Rupaliparda.com
ছায়া ছবি -৩, লাইভ মিউজিক আৰু অনন্য অনুভৱ 1

ছায়া ছবি -৩, লাইভ মিউজিক আৰু অনন্য অনুভৱ

ৰূপম ভূঞাৰ ছবি প্ৰডাকশ্যনে যোৱা তিনিবছৰে ছায়া ছবি প্ৰকল্পৰ জৰিয়তে সংগীতৰ এক অনন্য অনুভৱ শ্ৰোতা-দৰ্শকক প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছে। কেইদিনমানৰ আগত মুক্তি লাভ কৰিছে ছায়া ছবি -৩য়ে।

ৰূপম ভূঞাই এই প্ৰতিৱেদকক জনায় যে মনশ্ৰী বৰুৱাৰ স্মৃতিত এই ছায়া ছবি প্ৰকল্প গ্ৰহণ কৰা হৈছিল। তেওঁ কয়, “আমি প্ৰতিবছৰে চাৰিটাকৈ গীত মুকলি কৰি আহিছোঁ। ইয়াৰে দুটা গান নতুন গায়ক-গায়িকাৰ কণ্ঠত থাকে আৰু দুটা গান চিনাকী শিল্পীয়ে কণ্ঠদান কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই প্ৰকল্পটোৰ ভিডিঅ’ আৰু অডিঅ’ লাইভ ৰেকৰ্ডিং কৰা হয়।” লাইভ ৰেকৰ্ডিং কিয় কৰা হয় বুলি সোধাৰ উত্তৰত ভূঞাই কয়, “পূৰ্বতে সংগীত লাইভ ৰেকৰ্ডিং কৰা হৈছিল, সেই অভিজ্ঞতাক নৱপ্ৰজন্মৰ বাবে জীৱন্ত কৰি ৰখাৰ এয়া এক প্ৰয়াস। পূৰ্বতে ৰেডিঅ’ত এনেধৰণেৰেই গীত বাণীবদ্ধ কৰা হৈছিল, কোনোবাই বজাব, কোনোবাই গাব আৰু মানুহে শুনিব। ছায়া ছবিও তেনে এক সৰল ব্যৱস্থা মাত্ৰ।” ৰূপম ভূঞাই কয় যে ছায়া ছবি প্ৰকল্প অতি কমেও ২০টা খণ্ড  মুক্তি দিয়াৰ লক্ষ্য গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে প্ৰকল্পটোৰ সৈতে জড়িতসকলৰ বেছিভাগেই কোনো আৰ্থিক মাননি অবিহনে প্ৰকল্পটোক সফল কৰি তোলাত অংশ লৈছে।ছায়া ছবি -৩, লাইভ মিউজিক আৰু অনন্য অনুভৱ 2

ছায়া ছবি -৩ৰ  চিত্ৰগ্ৰহণ আৰু লাইভ ৰেকৰ্ডিং কৰা হৈছে ৰাণীৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত।

প্ৰকল্পটোত সেন্দুৰ শীৰ্ষক গীতটিত কণ্ঠদান কৰা জনপ্ৰিয় শিল্পী পম্পী গগৈয়ে কয়, “ছায়া ছবিৰ সৈতে জড়িত হ’বলৈ পোৱাটো মোৰ সৌভাগ্য। এই প্ৰকল্পটোৱে মোক এক সুন্দৰ অভিজ্ঞতাৰে সমৃদ্ধ কৰিলে আৰু মোৰ গীতটোৰ কথাখিনিও যথেষ্ট হৃদয়স্পৰ্শী।” তেওঁ কয়, “ নতুন সকলক এখন মঞ্চ প্ৰদান কৰাৰ বাবে ছায়া ছবিৰ  প্ৰচেষ্টাত ৰূপম ভূঞা সফল হওক।”

ছায়া ছবি -৩, লাইভ মিউজিক আৰু অনন্য অনুভৱ 3

পম্পী গগৈৰ লগতে ছায়া ছবিত কণ্ঠদান কৰিছে মৈত্ৰেয়ী পাটৰ, জ্যোতিস্মিতা বৈশ্য আৰু প্ৰিয়ংকা চহৰীয়াই। গীতসমূহৰ কথা ক্ৰমে শৈলেন দাস, মৈত্ৰেয়ী পাটৰ, পাপলু চেতিয়া আৰু প্ৰিয়ংকা চহৰীয়াৰ। গীতসমূহৰ সুৰ ৰূপম ভূঞা, মৈত্ৰেয়ী পাটৰ, প্ৰিয়ংকা চহৰীয়া, জিম অংকন ডেকাৰ।ছায়া ছবি -৩, লাইভ মিউজিক আৰু অনন্য অনুভৱ 4

বাদ্যযন্ত্ৰ শিল্পীসকল হৈছে ৰাকেশ বড়ো, জিম অংকন ডেকা, ৰূপম কলিতা। লাইভ ছাউণ্ড কৌশিক শইকীয়াৰ। চিত্ৰগ্ৰহণ কৰিছে জিণ্টুমণি কলিতা, জ্যোতি প্ৰকাশ ৰাভা, নিলোৎপল হাজৰিকাই।

Shubhankar Baruah (RJ Jeet)

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform