Rupaliparda.com
দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 1

দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন

“দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই ঢাকাৰ দৰে সন্মানীয় এক মহোৎসৱত বিশ্ব চলচিত্র শিতানত প্রদর্শিত হোৱাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰটোৱে আছিল মোৰ বাবে অতি প্ৰেৰণাদায়ক।” ‘দ্য লাষ্ট অ’নাৰ’ চিনেমাখনৰ পৰিচালক ৰ’জি বৰাই এই প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত কয়।

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 2

এগৰাকী চণ্ডালৰ জীৱন সংগ্ৰাম, সমাজ ব্যৱস্থাত চণ্ডালৰ অৱস্থান, ক’ভিড অতিমাৰীৰ সময়ত সন্মূখীন হোৱা সমস্যাক উপস্থাপন কৰা হৈছে দ্য লাষ্ট অ’নাৰ চিনেমাখনত। সম্পূৰ্ণ কাহিনীটোত মানৱীয় মূল্যবোধৰ ভিন্ন স্বৰূপসমূহ দেখুৱাবলৈ চেষ্টা কৰা হৈছে। চিনেমাখনৰ কাহিনী জিতুমণি বৰাৰ আৰু চিত্ৰনাট্য কুশল কুমাৰ গগৈ। প্ৰযোজনা মৃণাল বিন কুটুবৰ, সংগীত ০ সৌৰভ মহন্তৰ, শব্দ সংমিশ্ৰণ আৰু ডিজাইন দেবজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ।

জিতুমণি বৰাই কয়, “ক’ভিডৰ সময়ত চিকিৎসক, অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত সকলে যথেষ্ট সাহসিকতাৰে ৰাইজৰ সেৱা কৰিছিল। অৱশ্যে সেইসময়ত চণ্ডালসকলেও যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল আৰু আমি সেই দিশটোও এই চিনেমাখনৰ জৰিয়তে উপস্থাপন কৰিবলৈ বিচাৰিছোঁ।

দ্য লাষ্ট অ’নাৰ চিনেমাখন ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ লগতে চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। লেকচিটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ চিনেমাখনত কৰা অভিনয়ৰ বাবে প্ৰয়াস ফুকনে শ্ৰেষ্ঠ অভিনেতা, ৰতন শীল শৰ্মাই শ্ৰেষ্ঠ সম্পাদনা আৰু চিনেমাখনে শ্ৰেষ্ঠ চলচিত্ৰৰ সন্মান লাভ কৰিছে।

ৰ’জি বৰাই কয়, “চিনেমাখনৰ বাবে আমি চণ্ডালসকলে জীৱন সংগ্ৰামক ওচৰৰ পৰা দেখা পাইছিলোঁ আৰু তেওঁলোকৰ জীৱন সংগ্ৰামখনক চিনেমাখনত শুদ্ধ ৰূপত দেখুৱাবলৈ যত্ন কৰিছোঁ। মই অনুভৱ কৰোঁ যে তেওঁলোকৰ সৈতে কথা পাতিলে বৰ্তমানৰ সমাজ জীৱন তথা মানৱ জীৱনৰ বিভিন্ন নেদেখা দিশ উন্মোচন হয়। তেনে কিছুমান সৰু সৰু দিশ চিনেমাখনত অন্তৰ্ভুক্ত কৰা হৈছে। দৰ্শকে চিনেমাখন চাই ভাল পাব বুলি আশা কৰিলোঁ।”

এই বছৰৰ শেষৰ ফাললৈ চিনেমাখনে মুক্তি লাভ কৰিব।

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 3

 

Shubhankar Baruah (RJ Jeet)

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform