Rupaliparda.com
|| the woodcutter, হনুমানৰ সাধু, কলাজ || --উৎপল মেনা 1

|| the woodcutter, হনুমানৰ সাধু, কলাজ || –উৎপল মেনা

|| the woodcutter, হনুমানৰ সাধু, কলাজ || --উৎপল মেনা 2

খবৰ: কিমান যে অসমীয়া চিনেমা!
চিনে উত্তৰণ আশা কৰিব পৰা, চোৱাৰ বাবে আগ্ৰহ বঢ়া চিনেমাৰ খবৰো আছে।
দিন হ’ল! সামাজিক মাধ্যমত চৰ্চালৈ আহিছিল দোতাৰা বজাই অভিনেতা বাহাৰুল ইছলামে “অ’ মোৰ মলুৱাৰে…” গোৱা এটা ভিডিঅ’। পাছত, বহু পাছত জানিলোঁ এখন চিনেমাৰ কাম চলি থকা সময়ত, চিনেমা খনৰ সংগীত পৰিচালক তৰালি শৰ্মাই মোবাইলত ধৰি ৰখা “ভিডিঅ'”। চিনেমা খনৰ নাম: “the woodcutter”। অসমীয়া চিনেমা, ইংৰাজী নাম।
প্ৰকাশ ডেকাৰ পৰিচালনা। “ফায়াৰফ্লাইছ-জোনাকী পৰুৱা”ৰ (তৃতীয় লিংগ কেন্দ্ৰিক উত্তৰপূৱ ভাৰতৰ প্ৰথমখন চিনেমা।) পৰিচিলক গৰাকীৰ পৰিচালনা, চিনেচিন্তা। নাট্যকৰ্মী, বলিউডৰ বাটতো সফল খোজ দিয়া আভিনেতা বাহাৰুল ইছলামে চিনেমা খনত এগৰাকী লোক সংগীতৰ শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে। চিনেমা খনৰ ট্ৰেইলাৰ মুকলি হৈছে কান চলচ্চিত্ৰ মহোৎসৱত, যোৱা ২১মে’ তাৰিখে। পাছত সামাজিক মাধ্যমত ট্ৰেইলাৰটো চাই অনুভৱ কৰিছোঁ– এগৰাকী লোক সংগীতৰ শিল্পীৰ জীৱন, লোক সংগীত (সম্ভৱতঃ) চিনেমা খনৰ বিষয় বস্তু। বাহাৰুল ইছলামে অভিনয় কৰা চৰিত্ৰটোক কেন্দ্ৰ কৰি কাহিনী আগবাঢ়িব, কাহিনীয়ে বিষয় বস্তু কঢ়িয়াই নিব! ট্ৰেইলাৰটোৱে আমাক চিনেমা খনৰ প্ৰতি আগ্ৰহ বঢ়াইছে।

|| the woodcutter, হনুমানৰ সাধু, কলাজ || --উৎপল মেনা 3–চিনেমা খনৰ প্ৰযোজনা ড° জে ভি মনীষা বাজাজ আৰু তাৰ্চেম আণ্টিলৰ। ছাউণ্ড ডিজাইন অমৃত প্ৰীতম আৰু দেৱজিৎ চাংহাইৰ। বাহাৰুল ইছলামৰ লগতে অভিনয় কৰিছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী, প্ৰতিভা চৌধুৰী প্ৰজ্বালিকা আদিয়ে।
আন এখন অসমীয়া চিনেমা, আমি আগ্ৰহেৰে আপেক্ষাত থকা– “হনুমানৰ সাধু”। প্ৰবীণ হাজৰিকাৰ পৰিচালনা। “শৃংখল” (The Quiver)-ৰ পাছত দ্বিতীয় পৰিচালনা (feature cinema)। জেউতি প্ৰডাকচনচৰ বেনাৰত প্ৰযোজনা কৰিছে মৃণালবিনে। এই হাস্যব্যংগ চিনেমা খনৰ কাহিনী পবিত্ৰ কুমাৰ ডেকাৰ। সংগীত মানস হাজৰিকাৰ।

|| the woodcutter, হনুমানৰ সাধু, কলাজ || --উৎপল মেনা 4আৰু এখন অসমীয়া চিনেমা– “কলাজ”। অমৰদীপ গগৈৰ চিত্ৰনাট্য-পৰিচালনা। চিনেমা খনৰ কাহিনীলৈ আহিব– “অসমৰ ৭০-৮০ দশকত চলা অৰাজক অৱস্থা”, অসম কেন্দ্ৰিক নক্সাল- আলফা প্ৰসংগ ইত্যাদি। সেই “অ-সময়”ত অসমৰ সাধাৰণ জনতা সোমাই পৰা সমস্যাৰ খণ্ডিত চিত্ৰই চিনেমা খনৰ কাহিনীক গতি দিব!

|| the woodcutter, হনুমানৰ সাধু, কলাজ || --উৎপল মেনা 5–চিনেমা খনৰ কাহিনী আৰু প্ৰযোজনা সুমিত্ৰা হাজৰিকাৰ। চিত্ৰগ্ৰহণ নাহিদ আহমেদৰ। চৰিত্ৰ নিৰ্মাণ কৰিছে কুল কুলদীপ, ৰাজীব কলিতা, দীপজ্যোতি কাকতি, মেঘালী কলিতা, দীপক তাঁতী , অপু অপূৰ্ব বৰ্মন, ৰাজু ৰয়, অন্তৰা জি জি চৌধুৰী, বিদ্যা ভাৰতী, কৃষ্ণা কল্যাণী, কাব্যশ্ৰী হাজৰিকা, লক্ষ্যজিত বৰুৱা, বিনোদ লাল দাস, বিশ্বজিৎ বৰাৰ আদিক লৈ। সংগীতৰ সৌৰভ মহন্তৰ। শব্দ দেৱজিত গায়নৰ।

 

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform