ৰাজেশ ভূঞাৰ চিনেমা: যোৱা ৭ জুন তাৰিখে চিত্ৰগৃহলৈ আহিল ৰাজেশ ভূঞাৰ ৭ নম্বৰ খন চিনেমা। –চিনেমা খনৰ নাম: স্বৰ্গৰথ। ডঃসঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ প্ৰযোজনা। পৰিচালক গৰাকীৰ প্ৰথম ছয় খন চিনেমাৰ গল্প, গল্প কোৱাৰ শৈলী, পৰিচালনা শৈলীৰ বহু আঁতৰৰ এই চিনেমা খন। আমি পূৰ্বে লিখিছিলোঁ– “জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক আগবঢ়াই নিয়া পৰিচালকৰ তালিকা খন তেনেই চুটি। চুটি তালিকা খনৰে অন্যতম– ৰাজেশ ভূঞা।” পৰিচালক গৰাকীৰ “মায়া”, “প্ৰেম পাহাৰে ভৈয়ামে”, “দূৰদৰ্শন –এটি যন্ত্ৰ”, “জানমণি” “কোঁৱৰপুৰৰ কোঁৱৰ”, “মী এণ্ড মাই ছিষ্টাৰ” এই শৈলীৰে আছিল।
“স্বৰ্গৰথ”– পৰিচালক গৰাকীৰ পৰিচালনা শৈলীৰ নতুন বাট। প্ৰেমৰ গল্প, পৰিয়াল কেন্দ্ৰিক গল্প, “হাই ভোল্টেজ ড্রামা”ৰ পৰা বহু আঁতৰৰ।
আৰু এটা দিশ স্পষ্ট– “স্বৰ্গৰথ’ৰো বজাৰ চিন্তা আছে, ৰাজেশ ভূঞাৰ আন কেইখন চিনেমাৰ দৰে। কিন্তু “চিনেমাৰ বাবে চিনেমা”ৰো ওচৰৰ।
চিনেমা খন: ৰূপালী গল্পটোৰ মূল বিন্দু এটা নহয়– তিনিটা।
এখন মৃতদেহ কঢ়িয়াই নিয়া গাড়ী– স্বৰ্গৰথ, গাড়ী খনৰ চালক– বৈকুণ্ঠ কলিতা। গাড়ী খন নিজৰ নহয়, লোকৰ। গাড়ীৰ মালিককে দিব লাগে সামান্য উপাৰ্জনৰ সৰহ ভাগ টকা। পত্নী আৰু আৰু এটি কন্যা সন্তানক লৈ বৈকুণ্ঠ কলিতাৰ সংসাৰ। আৰ্থিক হেচাত জীৱন পাৰ কৰা বৈকুণ্ঠৰ সপোন আছে! সপোনক বাস্তৱ ৰূপত আগ বঢ়িই নিয়াৰ বাবে টকাৰ প্ৰয়োজন! “মই কিবা এটা কৰিম!” –পত্নীক কয় বৈকুণ্ঠই। সন্তানক ডাঙৰ-ডাঙৰ শিক্ষানুষ্ঠানত পঢ়োৱাৰ সপোন লৈ ফুৰা বৈকুণ্ঠ ৰূপালী গল্পটোৰ এটা মূল বিন্দু।
ৰূপালী গল্পটোৰ আন এটা মূল বিন্দু– তিনি বন্ধু। ঋষভ, অভিজিত আৰু ৰবীনচন। উচ্চ শিক্ষাৰ বাবে আহি মহানগৰীৰ এটা ভাড়াঘৰত তিনিও একেলগে থাকে। এই তিনি বন্ধুৰো সপোন আছে! (ক্ৰিকেটাৰ ধোনীৰ ফেন অভিজিতে অৱশ্যে নিজৰ সপোনকলৈ মূৰ ঘমাই থকা স্তৰৰ নহয়, একো কৰিব নোৱাৰিলে ঘৰলৈ উভতি গৈ খেতি পথাৰত নামিব, গাহৰি কাটি বিক্ৰী কৰিব!) “সপোন”ক বাস্তৱৰ বাটত আগুৱাই নিবলৈ টকাৰ প্ৰয়োজন। “টকাৰ বাট” বিছাৰি পালে! অভিজিতৰ পৰিকল্পনা মতে তিনিও আগবাঢ়িল “মিচন স্বৰ্গৰথ”ত। সফল হ’ল। টকা হাতলৈ আহিল। কিন্তু!
–ৰূপালী গল্প আগবাঢ়িল। টকা লৈ ঘটনা ক্ৰমে বৈকুণ্ঠৰ স্বৰ্গৰথৰ যাত্ৰী হ’ল তিনি বন্ধু। তিনি বন্ধুই টকাৰ বেগ এৰি নিৰ্দিষ্ট স্থানত নামিল। টকা বৈকুণ্ঠৰ হাতত পৰিল। আৰু বৈকুণ্ঠৰ হাটৰ পৰা টকা কাঢ়ি ল’লে খাপ পিটি ৰৈ থকা দুই “পুলিছে”। এই দুই “পুলিছ” ৰূপালী গল্পটোৰ আন এটা মূল বিন্দু। দুই “পুলিছ”ৰো সপোন আছে, সপোনক বাস্তৱৰ বাটত আগবঢ়াই নিবলৈ টকা লাগে। (দুই “পুলিছ”ক কেন্দ্ৰ কৰি মজাৰ কাহিনী আছে। ঋষভ, অভিজিত আৰু ৰবীনচনৰো মজাৰ কাহিনী আছে। থাকক, এই মজাৰ কাহিনী চিত্ৰগৃহৰ ভিতৰতে থাকক!)
চিনেমা খনৰ কাহিনী- চিত্ৰনাট্য ৰাজেশ ভূঞা, শান্তনু ৰৌমূৰীয়াৰ। পৰিচালক-চিত্ৰনাট্যকাৰৰ সফলতা: কাহিনীৰ সৰল ৰৈখিক গতি। সৰল ৰৈখিক গতিত অতীতচাৰণ (পৰিপাটিকৈ ব্যৱহাৰৰ বাবে) বাধা হোৱা নাই, সমস্যা হোৱা নাই। আমাৰ ধাৰণাত চিত্ৰনাট্যকাৰ-পৰিচালকে প্ৰথমে চৰিত্ৰ নিৰ্মাণ কৰিছে, চৰিত্ৰ কেন্দ্ৰিক কাহিনী নিৰ্মাণ কৰিছে। চৰিত্ৰ কেন্দ্ৰিক কাহিনীৰ গতিত ব্যৱহাৰ কৰিছে শব্দ (ডাইজেটিক আৰু নন-ডাইজেটিক) সৌন্দৰ্য (ছাউণ্ড ডিজাইন:অমৃত প্ৰীতম আৰু দেৱজিত চাংমাই)। শব্দৰ দলং ব্যৱহাৰ কৰি দৃশ্যৰ দৃশ্যলৈ কাহিনীটো আগুৱাই নিয়াৰ পৰিপাটি কৌশল প্ৰয়োগ চিনেমা খনৰ ইতিবাচক দিশ। (এই খিনিতে পৰিচালক-চিত্ৰনাট্যকাৰ গল্প কোৱাৰ শৈলীক প্ৰশংসা কৰাৰ পাছতো ক’ব লাগিব– গল্পৰ গতি একাংশ দৰ্শকৰ বাবে সমস্যা হ’ব পাৰে! স্থানীয় বজাৰত ক্ষতি হ’ব পাৰে!) শব্দৰ প্ৰধান অংগ সংলাপো পৰিপাটি, মেদহীন। ড্ৰামাটিক (dramatic) নহয়, চিনেমেটিক। সংলাপ (আৰু গীতৰ কথা) শান্তনু ৰৌমূৰীয়াৰ। অনুৰাগ শইকীয়াৰ সংগীতো চিনেমা খনৰ আন এক শব্দ সৌন্দৰ্য।
–চিনেমা খনৰ চৰিত্ৰ নিৰ্মাণো চিনেমেটিক। বাস্তৱ অভিনয়ৰে নিৰ্মাণ কৰা। কেনী বসুমতাৰী, মাধুৰীমা চৌধুৰী, আকিদ জামান, হিমাংশু গগৈ, অনুষ্কা গোঁহাই আদিক লৈ নিৰ্মাণ কৰা প্ৰতিটো চৰিত্ৰৰে নিৰ্মাণ কৰ্ম পৰিপাটি। আমাক চুই যোৱা, মন-মগজুত ৰৈ যোৱা (অভিজিতৰ চৰিত্ৰত আভিনয় কৰা) কমললোচনৰ অভিনয় ৰূপালী গল্পটোৰ বিশেষ সৌন্দৰ্য, ৰূপালী সৌন্দৰ্য। তেনেদৰে বৈকুণ্ঠ কলিতাৰ চৰিত্ৰত সিদ্ধাৰ্থ শৰ্মাকো প্ৰশংসা নকৰিলে ভুল হ’ব। চিনেমা খনৰ কাহিনী আগবঢ়াইছে হাস্যৰসক গুৰুত্ব দি; কিন্তু হাস্য অভিনেতা হিচাপে জনপ্ৰিয় সিদ্ধাৰ্থক লৈ নৰ্মাণ কৰা চৰিত্ৰটো হাস্যৰসৰ পৰা বহু আঁতৰৰ। “চৰিত্ৰ”টোত অভিনেতা গৰাকীৰ অভিনয় শক্তি, পৰিচালকৰ চিনেশক্তি স্পষ্ট।
আকৌ আহিছোঁ কাহিনীলৈ, বিষয় বস্তুলৈ। কাহিনীৰ গতিত “উৎকন্ঠা” আছে, “উৎকন্ঠা”ৰ শেষত হাঁহিৰ বাট। আৰু চিন্তাৰ খোৰাক। (চিনেমা খন চিত্ৰগৃহত চলি আছে। এই প্ৰসংগ মুকলিকৈ চৰ্চাৰ প্ৰয়োজন দেখা নাই।)
–কাহিনীৰ শেষৰ ফালে নোটবন্দি প্ৰসংগ গুঠি দিয়াত ৰূপালী গল্পটোৰ সৌন্দৰ্য আৰু বাঢ়ে, দৰ্শকৰ বাবে আৰু আকর্ষণপূর্ণ হয়। কাহিনীৰ গতিত চিনেমা খনৰ ভূগোল, ইতিহাস স্পষ্ট কৰি যোৱাটো পৰিচালনাৰ আন এটা ইতিবাচক দিশ।
চিনেমা খনৰ বিষয় বস্তু– প্ৰতিজন মানুহৰে সপোন থাকে! “সপোন”ক বাস্তৱৰ বাটত আগুৱাই নিয়াৰ বাবে টকাৰ প্ৰয়োজন। –কাহিনীৰ গতিত আৰু এটা “বিষয় বস্তু” স্পষ্ট– “মানৱতা”। স্বৰ্গৰথ চলোৱা বৈকুণ্ঠ কলিতাৰ দৰে মানুহৰ মাজত আজিও আছে “মানৱতা”!
বিপৰীত ছবি– চিকিৎসালয়ৰ পৰা বৈকুণ্ঠই কঢ়িয়াই নিয়া “গৰাকীবিহীন মৃতদেহ”টোৰ ওচৰত বহুজন গৰাকীয়ে ভিৰ কৰিলে, যেতিয়া মৃতদেহটো নি ঘৰৰ চোতালত শুৱাই দিয়া হ’ল। কিয়? সম্পত্তিৰ ভাগৰ আশাত। এনে ধৰণৰ বহু কথা পৰিচালকে কৈ গৈছে, গল্পৰ গতিত।
শেষত উল্লেখ নকৰিলে আধৰুৱা হ’ব– পৰিচালকক ৰূপালী গল্পটোক গতি দিয়াত সহায় কৰিছে আৰু দুগৰাকী চিনেকৰ্মীয়ে– প্ৰদীপ দৈমাৰী (চিত্ৰগ্ৰহণ), প্ৰতীম খাউণ্ডে (ৰাজা/ সম্পাদনা)।
Add comment