Rupaliparda.com
অচিন্ত শংকৰৰ তৃতীয় --উৎপল মেনা 1

অচিন্ত শংকৰৰ তৃতীয় –উৎপল মেনা

অচিন্ত শংকৰৰ তৃতীয় --উৎপল মেনা 2
।। মহুৰৎ শ্বট।।
জ্যোৎস্না : তুমি বেলি ডুবা চাই ভাল পোৱা?
প্রভাত : ওঁম্… বহুত…
জ্যোৎস্না : কিয়?
প্রভাত : নাজানো… হয়তো কিবা শান্তি অনুভৱ কৰোঁ, যেন দিনটোৰ কাম-কাজৰ পৰা আজৰি হ’লো… খুব ৰিলেক্সড…
প্রভাত : আৰু এই সূর্যান্তই মোক লাহে লাহে গধূলিৰ জোনাকীৰ ওচৰ চপাই নিয়ে। মোৰ জ্যোৎস্নাৰ কাষ চপাই নিয়ে।
জ্যোৎস্না: Flirt ক’ৰবাৰ…!

অচিন্ত শংকৰৰ তৃতীয় --উৎপল মেনা 3

প্রভাত : আৰু তুমি? তুমি কি ভাল পোৱা?
জ্যোৎস্না: মই সূর্যোদয় ভাল পাওঁ…
এইখিনিৰ দৰে একেই ৰঙা… কিন্তু তাত আছে এটা আৰম্ভণি, নতুনৰ প্ৰতিশ্ৰুতি…

অচিন্ত শংকৰৰ তৃতীয় --উৎপল মেনা 4

।। শুভ মহুৰৎ ।।
অভিমন্যু– ২০২৪ বৰ্ষটোত মহুৰৎ সম্পন্ন হোৱা প্ৰথম খন অসমীয়া চিনেমা। অচিন্ত শংকৰৰ পৰিচালনা। বৰ্ষটোৰ চতুৰ্থ দিনটোত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ চৌহদত চিনেমা খনৰ শুভ মহুৰৎ সম্পন্ন হয় ভালেমান চিনেকৰ্মী, চিত্ৰ ৰসিকৰ উপস্থিতিত। (কেমেৰাত মাল্য অৰ্পন কৰে চিত্ৰ গ্ৰহণকাৰী-পৰিচালক শিৱানন বৰুৱাই। কেমেৰাৰ চুইচ অ’ন কৰে পৰিচালক, লেখক মঞ্জু বৰাই। ক্লেপ্‌ ষ্টিক দিয়ে অভিনেত্ৰী-পৰিচালক আইমী বৰুৱাই।) পৰিচালক-অভিনেতা ৰাজেশ ভূঞাই নাৰিকল ভঙাৰ পাছতে কমল লোচন-দীপলিনা ডেকাক লৈ নিৰ্দেশ দিয়ে মহুৰৎ শ্বটৰ।

।। পূৰ্বালোকন: থোৰতে ।।
অচিন্ত শংকৰৰ কৰ্মশক্তি, চিনেশক্তি মনত ৰাখি আশা কৰিছোঁ– ‘অভিমন্যু’ হ’ব ‘বজাৰৰ বাবে চিনেমা’; কিন্তু আঁতৰৰ নহব ‘চিনেশিল্পৰ বাবে চিনেকৰ্ম’ৰ। আৰ্থাৎ বিনোদনৰ মাজেৰে চিনেশিল্প উপভোগৰ সুযোগ দিব দৰ্শকক!
আশাৰ আন বুনিয়াদ– অচিন্তৰ ‘প্ৰতিঘাত’। প্ৰথম স্বাধীন পৰিচালনা (feature-length cinema)। চিনেমা খনৰ চৰিত্ৰ নিৰ্মাণ, গল্প কোৱাৰ শৈলী চিত্ৰগৃহত টিকট ক্ৰয় কৰি চিনেমা চোৱা দৰ্শকক (বেছি সংখ্যক। যি সকলে মূলতঃ বিনোদনৰ বাবে চিত্ৰগৃহলৈ আহে) সন্তুষ্ট কৰিব পৰা স্তৰৰ আছিল। ‘চিনেকৰ্ম’ৰ দিশৰ পৰা, কাহিনী নিৰ্মাণ, সংলাপ প্ৰয়োগত স্থানীয় বজাৰত ব্যৱসায়ৰ অভিলেখ (box office collection records) গঢ়া, ভংগ কৰা কেইবা খনো অসমীয়া চিনেমাতকৈ পৰিপাটি আছিল। সন্দেহ নৰখাকৈ ক’ব পাৰি– চিনেমা খনত অমৃতা গগৈক মূল চৰিত্ৰটো নিৰ্মাণ কৰিছিল। চৰিত্ৰটো (তিনিখন জনপ্ৰিয় চিনেমা) ‘মিছন চাইনা’ৰ জুবিন গাৰ্গক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোতকৈ বেছি পৰিপাটি (শক্তিশালী/ powerful character), ‘ৰত্নাকৰ’ত যতীন বৰাক লৈ নিৰ্মাণ কৰা, ‘শ্ৰী ৰঘুপতি’ত ৰবি শৰ্মাক লৈ নিৰ্মাণ কৰা চৰিত্ৰ দুটাতকৈ কম নহয়। চিনেমাত ‘নায়িকা’ক লৈ নিৰ্মাণ কৰা এনে চৰিত্ৰ কম দেখা যায়।
আমি আশা কৰিব পাৰোঁ– ‘অভিমন্যু’ত কমল লোচনক লৈ দৰ্শক চুব পৰা চৰিত্ৰ এটা নিৰ্মাণ কৰিব। সন্দেহ নাই– কমল অভিনয় ক্ষমতা থকা, অভিনয় অধ্যয়ণ থকা অভিনেতা। (কমলৰ লগতে চিনেমা খনত অভিনয় কৰিব– দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, ৰাজীৱ গোস্বামী, দীপলিনা ডেকা, ভগৱত প্ৰীতম, ৰিম্পী দাস আদিয়ে।)
আৰু?
আৰম্ভনীতে উল্লেখ কৰা মহুৰৎ শ্বটৰ সংলাপে ইংগিত দিয়ে, চিনেমা খনৰ সংলাপো পৰিপাটি হ’ব, চিনেমেটিক হ’ব! (শব্দ চিনেমাৰ প্ৰধান অলংকাৰ)

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform