Rupaliparda.com
সংগীত নাটক অকাদেমী বঁটা ঘোষণা 1

সংগীত নাটক অকাদেমী বঁটা ঘোষণা

ঘোষণা কৰা হ’ল সংগীত নাটক অকাদেমী ২০২২- ২৩ বৰ্ষৰ বটা সমূহ। অসমৰ বহু কেইগৰাকী সাংস্কৃতিক সাধকে এই সন্মান লাভ কৰিছে।

বিশিষ্ট নাট্যকাৰ দুলাল ৰয়লৈ সংগীত নাটক অকাদেমী ফেল’ৰ সন্মান প্ৰদান কৰা হৈছে । ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা উত্তীৰ্ণ প্ৰথমগৰাকী অসমীয়া স্নাতক  দুলাল ৰয় হৈছে সংগীত নাটক অকাদেমী ফেল’ সন্মান লাভ কৰা চতুৰ্থগৰাকী অসমীয়া।

পৰিৱেশ্য কলাৰ ক্ষেত্ৰত অৱদানৰ বাবে লক্ষহীৰা দাসলৈ ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা আগবঢ়োৱা হৈছে।

সত্ৰীয়া নৃত্যত ভৱেন বৰবায়নলৈ ২০২৩ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটাৰ সন্মান প্ৰদান কৰা হৈছে। অংকীয়া ভাওনাৰ বাবে কৰুণা বৰালৈ ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা আৰু ২০২২বৰ্ষৰ বাবে সত্ৰীয়া নৃত্যত গোবিন্দ শইকীয়ালৈ এই বঁটা প্ৰদান কৰা হৈছে। পৰিচালনাৰ বাবে গুণাকৰ দেৱ গোস্বামীলৈ ২০২২ বৰ্ষৰ সংগীত নাটক অকাদেমী বঁটা ঘোষণা।২০২৩ বৰ্ষৰ বাবে লোকসংগীতত তৰাৱতী বড়িলৈ সংগীত নাটক অকাদেমী বঁটা ঘোষণা ।

 পুতলা থিয়েটাৰৰ শিল্পী বিনীতা দেৱীলৈ, সত্ৰীয়া নৃত্যত ডিম্পী বৈশ্যলৈ, সত্ৰীয়া নৃত্যত মুকুন্দ শ‌ইকীয়ালৈ, মুকাভিনয়ত মুকুন্দ নাথলৈ আৰু  কথক নৃত্যত মেঘৰঞ্জনী মেধিলৈ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে ।

উল্লেখযোগ্য যে, দেশৰ ৯২ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে ২০২২-২৩ চনৰ সংগীত নাটক অকাদেমী বঁটাসমূহ।

Shubhankar Baruah (RJ Jeet)

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform