝা (২০১৬), ৰাজকুমাৰ হিৰানী (২০১৫), গৌৰী শিণ্ডে (২০১৭), নিকোলাছ খাৰকংগোৰ (২০১৯), ৰীমা কাগতি (২০১৬), শকুন বাতৰা (২০১৮), পাওলি বান্ধ (২০১৭, ২০১৯), শোভিতা ধূলিপালা (২০১৯), শিলাদিত্য বৰা (২০১৯)ৰ লগতে আন বহুকেইগৰাকী প্ৰখ্যাত ব্যক্তিয়ে বিগত সময়ত এই মহোৎসৱত অংশগ্ৰহণ কৰি আয়োজক আৰু ঘৰুৱা চলচ্চিত্ৰ মহোৎসৱৰ সৈতে জড়িত সকলোকে উৎসাহিত কৰি মধুৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform