মন-মগজুত খোপনি পুটি থকা বা সাচি ৰখা কেইবা খনো অসমীয়া চিনেমাৰ টুকুৰা, সংলাপৰ টুকুৰা, চিৰসেউজ গীতৰ টুকুৰা পৰ্দালৈ আহিছিল। নষ্টালজিক হৈছিলোঁ, চিনে আনন্দ অনুভৱ কৰিছিলোঁ। কেমেৰা পেন কৰিছিল কংক্ৰিট মহানগৰীৰৰ সৰু-বৰ অট্টালিকাৰ ওপৰেৰে, আৰু ৰৈ গৈছিল এটা বিশেষ ঘৰত। মহানগৰীৰ লো-চিমেণ্টৰ ঘৰৰ মাজত “বিশেষ ভাৱে ঠিয়”হৈ থকা ইকৰা-মাটিৰে সজা “বিশেষ” ঘৰটোত। –আমি যে এই চৰ্চাৰ আৰম্ভনীতে চিনেমাৰ টুকুৰাৰ কথা উল্লেখ কৰিছোঁ, চিনেমাৰ টুকুৰা কেইটাৰ এই ঘৰটোৰ সৈতে সম্পৰ্ক আছে।
–কেনে ধৰণৰ সম্পৰ্ক?
–ঘৰটোতে চিনেচিন্তা কৰিছিল, নিৰ্মাণ কৰিছিল ৩০ খনকৈ অসমীয়া চিনেমা।
–কোনে?
–ঘৰটোৰেৈ বাসিন্দাই। চিত্ৰনাট্য লিখিছিল, পৰিচালনা কৰিছিল, সংগীত কৰিছিল, অভিনয় কৰিছিল, গীত গাইছিল।
–চিনেমা আৰু সংগীততে শেষ নাছিল। খেলৰ সৈতেও সম্পৰ্ক আছিল “ঘৰ”টোৰ। এগৰাকী বাসিন্দা আছিল ভাল ক্ৰিকেটাৰ। ৰঞ্জি ট্ৰফি খেলিছিল। আন এগৰাকী আছিল ভাল ফুটবল খেলুৱৈ। এই খেল-প্ৰীতি, খেল-সম্পৰ্কৰ বাবেই ঘৰটোলৈ আহিছিল দেশৰ আগ শাৰীৰ কেইবা গৰাকীও খেলুৱৈ। ঘৰটোৰ সম্মুখৰ বাৰান্দাত দুখন কাঠৰ বেঞ্চ আছে। সেই বেঞ্চত বহি ৰাতি দুপৰলৈ আড্ডা দিছিল।
–কেমেৰা ঘৰটোৰ ভিতৰলৈ সোমাইছিল। সুন্দৰ, পৰিপাটি। ডিজাইন কৰোটা জন যে চৌখিন আছিল সন্দেহ নাই। ডিজাইন কৰিছিল, লতাশিল খেল পথাৰৰ পৰা দেখা বলিউডৰ চিনেমাৰ চেট যেন লগা ঘৰটো সাজিছিল চন্দ্ৰধৰ বৰুৱাই। ঘৰটোৰ দুৱাৰ মুকলি কৰিছিল ১১ নৱেম্বৰ ১৯২৩ -ত। ১১ নৱেম্বৰ ২০২২-ত ১০০ বছৰ সম্পূৰ্ণ হ’ল ঘৰটোৰ।
–১০০ বছৰীয়া এই ঘৰটোক বিষয় বস্তু হিচাবে লৈয়ে নিৰ্মাণ কৰিছে “বৰুৱাৰ সংসাৰ” তথ্যচিত্ৰ খন। গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘ইণ্ডিয়ান পেনোৰামা’ শাখাত ইতিমধ্যে প্ৰদৰ্শিত তথ্যচিত্ৰ খনৰ চিত্ৰনাট্য-পৰিচালনা উৎপল বৰপূজাৰীৰ। ১ঘণ্টা ১০ মিনিটত লেখক-পৰিচালক গৰাকীয়ে ঘৰটোৰ লগতে ঘৰটোত বা ঘৰটোৰ পৰা হোৱা চিনেকৰ্মৰ ইতিহাস আমাক দেখুৱাইছে আমনি নোপোৱাকৈ। কেৱল তথ্যৰ বাবে তথ্যচিত্ৰ পৰ্যায়ত ৰখা নাই, কেমেৰা ডিজাইন আৰু পৰিপাটি সম্পাদনাৰে “বৰুৱাৰ সংসাৰ” -ক উপভোগ্য “তথ্য-চিনেমা”লৈ ৰূপান্তৰ কৰিছে। এই খিনিত ক’বলৈ মন গ’ল পৰিচালক গৰাকীৰ প্ৰতিটো চিনেকৰ্মৰে প্ৰথম চমক– বিষয়বস্তু নিৰ্বাচন আৰু কেমেৰা ডিজাইন।
(পূৰ্বে চাইছিলোঁ উৎপল বৰপূজাৰীৰ তথ্যচিত্ৰ “মাস্ক আর্ট অব মাজুলী”। এই প্ৰজন্মক, উত্তৰ পুৰুষক গৱেষণাত সহায় কৰিব পৰা তথ্যচিত্ৰ। এই একে ধৰণৰ সহায় কৰিব “বৰুৱাৰ সংসাৰে”-ও। এই তথ্যচিত্ৰ খন অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশত প্ৰদৰ্শনৰ প্রয়োজনীয়তা অনুভৱ কৰিছোঁ। ঠাউকতে পাব পৰাকৈ কোনো OTT প্লেটফর্মত দিলেও বিশেষকৈ চিনেমা চৰ্চা কৰা সকল উপকৃত হ’ব। আৰু এটা কথা– অসম চৰকাৰৰ নিৰ্দিষ্ট বিভাগে অসমৰ বিদ্যালয়, মহাবিদ্যালয়ত “বিশেষ” অসমীয়া চিনেমা দেখুৱাই বুলি শুনিছিলোঁ। আমাৰ ধাৰণাত “বৰুৱাৰ সংসাৰ”ও “বিশেষ”। অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানত প্ৰদৰ্শন কৰিব পাৰে।)
–এতিয়া আহিছোঁ, ঘৰটোৰ বাসিন্দা কেইগৰাকীৰ প্ৰসংগলৈ। লতাশিল খেল পথাৰৰ পূব দিশত থকা চন্দ্ৰনাথ বৰুৱাই সজোৱা সুদৃশ্য অসম আৰ্হিৰ ঘৰটো সাংস্কৃতিক মন্দিৰলৈ ৰূপান্তৰ কৰিছিল পত্নী জোনপ্ৰভাই। সংগীত-চিনে চৰ্চা কৰিছিল তেওলোকৰ সন্তান– পদ্মাৱতী বৰুৱা (ছোৱালী), দ্বৈত্যেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, ৰম্ভা বৰুৱা ( ছোৱালী), নৃপেন(নীপ) বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, প্ৰতিভা বৰুৱা (ছোৱালী), ৰমেন বৰুৱা, বিভা বৰুৱা (ছোৱালী), নীৰেন বৰুৱা, দ্বিপেন বৰুৱাই। সংগীত, অভিনয়ৰ সৈতে জড়িত আছিল প্ৰতি গৰাকী। পাছৰ সময় চোৱাত আন বাটেৰেও বাট বুলিছিল।বিষয়বস্তু “বিশেষ ঘৰ”টো যদিও ঘৰটোৰ বাসিন্দা, ঘৰটোত হোৱ সৃষ্টি কৰ্মক কম দৈৰ্ঘতে স্পষ্ট কৰি গৈছে পৰিচালকে।
তথ্যচিত্ৰ খন সাংস্কৃতিক অনুষ্ঠান সূৰ্য্য আৰু জেমিনী ফুকন প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰিছে নয়ন প্ৰসাদ, জেমিনী ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই। মুখ্য সহ পৰিচালক ভাস্কৰজ্যোতি দাস, চিনেমাটোগ্ৰাফ ঋতুৰাজ শিৱমৰ, সম্পাদক কৰিছে ঝুলনকৃষ্ণ মহন্তই, চাউণ্ড ডিজাইনাৰ আৰু মিক্সিং ইঞ্জিনীয়াৰ দেৱজিৎ গায়ন আৰু গৱেষক তথা সহকাৰী পৰিচালক মনস্বিনী মহন্ত।
Add comment