“সংকল্প” –এখন অসমীয়া চিনেমা।
“শিল্পীৰ পৃথিৱী” –এখন অসমীয়া আলোচনী।
দুটা মাধ্যমৰ, এই দুটা “কাম”ৰ বাবে জানিছিলোঁ হেম চন্দ্ৰ বৰাক। দুটা পৰিপাটি কাম, মন চুই যোৱা কাম।

হেম চন্দ্ৰ বৰা “সংকল্প”ৰ পৰিচালক, “শিল্পীৰ পৃথিৱী” প্ৰকাশক। –ইমানেই নহয়!
হেম চন্দ্ৰ বৰা আছিল শিক্ষক। গুৱাহাটী কমাৰ্ছ কলেজত পঢ়ুৱাইছিল। কাৰণ জনা নাযায় (জানিব বিছৰা নাই) , শিক্ষকতা বাদ দিয়ে। আৰু এদিন খোজ দিয়ে চিনেমাৰ ক্ষেত্ৰ খনত। প্ৰযোজনা কৰে চুটি চিনেমা “সন্ধান” (১৯৭৪)। তাৰ পাছত “নিয়তি” (চিত্ৰগৃহলৈ আহে ২৪ মাৰ্চ ১৯৭৮ত) নিৰ্মাণ কৰে ইন্দুকল্প হাজৰিকাৰ পৰিচালনাৰে।
১৯৭৯। দেৱ কুমাৰ বৰাৰ পৰিচালনাৰে নিৰ্মাণ হৈছিল অসমীয়া চিনেমা “নিশাৰ চকুলো”। এই চিনেমা খনেৰে আৰু দুখোজ আগবাঢ়ে– হেম চন্দ্ৰ বৰাই। পৰিচালনাত সহায় কৰে, মূল চৰিত্ৰ এটাত অভিনয়ো কৰে।

১৯৮৬ চনত আৰু এখোজ। সৱল খোজ। স্বাধীন পৰিচালনা “সংকল্প” চিত্ৰগৃহলৈ আহে।
“সংকল্প”ৰ দৰ্শক হৈছিলোঁ। আৰু এবাৰ দৰ্শক হোৱাৰ সুযোগ পালোঁ, যোৱা ১২ মাৰ্চ (২০২৩) -ত,
জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰক্ষা গৃহত। আকৌ এবাৰ অনুভৱ কৰিলোঁ– এক পৰিপাটি চিনেকৰ্ম। কাহিনী নিৰ্মাণ কৰিছে অসম আন্দোলনক (১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন।) কেন্দ্ৰ কৰি। বয়স কম আছিল যদিও সেই আন্দোলন আমি দেখিছিলোঁ, অনুভৱ কৰিছিলোঁ। দেখা, অনুভৱ কৰা সেই আন্দোলন কেন্দ্ৰীক ৰূপালী গল্পটোত “কল্পনা” স্বাভাৱিকতে আছিল যদিও “কল্পনাৰ প্ৰলেপ” অনুভৱ কৰা নাছিলোঁ। নকৰাৰ কাৰণ চিনেমাৰ ভাষা (cinematic language) -ৰ পৰিপাটি প্ৰয়োগ। শ্বট নিৰ্বাচন আৰু সু-গাণিতিক প্ৰয়োগে, মেডহীন সাহিত্যৰ ভাষা প্ৰয়োগে নান্দনিক সৌন্দর্য বঢ়াইছে। পৰিচালকক সহায় কৰিছে ৰঞ্জিত শৰ্মাৰ চিত্ৰনাট্যই।
চিনেমা খনত “অসম আন্দোলন” আছে, সিমান খিনিলৈ আছে, যিমান খিনিলৈ ৰাখিলে, চিনেমা খন প্ৰাসংগিক হৈ থাকিব। আন্দোলনৰ গতি দ্ৰুত হৈছে, আৰু সিমানতে চিনেমা খন শেষ কৰিছে।
আমাৰ অনুভৱত চিনেমা খনৰ প্ৰতিটো চৰিত্ৰ “বাস্তৱ”ৰ পৰা চিত্ৰনাট্যলৈ আনিছে। আৰু তপন দাস, সঞ্জীৱ হাজৰিকা, পূৰৱী শৰ্মা, প্ৰঞ্জল শইকীয়া আদিৰ বাস্তৱিক অভিনয় (realistic acting) -ৰে চৰিত্ৰবোৰ নিৰ্মাণ কৰিছে। আমাৰ অনুভৱত– চিনেমা খনৰ অভিনয়ৰ লগতে ডঃভূপেন হাজৰিকাৰ সংগীতে, স্বপন নায়কৰ কেমেৰাৰ কামে চিনেমা খনৰ সৌন্দৰ্য বঢ়াইছে।

চিনেমা খন চোৱাৰ পাছত চিনেমা পৰিচালক-লেখক পদুম বৰুৱাই লিখিছিল– “… ‘সংকল্প’ৰ প্ৰাক-প্ৰদৰ্শনী চাই অসমত সুস্থ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে যে শিল্পৰ মাধ্যমটোৰ স্বকীয় প্ৰকাশ-ভঙ্গী আৰু কাৰিকৰী দিশ সম্পৰ্কীয় প্ৰয়োজনীয় ন্যূন্যতম জ্ঞানৰ উপৰিও এটা প্ৰকৃত সংস্কৃতি পৰায়ণ মানসিকতা আৰু মানৱীয় মূল্যবোধৰ অধিকাৰী হোৱাটো নিত্যান্ত বাঞ্চনীয় সেই কথা আগতকৈ ন-দি ক’ব পৰা হ’লো। ‘সংকল্প’ নিঃসন্দেহে এখন উল্লেখযোগ্য সাফল্য অৰ্জন কৰা সুস্থ কলাধৰ্মী ছবি। সেই স্তৰত আসমীয়া চলচ্চিত্ৰৰ দুখীয়া ভঁৰাললৈ এটা লেখত ল’বলগীয়া দান। …” (“অগ্ৰদূত”/ ৯ নৱেম্বৰ ১৯৮৬)
“সংকল্প”ৰ পাছত?
“হেৰাই থাকিল” পৰিচালক গৰাকী!
২০ আগষ্ট ২০২২। এটা খবৰ, এখন চুটি চিনেমাৰ। মোৰ WhatsApp নম্বৰত। মন দিয়া নছিলোঁ।
২৫ ছেপ্টেম্বৰ ২০২২ -ত এটা “পেপাৰ কাটিং”। চকুত পৰিল হেম চন্দ্ৰ বৰাৰ নাম। “হেম চন্দ্ৰ বৰাৰ ‘হাৰিকেন’লৈ পাঁচটাকৈ বঁটা”।
“হেম চন্দ্ৰ বৰা পৰিচালিত আৰু ড° জয়ন্তী চুতীয়া প্রযোজিত ‘হাৰিকেন’ নামৰ চলচ্চিত্ৰখনে কলকাতাত শেহতীয়াকৈ অনুষ্ঠিত ‘টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত পাঁচটাকৈ বঁটা পাবলৈ সক্ষম হৈছে। হেমচন্দ্ৰ বৰালৈ শ্রেষ্ঠ পৰিচালকৰ বঁটা, ড° জয়ন্তী চুতীয়ালৈ শ্ৰেষ্ঠ প্ৰযোজকৰ বঁটা, হেম চন্দ্ৰ বৰালৈ শ্রেষ্ঠ শিশু পাৰিবাৰিক ছবিৰ সন্মান, অনিন্দিতা ৰুদ্ৰাজ আৰু গ্ৰন্থিক বৰালৈ ক্ৰমে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে। উল্লেখ্য, লগতে বৰাৰ ‘দিবাস্বপ্ন’ নামৰ চলচ্চিত্ৰখনো ইতিমধ্যে মুম্বাই ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে অন্তৰ্ভুক্ত হৈছে।”
–হেম বৰা চিনেকৰ্মত ব্যস্ত, মইহে খবৰ ৰখা নাছিলোঁ!
মনত খেদ ভাৱ লৈ চিনেকৰ্মী গৰাকীৰ সৈতে যোগাযোগ কৰিলোঁ। ক’লো “হাৰিকেন” চোৱাৰ মন।
যথা সময়ত চালো। কোভিড কাল কেন্দ্ৰীক চুটি চিনেমা। আৰ্থিক সমস্যৰ হেচাত কিশোৰ কালত খোজ দিয়া চুটি চিনেমা খনৰ “নায়ক”ৰ কোভিড কালৰ সময়ত আৰ্থিক হেচা আৰু বাঢ়িছে। “নায়ক” খোৱা-লোৱাৰ সমস্যা আছেয়ে; কিন্তু মূল সমস্যা– এটা মোবাইল ফোন। অনলাইন শিক্ষা আৰম্ভ হৈছে, এটা “ক্লাছ কৰিব পৰা” মোবাইল ফোন নথকা বাবে শিক্ষাৰ পৰা বঞ্চিত হৈছে– “নায়ক”। (এন “নায়ক” আমাৰ সমাজত ধেৰ আছে। আৰু এয়াই চুটি চিনেমা খনৰ বিষয়বস্তু।) –এটা মন চুই যোৱা কাহিনী।

📌কিছু দিন পাছতে হেম চন্দ্ৰ বৰাই দিলে আৰু এটা ভাল খবৰ। এখন নতুন চিনেমাৰ খবৰ। চুটি নহয়, পূৰ্ণ দৈৰ্ঘৰ চিনেমা। চিত্ৰনাট্য সাজু। চিনেমা খনৰ কাহিনী আৰু প্ৰযোজনা লেখিকা জয়ন্তী চুতীয়াৰ। নাম ৰাখিছে (সললি হ’ব পাৰে) — “এয়েতো জীৱন”।
Add comment