Rupaliparda.com
ঝংকাৰ-the melody of resonance --উৎপল মেনা 1

ঝংকাৰ-the melody of resonance –উৎপল মেনা

ঝংকাৰ-the melody of resonance --উৎপল মেনা 2“আৰু এখন চিনেমা কৰিম! ছুটি নহয়, দীঘল! কম বাজেটত। কিন্তু ভাল চিনেমা।” –কথা প্ৰসংগত লেখক-পৰিচালক হেম চন্দ্ৰ বৰাই কৈছিল। পৰিচালক গৰাকীয়ে বিশ্বাস কৰে, বাজেট চিনেমাৰ “ভাল-বেয়া”ৰ নিয়ন্ত্ৰক নহয়। নিয়ন্ত্ৰক চিনেচিন্তাহে। বাজেটৰ কথা মনত ৰাখি পৰিচালকে কাহিনীক শাসন কৰিলে, শাসন কৰিব পাৰিলে কম বাজেটতে ভাল চিনেমা নিৰ্মাণ কৰিব পাৰি– এই কথাও পৰিচালক বৰাই বিশ্বাস কৰে। এই “বিশ্বাসৰ বুনিয়াদ”ত ঠিয় হৈয়ে হঠাতে এদিন মহানগৰীৰ প্ৰেছ ক্লাৱত (পৰিচালক গৰাকীৰ জন্মদিনৰ অনুষ্ঠানত) ঘোষণা কৰিছিল চিনেমা খনৰ নাম।

ঝংকাৰ-the melody of resonance --উৎপল মেনা 3ঘোষণাৰ পাছতে rupaliparda.com -ৰ পাঢ়ুৱৈক চিনেমাৰ খবৰ দিছিলো– “এয়েতো জীৱন”।

ঝংকাৰ-the melody of resonance --উৎপল মেনা 4যথা সময়ত চিনেমা খন ফ্ল’ৰলৈ গ’ল। চিত্ৰ গ্ৰহণৰ কাম প্ৰায় সম্পূৰ্ণ হ’ল। আৰু চিনেমা খনৰ নামটোও সলনি হ’ল। হেম চন্দ্ৰ বৰাই পৰিচালনা কৰা চিনেমা খনৰ নতুন নাম– “ঝংকাৰ-the melody of resonance “।

ঝংকাৰ-the melody of resonance --উৎপল মেনা 5কাহিনী, প্ৰযোজনা ড° জয়ন্তী ছুটীয়াৰ। পৰিচালক বৰাই কথা প্ৰসংগত এদিন কৈছিল– কাহিনীৰ গতিত গীত প্ৰয়োগৰ সুযোগ আছে। গতিকে গীতত গুৰুত্ব দিছে। সংগীত– সদানন্দ গগৈৰ। কণ্ঠদান কৰিছে দীক্ষু শৰ্মা , অনিন্দিতা পাল, গায়ত্ৰী শৰ্মা , সদানন্দ গগৈ , বিপ্লৱ গগৈ , ড°দিগন্ত গোস্বামী, শতাব্দী খাতনিয়াৰ, নিয়ন্তা ভাৰতী আদিয়ে। চিত্ৰগ্ৰহণ নৱ কুমাৰ দাসৰ। সাজসজ্জা বনশ্ৰী বৰাৰ। পৰিচালনাত সহায় কৰিছে দীপক কুমাৰ ৰয় , বিতোপন মহন্তই। ঝংকাৰ-the melody of resonance --উৎপল মেনা 6চিনেমা খনত অভিনয় কৰিছে– দুলাল ৰয়, ৰেবা ফুকন , ৰাগ ঐনিতম , অনিন্দিতা ৰূদ্ৰজ , দীপক কুমাৰ ৰয় , ৰাজেন ফুকন , ভগৱত প্ৰীতম , ৰাজীৱ গোস্বামী , কবিতা দেৱী , পল ফুকন ,তপজিৎ দত্তবৰা ,
ত্ৰৈলোক্য কাশ্যপ, ৰাজকুমাৰ ঠাকুৰ , মামু নাথ , অনাবিল মহন্ত , পাৰ্থ দত্ত , চোনীয়া ভৰদ্বাজ , যুক্তা বৰা , ৰাজেন নেওঁগ , মুকুল দাস , ধ্ৰুব জ্যোতি চাহা , ৰূপজ্যোতি ভূঞা , নুনুসিং কৰ্মকাৰ শিশু শিল্পীদ্বয় ক্ৰমে বিপঞ্চিকা বৰা – গ্ৰান্থিক বৰা আদিয়ে।

হেম চন্দ্ৰ বৰাৰ নতুন চিনেমা: “সংকল্প”ৰ পাছত “এয়েতো জীৱন” –উৎপল মেনা

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform