Rupaliparda.com
দৰথীৰ বিষয়ে --উৎপল মেনা 1

দৰথীৰ বিষয়ে –উৎপল মেনা

দৰথীৰ বিষয়ে --উৎপল মেনা 2
“বৰনদী ভটিয়াই”– আমাৰ বাবে আছিল surprise, চিনে আশ্চর্য। ২০১৯ চনৰ ৩ মে’ তাৰিখে চিত্ৰগৃহলৈ আহিছিল– এই অসমীয়া চিনেমা খন। অনুপম কৌশিক বৰাৰ পৰিচালনা।
চিনে আশ্চর্য আমাৰ বাবে এই কাৰণেই আছিল– সেই সময়ত পৰিচালক গৰাকী আমাৰ পৰিচিত নাছিল, চিনেমা খনৰ পূৰ্ব ধাৰণা নাছিল। আৰু আমি পৰ্দাত দেখিছিলোঁ সতেজ বিষয়বস্তুৰ নতুন চিনেচিন্তাৰ চিনেকৰ্ম। অনুভৱ কৰিছিলোঁ পৰিপাটি dark comedy এখনৰ চিনে-আনন্দ।
চিনেমা খনৰ দৰেই আমাৰ বাবে surprise আছিল– মৌকণ (চিনেমা খনৰ “নায়িকা”) -ৰ চৰিত্ৰত অভিনয় কৰা ডৰথী ভৰদ্বাজ। মুকলি অভিনয়, সংলাপ প্রক্ষেপণে চুই গৈছিল, মনত ৰৈ গৈছিল।
–ডৰথীৰ অভিনয়ৰ আনন্দ দ্বিতীয়বাৰ লৈছিলোঁ “জলছবি”ত (পৰিচালক: জয়ছেং জয় দহোতীয়া), তাপসীৰ চৰিত্ৰত। তাপসীৰ আশা, সপোন চিনেমা খনৰ বিষয়বস্তু। শিক্ষা শেষ কৰি তাপসী উভতি আহে নিজৰ ঘৰ খনলৈ। মাক-দেউতাক আৰু ভায়েকক লৈ তাপসী হতৰ ঘৰখন। চহৰৰ পৰা তাই লৈ আহিছিল “আধুনিকতা” (তাপসীৰ প্ৰতি দেউতাক: তই এই বোৰ কাপোৰ নিপিন্ধিবি!), হাতত “মোবাইল”। তাই হয়তো ভাবিছিল, তইৰ হাতৰ মুঠিতে সকলো! গাওঁত থাকিয়ো তাই সপোন বোৰ বাস্তৱ কৰিব পাৰিব! (কেইটামান শ্বটেৰে আজিৰ, বাস্তৱৰ “মোবাইলৰ পৃথিৱী” খন দেখুৱাইছে পৰিচালকে।) কিন্তু বাস্তৱত? ইণ্টাৰনেট আছে, ঘণ্টাৰ পাছত ঘণ্টা কাৰেণ্ট নাই, সময়ত চাকৰিৰ বাবে দি আহা ইণ্টাৰভিউটোৰ খবৰ “নেট”ত চাব পৰা নাই। নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট চৰকাৰী কাৰ্যালয়টোত, নিৰ্দিষ্ট কৰ্মচাৰী গৰাকী নাই, “আজি নহব, কাইলৈ আহিব” উত্তৰ লৈ ঘৰলৈ উভতি আহে। –তাপসীৰ “সপোন যাত্ৰা”ত সহায় নকৰে মাক-দেউতাক, ভায়েকে। আঁতৰি যায় প্রেমাস্পদো। আৰু এদিন জীৱনৰ এই যুঁজত তাপসী ধৰাশায়ী হয়, বিধ্বস্ত তাপসীয়ে তাইৰ সমস্ত আশা অদৃষ্টৰ হাতত তুলি দিবলৈ বাধ্য হয়। অজস্ৰজনৰ মাজত লাহে লাহে হেৰাই যাবলৈ ধৰে। মাক-দেউতাকৰ ইচ্ছাত বিয়াত বহে। কিন্তু জীৱন পূৰ্ণ হোৱাৰ আগতেই স্বামীক হেৰুৱাই। ঘৰলৈ উভতি আহে।
–তাপসী ৰৈ নাযায়, নিজকে নতুন ৰূপত প্ৰতিস্থা কৰে, জীৱন বাটত নিজক নতুন গতি দিয়ে, জলছবিৰ দৰে জলমলাই জলমলাই আগৰবোৰ এদিন নোহোৱা হৈ পৰে, কোনোৱে হিচাপ নৰখাকৈ। দৰ্শকে সংগীতৰ তাল তালে ভায়েকৰ সৈতে নৃত্য কৰি থকা (ইমানতে ৰূপালী গল্পটো শেষ) তাপসীক মনত ৰাখি অনুভৱ কৰে– জীবনে মোট সলায়, আশাবোৰে নতুনৰ বাট লয়।
–চৰিত্ৰটোৰ প্ৰতি কৰা ন্যায় আমাৰ আনন্দৰ কাৰণ।
তৃতীয়বাৰ দৰথীৰ অভিনয়ে চুই গ’ল “অনুনাদ” (পৰিচালক: ৰীমা বৰা) কৰা অভিনয়ৰে। আৰ্থিক হেচাৰ মাজত সপোন দেখা, সপোন সাকাৰৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱা ছোৱালী এজনীৰ চৰিত্ৰত কৰা অভিনয়ো মুকলি, মনত ৰৈ যোৱা।
–চতুৰ্থবাৰ দৰথীৰ অভিনয় দেখিলোঁ, “সত্য-THE TRUTH”ত। ৰূপজ্যোতি বৰঠাকুৰৰ পৰিচালনা।
–আমাৰ ধাৰণাত অসমীয়া চিনেমাৰ পৰিচালকে দৰথীৰ নামেৰে এগৰাকী অভিনেত্ৰী পালে যাৰ চেহেৰাত ইলা কাকতিৰ দৰে “হাঁহি সৌন্দৰ্য” আছে, মলয়া গোস্বামী-ৰুণু দেৱীৰ দৰে অভিনয় শক্তি আছে।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform