২০২৩ অসমীয়া চিনেমাৰ “আশাৰ বছৰ”ৰ আছিল। আশাৰ এই বুনিয়াদত ঠিয় হৈ ক’ব পাৰি, ২০২৪ বৰ্ষটোত আৰু অধিক গতি ল’ব অসমীয়া চিনেমাই। চিনেমাৰ ইতিবাচক গতি বা উত্তৰণ নিৰ্ভৰ কৰে স্থানীয় বজাৰৰ সফলতাৰ ওপৰত। ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱ প্ৰসাদ ঠাকুৰৰ পাছত অসমীয়া চিনেমাক গতি দিছিল মুনিন বৰুৱাই। সুখকৰ বিষয়– মুনিন বৰুৱাৰ কায়িক অৱৰ্তমানতো চলি আছে “মুনিন বৰুৱাৰ চিনেমা”ৰ কাম। জনপ্ৰিয় পৰিচালক গৰাকীৰ কাহিনী-চিত্ৰনাট্যৰে নিৰ্মাণ হৈ আছে দুখনকৈ চিনেমা–“বাৰুদ-২” আৰু “পথ-উপপথ”। মানস বৰুৱাৰ পৰিচালনাৰে নিৰ্মাণ হৈ থকা “পথ-উপপথ” চিত্ৰগৃহলৈ আহিব নতুন বছৰটোৰ ছেপ্টেম্বৰ মাহত। তাৰ পাছতে মানস বৰুৱাই ফ্ল’ৰলৈ নিব– “বাৰুদ-২” (-হয়, ১৪ এপ্ৰিল, ২০০৪ -ত চিত্ৰগৃহলৈ অহা “বাৰুদ”ৰ ছিকুৱেল।)। এই খিনিতে উল্লেখ কৰিব পাৰি, আৰু এখন অসমীয়া চিনেমা ২০২৪ বৰ্ষটোত ফ্ল’ৰলৈ যোৱাৰ আশা আছে, যি খন চিনেমাৰ বিষয়বস্তু “মুনিন বৰুৱা”। চিনেমা খনৰ নাম “ভাইমন”।
অসমীয়া চিনেমাৰ বাণিজ্যিক গতি দ্ৰুত কৰিছিল জুবিন গাৰ্গে। স্বাভাৱিকতে জুৱিনৰ চিনেমাৰ অপেক্ষাত থাকে একাংশ দৰ্শক। বিশেষকৈ এই প্ৰজন্মৰ দৰ্শক। পৰিচালনাৰ বাবে এখনো চিনেমা হাতত লোৱা নাই যদিও বছৰতোত দুখন চিনেমাত দেখা যাব জুবিনক, দেৱাংগ বুঢ়াগোহাঁইৰ পৰিচালনাৰে নিৰ্মণ হৈ থকা “চিকাৰ” আৰু জয়ন্ত নাথৰ পৰিচালনাৰে নিৰ্মিত “ৱাইড এংগোল”ত। জুবিন গাৰ্গৰ ঘৰুৱা প্ৰডাকচনৰ চিনেমা এখনো বছৰটোত চিত্ৰগৃহলৈ যাব– “ৰৈ ৰৈ বিনালে”। পৰিচালনা কৰিব ৰাজেশ ভূঞাই।
জুবিনে কটা অসমীয়া চিনেমাৰ বানিজ্যিক বাট পৰৱৰ্তী সময়ত বহল কৰিছিল ক্ৰমে যতীন বৰা (ৰত্নাকৰ), সুব্ৰত কাকতিয়ে (শ্ৰী ৰঘুপতি)। “শ্ৰী ৰঘুপতি” ৰ হাইলাইট আছিল চিনেমা খনৰ নায়ক ৰবি শৰ্মা। গতিকে স্বাভাৱিকতে দৰ্শকৰ আগ্ৰহ বাঢ়িছে ৰবিৰ চিনেমাৰ প্ৰতি। নতুন বছৰটোৰ শেষৰ ফালে অভিনেতা-লেখক গৰাকীয়ে নিজৰ চিনেচিন্তাৰে চিনেমা এখনৰ কাম আৰম্ভ কৰিব।ৰবিয়ে অভিনয় কৰিব লগীয়া আন এখন চিনেমা “ৰুদ্ৰ”(পৰিচালক: ৰূপক গগৈ) নতুন বছৰটোত চিত্ৰগৃহলৈ আহিব।
১৯৯৮ চন। –সেই সময়ত অসমীয়া চিনেমাৰ স্থানীয় বজাৰৰ দিন-কাল অতি বেয়া আছিল। কেইবা খনো অসমীয়া চিনেমাৰ ব্যৱসায়িক বিফলতাৰ পাছত “ছুপাৰহিট” হৈছিল সেই সময়ৰ এগৰাকী নৱাগত পৰিচালকৰ চিনেমা। চিনেমা খনৰ নাম– যৌৱনে আমনি কৰে”। সেই চিনেমা খনৰ পৰিচালক অশোক কুমাৰ বিষয়াই হাতত লৈছে “যৌৱনে আমনি কৰে-২”ৰ কাম। এই ছিকুৱেল খনো চিত্ৰগৃহলৈ আহিব নতুন বছৰটোত।
২০২৪ বৰ্ষটোত চিত্ৰগৃহলৈ আহিব লগীয়া অসমীয়া চিনেমাৰ তালিকাত আছ– “বীৰাংগনা সাধনী” (পৰিচালক: বিশ্বজিত বৰা), “দুৰ্গা- দি ৱাৰিয়ৰ” আৰু “প্ৰতিশ্ৰুতি” (পৰিচালক: কিশোৰ তহবিলদাৰ), “লোকেল কুংফু-৩” আৰু “জিয়া” (পৰিচালক: কেনী বসুমতাৰী), ‘মহাবাহু ব্ৰহ্মপুত্ৰ” (পৰিচালক: প্ৰাঞ্জল প্ৰতিম চেতিয়া), “ৰক্ষক” (পৰিচিলক: ৰুবুল দাস), আদি।
অসমীয়া চিনেমাৰ “স্থানীয় বজাৰ”ক গতি দিয়াৰ ক্ষমতা থকা দুগৰাকী পৰিচিলক– হিমাংশু প্ৰসাদ দাস, অচিন্ত শংকৰ। বজাৰ চিন্তাৰ লগতে নতুন নতুন চিনেচিন্তাৰে চিনেকৰ্ম কৰি অহা হিমাংশু প্ৰসাদ দাসৰ “জয় হনুমেন” চিত্ৰগৃহলৈ আহিব নতুন বছৰটোত। আন গৰাকী পৰিচালক অচিন্তৰ পৰিচালনাৰে এখন শিশু চিনেমা “হোমৱ’ৰ্ক”ৰ নিৰ্মাণ কৰ্ম শেষ হৈছে। পৰিচালক গৰাকীয়ে আন এখন নতুন চিনেমা “অভিমন্যু” ফ্ল’ৰলৈ নিব নতুন বছৰটোৰ প্ৰথমটো মাহত।
গল্প চিত্ৰায়ণৰ শৈলী, সংলাপ প্ৰয়োগ, চৰিত্ৰ নিৰ্মাণ শৈলীৰে অসমীয়া চিনেমাৰ নতুন বাট কাটিছিল ড°ভৱেন্দ্ৰ নাথ শইকীয়াই। পৰৱৰ্তী সময়ত এই শৈলীৰে “কেলেণ্ডাৰ” নামেৰে ৰূপালী গল্প নিৰ্মাণ কৰিছিল হিমজ্যোতি তালুকদাৰে। এই গৰাকী পৰিচালকৰ শেহতীয়া চিনেমা “তাৰিখ”। চিত্ৰগৃহলৈ আহিব নতুন বছৰটোত। উল্লেখ্য যে হিমজ্যোতিয়ে নতুন বছৰটোত ড°ভৱেন্দ্ৰনাথ শইকীয়াৰ “মৰমৰ দেউতা”ক ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিব।
অসম আন্দোলনক (১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন।) কেন্দ্ৰ কৰি হেম চন্দ্ৰ বৰাই পৰিচালনা কৰিছিল এখন অসমীয়া চিনেমা “সংকল্প”। চিত্ৰগৃহত মুক্তি পাইছিল ১৯৮৬ চনত। প্ৰায় ৩৭ বছৰ পাছত পৰিচালক গৰাকীয়ে দ্বিতীয় খন পূৰ্ণদৈৰ্ঘৰ চিনেমাৰ কাম হাতত লৈছে, “ঝংকাৰ” নামেৰে। এই চিনেমা খনো নতুন বছৰটোত চিত্ৰগৃহলৈ আহিব।
বজাৰচিন্তাৰ আঁতৰত থাকি নতুন নতুন চিনেচিন্তাৰে চিনেকৰ্ম কৰি থকা “হান্দুক” খ্যাত জয়ছেং জয় দহোতীয়াৰ “বাঘজান” নতুন বৰ্ষটোত চিত্ৰগৃহলৈ আহিব লগীয়া আন এখন চিনেমা।
বজাৰচিন্তাৰে, চিনেশিল্পৰ বাবে চিনেকৰ্ম কৰা পৰিচালক যদুমণি দত্তই প্ৰায় ৯ বছৰৰ পাছত এখন অসমীয়া চিনেমাৰ কাম শেষ কৰিলে প্ৰচাৰ মাধ্যমৰ পৰা আঁতৰত থাকি। নাম স্থিৰ নহোৱা এই চিনেমা খনো চিত্ৰগৃহলৈ আহিব নতুন বছৰটোত। উল্লেখ কৰা এই কেইখনৰ লগতে ভিন্ন পৰ্যায়ত আছে ৩০-৪০ খন অসমীয়া চিনেমা। ইয়াৰে ৫খনৰ সৈতে জৰিত হৈ আছে প্রতিভাবান চিনেকৰ্মী ঝুলন কৃষ্ণ মহন্ত– “গোসাঁইঘৰত আউল” (কাহিনী – চিত্ৰনাট্য, পৰিচালনা আৰু সম্পাদনা), “সন্ধ্যামালতি, এতিয়াও সাৰে আছে তাই” (কাহিনী, পৰিচালনা আৰু সম্পাদনা), সঞ্জীৱ হাজৰিকাৰ “বকুল ফুলৰ দৰে” (সম্পাদনা), উপাসনা মহন্তৰ “গেং অব ৰাজুমামা” (কাহিনী, চিত্ৰনাট্য আৰু সম্পাদনা), জুল্ফিকাৰ পাৰভেজৰ “তেজপাত” (সম্পাদনা)। –সন্দেহ নাই ভিন্ন পৰ্যায়ত থকা এই চিনেমাৰ মাজৰ কেইবা খনেও যে সফলতাৰ, নতুন চিনেচিন্তাৰ বাট কাটিব।
Add comment