“উপমাৰ সিপাৰে…” –মুকলি হ’ল। সুৰৰ ডেউকাত ভাল লগা, মৰম লগা আৰু এবোজা শব্দ লৈ শ্ৰোতাৰ ওচৰ পালে আৰু এটা “ভাল লগা” গীত, তৰালিৰ গীত,তৰালি শৰ্মাই “সুৰ-সংগীত অলংকাৰ” পিন্ধোৱা ৰাহুল গৌতম শৰ্মাৰ গীত।
এটা “ভাল লগা”গীতে আমাক প্ৰথমে চুই যায়
–সুৰেৰে।
বাৰে বাৰে শুনিবলৈ বাধ্য কৰাই– গায়কী-কণ্ঠই।
আৰু মগজুত খুন্দিয়াই কথাৰে।
(“উপমাৰ সিপাৰে…” মন চুই যোৱা, বাৰে বাৰে শুনিবলৈ বাধ্য কৰোৱা, মন-মগজুত ৰৈ যোৱা।)
কিন্তু!
শুনাৰ আগতে চালোঁ, অনুভৱৰ আগতে আকাৰ ল’লে “উপমাৰ সিপাৰে…”। চোৱাৰ কিছু সময়ৰ পাছলৈ হ’লেও অনুপ বৰুৱা দিয়া “আকাৰ”তে অনুভৱ কৰিব লাগিব। –হয়, গীতটোৰ যিটো ভিডিঅ’ চালোঁ, সেইটোৰ ডিজাইন আৰু চিত্ৰায়ণ (চিত্ৰগ্ৰহণ: চন্দ্র কুমাৰ) অনুপ বৰুৱাৰ।
–অনুপৰ কেমেৰা, তৰালিৰ “শব্দ” (সাহিত্যৰ ভাষা, কণ্ঠ, বাদ্য শব্দ)-ৰ পৰিপাটি যুগলবন্দী। গায়কী, সাহিত্যৰ ভাষা মসৃণ। মসৃণ (আৰু সৰল ৰৈখিক) কেমেৰাৰ ভাষাও। এগৰাকী সংগীতকাৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে তৰালি শৰ্মাক লৈ) আৰু এগৰাকী সংগীত ৰসিক, ফটোগ্ৰাফাৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে বিষুনাথক লৈ)-ৰ প্ৰেমৰ গল্প এটা নিৰ্মাণ কৰিছে।
(প্ৰেমৰ গল্পটোই “গীত”টোৰ ছবি খন কিমান সফল ভাবে আঁকিছে –সঠিক সিদ্ধান্ত গীতিকাৰৰ হাতত। –এয়া প্ৰথম কথা। দ্বিতীয়তে– গীতটো শুনাৰ পাছত, অনুভৱ কৰাৰ পাছত শ্ৰোতাৰ “নিজাকৈ” মনতে ছবি এখন আঁকাৰ বা গল্প এটা নিৰ্মাণৰ অধিকাৰ নিশ্চয় থাকিব!) ক’ব পাৰি– অনুপে গীতটো “চুটি প্ৰেমৰ চিনেমা”লৈ ৰূপান্তৰ কৰিছে শ্বটৰ প্ৰয়োজনীয়, পৰিপাটি গাণিতিক ব্যৱহাৰেৰে (যদিওবা আৰম্ভনীতে উজুতি খাইছে) আৰু দুই মূল চৰিত্ৰৰ চেহেৰাৰৰ ভাষাৰে। দুই চৰিত্ৰৰ “ইতিহাস” চাৰি-পাচটা শ্বটতে স্পষ্ট কৰিছে। অসমীয়া চিনেমাৰ বহু সংখ্যক পৰিচালকে “ইতিহাস”ৰ লগতে “ভূগোল”ও পাহৰি থাকে “ৰূপালী গল্প” নিৰ্মাণৰ সময়ত। অনুপে গীতটো চিত্ৰায়ণৰ সময়ত কিন্তু পাহৰা নাই। এই যে পাহৰা নাই বা প্ৰয়োগ কৰিছে, এয়া ইতিবাচক, যিয়ে প্ৰশংসা কৰাৰ বাট কাটিছে।
আৰু “অভিনয়”। অনুপে “অভিনয়”ক চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে।
দৃশ্য মাধ্যমৰ পৰা আঁতৰি আহিছোঁ– শব্দ মোহনীয়। কণ্ঠ, কথা। কথাই আমাক অনুপে নিৰ্মাণ কৰা “ৰূপালী গল্প”টোৰ বাহিৰলৈ লৈ যায়। “হেঁপাহৰে ডেউকা আকাশলে’ উৰি যায় জোনালীকে বোকোচাতে লৈ…” বা “আদৰৰে ডেউকা দূৰণিলে’ মেলি যায় মেঘালীৰে ওৰণিকে লৈ… ” শব্দৰ মালাই অন্য এখন “সপোন দেশ”লৈ যোৱাৰ বাট কাটি দিয়ে। সেই খন “সপোন দেশ”লৈ আমাৰ যাবলৈ মন নাযাব কিয়!
Add comment