Rupaliparda.com
কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা --উৎপল মেনা 1

কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা –উৎপল মেনা

কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা --উৎপল মেনা 2

নতুন বছৰটোৰ প্ৰথম খন অসমীয়া চিনেমা চালোঁ। মৰিগাঁও জিলাৰ বঘৰাস্থিত ঐতিহ্যমণ্ডিত কইনা কন্দা শিলৰ পটভূমিত নির্মিত ‘কইনা কন্দা শিল’। কিংবদন্তিৰ ৰূপালী গল্প। ৬০০ বছৰৰ আগৰ আখ্যান। মুখে মুখে চলি আহিছিল। এসময়ত গৱেষকে ছপা মাধ্যমলৈ অনা, দৃশ্য, শ্ৰব্য (“কইনা কন্দা শিল” এতিয়া আকাশবাণী গুৱাহাটীৰ ইউটিউব চেনেলতো উপলব্ধ)

কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা --উৎপল মেনা 3
মাধ্যমতো চৰ্চা হোৱা লোকগাঁথাটো এনেধৰণৰ– বঘৰা ৰাজ্যৰ ৰজাৰ দিপলিপ ৰাজকুমাৰীৰ লগত বিবাহ কৰ্ম সম্পন্ন কৰি মায়ং ৰাজ্যৰ ৰজাৰ ৰাজকুমাৰে ওভতাৰ সময়ত কাল ধুমুহা আহিছিল। শিলাবৃষ্টি, কাল-ধুমুহাৰ পৰা ৰক্ষা পোৱাৰ বাবে দৰা কইনাৰ সহিতে দৰাঘৰীয়া লোকসকলে শিলৰ চেপাত আশ্ৰয় লৈছিল; কিন্তু ৰক্ষা নপালে।

কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা --উৎপল মেনা 4
শিলে হেঁচি ধৰাত মৃত্যু হয়। সেই কৰুণ দুৰ্ঘটনাৰ পাছৰে পৰা শনিবাৰ আৰু মঙলবাৰে ৰাজকুমাৰ-ৰাজকুমাৰীৰ কৰুণ বিননি সেই স্থানৰ পৰা ভাঁহি আহে বুলি কোৱা হয়। আৰু কোৱা হয় (চিনেমা খনত এই কৈছে মৰিগাঁৱৰ নিৱাসী ১০৫ বছৰীয়া শিলোকী বৰদলৈক নিৰ্মাণ কৰা চৰিত্ৰ এটাৰ মুখত দিয়া সংলাপেৰে।) নতুনকৈ বিয়াত বহিব লগা কইনাৰ ববে সাজৰ লগতে আ-অলংকাৰ নিজেই প্ৰকট হয় বুলি।

কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা --উৎপল মেনা 5
চিনেমা খনত ৬০০ বছৰৰ আগৰ কাহিনী ভাগ দেখুৱাইছে ফ্লেছ-বেকত। (ইকভেলী চিনে প্ৰডাকচনৰ বেনাৰত নির্মিত এই চিনেমা খনৰ প্রযোজনা ড° মাইনু দেবীৰ। পৰিচালনা ড° মাইনু দেৱী আৰু ৰমেন বৰাৰ। সহঃ পৰিচালক ড° অলকানন্দাৰ কাকতি আৰু কুশল নাথ। অভিনয় কৰিছে ক্রমে- উপকুল বৰদলৈ, ড° বিমলজ্যোতি বৰদলৈ, কুঁৱৰী শৰ্মা, মিহিৰাম বৰদলৈ, তন্দ্ৰালি মুর্ছনা, হীৰকজ্যোতি কোঁৱৰ, ৰাজীৱ নাথ, দিগন্ত শর্মা, গগন ডেকা, শশীব্রতা বৰদলৈ আদিয়ে। সংগীত পৰিচালনা ড° মাইনু দেৱীৰ। সম্পাদনা কৰিছে ৰাজু গগৈয়ে। চিনেমা খনত এটা গীত সন্নিবিষ্ট হৈছে। গীতৰ কথা আৰু সুৰ ড° মাইনু দেৱীৰ।

কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা --উৎপল মেনা 6
কণ্ঠ: ড° মাইনু দেবী আৰু হীৰকজ্যোতি কোঁৱৰৰ। কৰিয়গ্রাফী নীল নয়নৰ। চিত্ৰগৃহলৈ অহাৰ তাৰিখ: ৫ জানুৱাৰী।)
চিনেমা খনৰ প্ৰসংগত এনেদৰে ক’ব পাৰি– বজাৰ চিন্তাৰ আঁতৰৰ, চিনেমাৰ বাবে চিনেশিল্প বুলিয়ো ক’ব নোৱাৰি। চিনেমা খনৰ সৌন্দৰ্য– ব্যৱহাৰ গীত।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform