Rupaliparda.com
এটা নিৰ্জন দুপৰীয়া --উৎপল মেনা 1

এটা নিৰ্জন দুপৰীয়া –উৎপল মেনা

চৰ্চাত এখন অসমীয়া চিনেমা– “এটা নিৰ্জন দুপৰীয়া”।খঞ্জন কিশোৰ নাথৰ পৰিচালনা।

এটা নিৰ্জন দুপৰীয়া --উৎপল মেনা 2
সেই সময়ত “দৈনিক অসম”ত “শিল্পকথা” লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া চিনেমাৰ) লেখা এটা ছপা হোৱাৰ আগতে চকু ফুৰাই এজনে কৈছিল –ইয়াত “চোৰ” বাদ পৰিছে। লগে লগে আমি চিনেমা চৰ্চা কৰা, খবৰ ৰখা ইজনৰ লগত-সিজনৰ লগত চৰ্চা কৰি চিনেমা খনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। জানিবলৈ চেষ্টা কৰা বাটত ধাৰণা কৰিছিলোঁ– নতুন চিনেচিন্তা মন-মগজুত লৈ থকা চিনেকৰ্মী। অসমীয়া চিনেমাৰ উত্তৰণৰ বাট বহলাব পৰা পৰিচালক-লেখক।

এটা নিৰ্জন দুপৰীয়া --উৎপল মেনা 3
–নাই, “চোৰ” আমি আজিৰ তাৰিখতো চোৱাৰ সুযোগ পোৱা নাই। আমাৰ ধাৰণা যে অশুদ্ধ নহয় উমান পালোঁ “এটা নিৰ্জন দুপৰীয়া”ৰ পোষ্টাৰত। সামাজিক মাধ্যমত, চিত্ৰ ৰসিক সকলৰ মাজত চৰ্চাৰ বিষয় হোৱা প্ৰথম পোষ্টাৰ খনে মনলৈ আনি দিছিল “জল সাগৰ”, “খাৰিজ”, “অৰণ্যেৰ দিনৰাত্ৰি” ইত্যাদি।

এটা নিৰ্জন দুপৰীয়া --উৎপল মেনা 4
খঞ্জনৰ নতুন চিনেকৰ্মটোৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়িছিল।
আমাৰ আগ্ৰহৰ কথা কোৱাত খঞ্জনে ক’লে– ” ‘এটা নিৰ্জন দুপৰীয়া’ আজিৰ সময়ৰ চিনেমা। এহাল ডেকা গাভৰুৱে কিছু একান্ত ব্যক্তিগত সময় কটাবলৈ যাওঁতে সমাজৰ হাতত কেনেকৈ নিৰ্যাতিত হয় তাৰেই এক অৱলোকন। …এই চিনেমা খন বহু কেইটা দিশৰ পৰা (অসমীয়া চিনেমাৰ ক্ষেত্ৰত) ব্যতিক্ৰম। প্ৰায় দুই ঘণ্টাৰ চিনেমা খনত সৰ্বমুঠ ৫০ টা শ্বট আছে। সৰ্বাধিক দৈৰ্ঘৰ শ্বটতো হৈছে প্ৰায় ১২ মিনিটৰ। দ্বিতীয়তে চিনেমা খনৰ কাহিনীভাগ মাত্ৰ এটা দিনৰ। অসমীয়া চিনেমাত এনে ধৰণৰ চিনেকৰ্ম দেখিবলৈ নাই। তৃতীয়তে এই চিনেমা খনত যথেষ্ঠ বোল্ড দৃশ্য থকাৰ বাবে চেন্সৰ বোৰ্ডৰ পৰা এ চাৰ্টিফিকেট লাভ কৰিছে।”
আমি জানিব বিচাৰিছিলোঁ খঞ্জন কিশোৰ নাথৰ ভিতৰত থকা “চিনেমাৰ মানুহ” জনক।
খঞ্জনে জনালে– “চিনেমাৰ ধাৰণা মোৰ বাবে সময় সাপেক্ষে সলনি হৈ থাকে। শৈশৱ আৰু কৈশোৰ কালত চিনেমা মোৰ বাবে আছিল অন্তহীন এক বিস্ময়। যৌৱনত চিনেমা এক ৰোমাণ্টিক ভাৱনা আৰু আজিৰ সময়ত চিনেমা জীৱনৰ অন্য নাম। মোৰ বাবে চিনেমা হল জীৱনৰ এক কলাত্মক ৰূপ যাৰ জৰিয়তে জীৱনৰ বিভিন্ন সময়,ৰূপ আদিবোৰ এক বেলেগে দৃষ্টিকোণৰ পৰা ৰূপায়িত কৰিব পাৰি।
চিনেমা ব্যৱসায় নে কলা সেয়া ব্যক্তি বা পৰিস্থিতি সাপেক্ষে ভিন্ন হব পাৰে। কিন্তু ব্যক্তিগত ভাৱে মই ভাবোঁ যে চিনেমা মূলত এক কলা। এই কলাত যিহেতু যথেষ্ঠ অৰ্থ জঢ়িত হৈ আছে সেয়ে ইয়াক অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা চাবই লাগিব। কিন্তু কেৱল মাত্ৰ বজাৰৰ কথা ভাবি চিনেমা নিৰ্মাণ কৰাটো আচলতে নিজকে ফাকি দিয়াৰ দৰে কথা। চিনেমাৰ বজাৰ ভাল হ’ব নে বেয়া হ’ব সেয়া সম্পূৰ্ণ পৰিকল্পিত প্ৰচাৰৰ ওপৰত নিৰ্ভৰ কৰিব। অসমৰ দৰে এখন ঠাইত আমাৰ দৰে পৰিচালকে ধাৰাবাহিক ভাৱে চিনেমা নিৰ্মাণ কৰাটো এক বৃহৎ প্ৰত্যাহ্বান। কাৰণ আমি চিনেমা বজাৰক লক্ষ্য কৰি নিৰ্মাণ নকৰোঁ।”

।। অতীতচাৰণ ।।
“চিনেমা নিৰ্মাণৰ প্ৰক্ৰিয়াটোত মই ২০০৬ বৰ্ষৰ পৰাই জঢ়িত হৈ আছোঁ। প্ৰথম অৱস্থাত ছুটি চিনেমাৰে এই যাত্ৰা আৰম্ভ কৰিছিলোঁ। ২০০৯ বৰ্ষত চিনেমা পৰিচালনাৰ পাঠ্যক্ৰম কৰিবলৈ মুম্বাইলৈ যোৱাৰ আগতেই মই তিনিখন ছুটি ছবি নিৰ্মাণ কৰিছিলোঁ। তাৰ ভিতৰত “সূৰ্যসন্ধান” নামৰ চিনামা খনে সেই সময়ত ভালেকেইটা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছিল। পৰবৰ্তী সময়ত ২০১২ বৰ্ষত “চাকনৈয়া” নামৰ এখন ছুটি চিনেমা কৰোঁ, যিখন প্ৰায় ২০ টা মান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত হৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত মই ২০১৩ বৰ্ষত মোৰ প্ৰথম খন পূৰ্ণ দৈৰ্ঘ্য চিনেমা “চোৰ” ৰ কাম আৰম্ভ কৰোঁ। অৰ্থৰ অভাৱত চিনেমা খন সম্পূৰ্ণ কৰোঁ ২০১৭ বৰ্ষত। এই চিনেমা খনেও বহু কেইটা চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত হোৱাৰ লগতে বঁটা পাবলৈ সক্ষম হৈছিল। উল্লেখ্য যে এই চিনেমা খনে শ্ৰেষ্ঠ নতুন পৰিচালক, শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৯ বৰ্ষত আকৌ কাৰ্বি ভাষাত ছুটি চিনেমা কৰা হৈছিল। নাম আছিল “কাঁচিচিনিথু”।এই খনে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ ছুটি ছবিৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল।” –খঞ্জন কিশোৰ নাথে ক’লে।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform