১৪ ছেপ্টেম্বৰ। নিশা। “নিয়মীয়া বাৰ্তা” কাকতৰ সাংবাদিক হেমন্ত মজুমদাৰৰ “ফোন”– দিলীপ কুমাৰ হাজৰিকা আৰু নাই। স্বাভাৱিক খবৰ! মানি লব নোৱাৰা খবৰ! বুকু বিষোৱা খবৰ!
“বুকু হম হম কৰে…”ৰ কথা কৈছিল দিলীপ কুমাৰ হাজৰিকাই। চন: ২০০২। বাৰ, তাৰিখ মনত নাই। ৭-৮ বছৰ পাছত কৰ্মস্থান মুম্বাইৰ পৰা প্ৰত্যৱৰ্তন কৰি দৈনিক কাকত “আজি”ৰ সম্পাদনা বিভাগত জড়িত হৈছিলোঁ। মোক “আজি”ৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ কক্ষলৈ মতাই আনি দিলীপ কুমাৰ হাজৰিকাই বলিউড কেন্দ্ৰীক ইটো-সিটো কথা সুধিছিল। সুধিছিল “দিল হুম হুম কৰে…” কেন্দ্ৰীক ইটো-সিটো কথা। আৰু কৈছিল “মণিৰাম দেৱান”ৰ কথা। “সেই সময়ত (“মণিৰাম দেৱান” চিত্ৰগৃহলৈ আহিছিল ১০ জানুৱাৰী, ১৯৬৪ -ত। চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হৈছিল ১৯৬২ চনত। একে লেথাৰিয়ে চিত্ৰগ্ৰহণৰ কাম হোৱা নাছিল। কলিকতাৰ (কলকাতাৰ) ইন্দ্ৰপুৰী ষ্টুডিঅ’ত এৰা এৰিকৈ দীৰ্ঘ সময় চিত্ৰগ্ৰহণৰ কাম চলিছিল।) চিনেমা বুলিলেই মই পাগল আছিলোঁ। পৰিচালক সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে মোক কৈছিল– ‘তুমি পিয়লি বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিবা! মোক পাই কোনে! আৰু কেইদিন পাছতে শুনিলোঁ মোৰ ওঁঠত গীত থাকিব। ভূপেন হাজৰিকাই গোৱা গীত– ‘বুকু হম হম কৰে…’। চিত্ৰায়ণৰ আগতে গীতটো মোক কেইবাবাৰো শুনোৱা হৈছিল। গীতৰ ৰিহাৰ্ছেলৰ সময়ত, ৰেকৰ্ডিঙৰ সময়তো শুনিছিলোঁ, কলিকতাৰ ‘হিন্দুস্থান ৰেকৰ্ডিং ষ্টুডিঅ’ত’। বুকু হম হমাই গৈছিল। আজিও বুকু হম হমাই, সেই সময়ৰ কথা মনলৈ আহিলে। চিনেমা খনৰ নামত ইমানেই পাগল হৈছিলো, আন সকলো কাম বাদ দি কলিকতাতে আছিলোঁ, চিনেমা খনৰ নিজৰ চৰিত্ৰটোৰ লগতে ইটো-সিটো কাম কৰি।”
“মণিৰাম দেৱান”ৰ পাছৰ সময় চোৱাত দিলীপ কুমাৰ হাজৰিকাই অভিনয় কৰিছিল “ককাদেউতা নাতি আৰু হাতী”, “পিতাপুত্ৰ”, “ৰং”, “প্ৰভাতী পখীৰ গান”, “প্ৰতিমা”, “ভাই ভাই”, “বহাগৰ দুপৰীয়া”, “সপোন” আদিত। কম ফুটেজৰ চৰিত্ৰত। “অভিনয় আৰু লেখা মোৰ নিচা। মোৰ নিচাৰ কথা জানেই বাবে ভাইমন (মুনিন বৰুৱা) হতে মোৰ বাবে সৰুকৈ চৰিত্ৰ ৰচনা কৰে, অজিত (অজিত কুমাৰ ভূঞা) হতে লিখিবলৈ কাকতত ঠাই দিয়ে।”
কাকত-আলোচনীৰ columnist আছিল দিলীপ কুমাৰ হাজৰিকাৰ আন এক পৰিচয়। সমাজৰ, ৰাজনীতিৰ কথা লিখিছিল যদিও পৰিচয় পাইছিল চিত্ৰ সাংবাদিক হিচাবে। ৬০ দশকৰ আৰম্ভনীতে, সেই সময়ৰ “অসম বাণী” কাকতৰ সম্পাদক সতীশ চন্দ্ৰ কাকতিয়ে কাকত খনৰ চিনেমাৰ পৃষ্ঠাটো সজাবলৈ (সম্পাদনা কৰাৰ) দায়িত্ব দিছিল দিলীপ কুমাৰ হাজৰিকাক। “মই লেখা এটা লৈ সতীশ চন্দ্ৰ কাকতিৰ ওচৰলৈ গৈছিলোঁ। মোৰ বয়স ২২-২৩ বছৰ। (দিলীপ কুমাৰ হাজৰিকাৰ জন্ম: ১৫ জুন ১৯৩৩।) শিৱসাগৰ চৰকাৰী বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি কটন কলেজত নাম লগাইছিলোঁ। তাৰ পাছত গৌহাটী বিশ্ববিদ্যায়, আইন কলেজ। কটন কলেজত পঢ়ি থকা সময়তে মোক বহুতে নাটক, চিনেমাৰ বিষয়ে লিখা মানুহ বুলি জানিছিল। শিৱসাগৰত থকা সময়ত “সেউজীয়া সমাজ”ৰ হৈ নাটক কৰিছিলো। সেই সময়ত অভিনয় কৰাৰ লগতে নাটকৰ বিষয়ে সাংবাদিকতা কৰিবলৈ প্ৰেৰণা পাইছিলো পৰাগধৰ চলিহাৰ। গুৱাহাটীলৈ অহাৰ পাছত প্ৰেৰণা দিছিল সত্য প্ৰসাদ বৰুৱা, লক্ষ্যধৰ চৌধুৰী, প্ৰবীণ ফুকন, মোৰ মামা তিলক দাস আদিয়ে। মঞ্চত, অনাটাৰ কেন্দ্ৰত নাটকৰ কাম কৰাৰ লগতে লিখা-মেলা কৰো বুলি সতীশ চন্দ্ৰ কাকতিয়ে জানিছিল বাবে মোক পৃষ্ঠা সজাবলৈ সুযোগ দিছিল।”
১৯৬২ চনত “মণিৰাম দেৱান” চিনকৰ্মৰ বাবে কলিকতাত এবছৰৰো বেছি সময় থাকিবলৈ বাধ্য হোৱাত “অসম বাণী”ৰ কাম এৰিবলগীয়া হৈছিল। চিনেমা খনৰ কাম শেষ হোৱাৰ পাছত, ১৯৬৩ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পোৱা “নৱযুগ”ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত হয়। লগতে দিকুহা নামেৰে “অসম বাণী”ত আৰম্ভ কৰে এটা নতুন শিতান “এক মিনিট”। এই নাম আৰু শিতান কম সময়তে জনপ্ৰিয় হয়। পাছলৈ এই নামেৰে, এই শিতান লিখিছিল “পূৰ্বাঞ্চল” আৰু অন্যান্য কাকততো। দিকুহাৰ “এক মিনিট” গ্ৰন্থ আকাৰতো প্ৰকাশ পাইছে।
“এক মিনিট”ৰ লেখন শৈলীৰে আকৰ্ষণ কৰা দিকুহাক আমি ইমান ওচৰৰ পৰা নাপালো হেতেন, যদিহে “আজি” কাকতৰ সম্পাদনা বিভাগ মোৰ কৰ্মস্থলী নহ’ল হেতেন! “আজি”ৰ লগতে “নতুন সময়”ৰ নিৰ্দিষ্ট পৃষ্ঠা কেইটামান মোৰ দায়িত্বত আছিল। দায়িত্বত থকা পৃষ্ঠা কেইটাৰ ভিতৰত চিনেমাৰ পৃষ্ঠাও আছিল। প্ৰতি সপ্তাহত চিনেমাৰ পৃষ্ঠ কেইটাত চকু ফুৰাই এটা বাক্যয়ে কৈছিল– “keep it up”। চিনেমাৰ সমালোচনা লিখি প্ৰায়ে সমস্যাত পৰিছিলোঁ। “সমস্যা” পৰিলে মোৰ ওচৰত ঠিয় হৈছিল। সমালোচনাৰ নামত “সমালোচনা” লিখিবলৈ উৎসাহ দিছিল। মোৰ “অসমীয়া চিনেমা” গ্ৰন্থ খন দি কু হা, দিলীপ কুমাৰ হাজৰিকাৰ তাগিদাতে আৰম্ভ কৰিছিলোঁ। গ্ৰন্থ খনৰ বাবে তথ্যৰে সহায় কৰিছিল। এটা লেখা লিখি দিছিল। আমি যেতিয়া “অসমীয়া প্ৰতিদিন”, “নিয়মীয়া বাৰ্তা”ৰ সম্পাদনা বিভাগত কাম কৰিছিলোঁ, তেতিয়াও লেখাৰে, তথ্যৰে সহায় কৰিছিল।
এই গৰাকী ব্যক্তিৰ মৃত্যু! কেনেকৈ মানি লব পৰা খবৰ হব পাৰে! কেনেকৈ বুকু নিবিষোৱা খবৰ হব পাৰে!
Add comment