Rupaliparda.com
|| ৰুবুলৰ "ৰক্ষক" আৰু... || --উৎপল মেনা 1

|| ৰুবুলৰ “ৰক্ষক” আৰু… || –উৎপল মেনা

|| ৰুবুলৰ "ৰক্ষক" আৰু... || --উৎপল মেনা 2

চিনেমাত অভিনয় কৰিব বিছৰা, পৰিচালনা কৰিব বিছৰা এজন যুৱক– ৰুবুল দাস। তৃতীয় খন অসমীয়া চিনেমা সাজু কৰিছে স্থানীয় বজাৰ চিন্তাৰে। পৰিচালক গৰাকীৰ প্ৰথম খন স্বাধীন পৰিচালনা– “ফুটপাথৰ হিৰো” (২০১৯)। আমি পৰিচালক গৰাকীৰ দ্বিতীয় খন পৰিচালনাৰহে দৰ্শক হৈছোঁ– ঈশ্বৰ (২২ ডিচেম্বৰ, ২০২২)। চিনেমা খন চোৱাৰ পাছত আমাৰ অনুভৱ লিখিছিলোঁ এনেদৰে– “…চিনেমা খনত সকলো আছে–, প্ৰেম, উৎকণ্ঠা, মাৰপিট (কব পাৰি, Action cinema), গীত ইত্যাদি সকলো আছে। আছে চম্পক শৰ্মা আদি অভিনেতাৰ “নাটকীয় অভিনয়” (dramatic acting)। দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলী প্ৰয়োগৰ চেষ্টাও কৰিছে পৰিচালকে। (এইবোৰ একাংশ দৰ্শকে ভাল পাব পাৰে!) চেষ্টা নকৰিলে, চিনেমা খনৰ গল্পটো পৰিপাটি কৰিবলৈ। চিনেমাৰ ভূগোল, ইতিহাস ইত্যাদিৰ কথা নকলোৱে বা, পৰিচালক গৰাকী “গল্প”ৰ পৰায়ে বহু দূৰত। চিনেমা খনৰ প্ৰসংগত ইমান খিনিয়ে ক’ব পাৰি– এখন অসমীয়া চিনেমাৰ সংখ্যা বাঢ়িল। –আশা ৰাখিছোঁ, পৰিচালক গৰাাকীয়ে আগলৈ (আৰু যদি চিনেমা পৰিচালনা কৰে) “চিত্ৰনাট্য”ত পৰিশ্ৰম কৰিহে আগবাঢ়িব। (আৰু নিলিখো।)”
আৰু নিলিখো বুলি লিখিছিলোঁ এই কাৰণেই– লিখাৰ বাট নাছিল। আৰু পৰিচালক গৰাকীয়ে যে চিনে যাত্ৰাৰ বাবে শুদ্ধ বাট পোৱা নাছিল এই কথাও আমি অনুভৱ কৰা কৰিছিলোঁ। কিছুদিন পূৰ্বে ৰুবুলক লগ পোৱাৰ পাছত আমি স্পষ্ট হ’লো– আমাৰ ধাৰণা যে শুদ্ধ আছিল।

|| ৰুবুলৰ "ৰক্ষক" আৰু... || --উৎপল মেনা 3
–আমাক ৰুবুলে জনালে, আৰু এখন চিনেমা সাজু কৰিছে। নাম ৰাখিছে– “ৰক্ষক”। চিনেমা খনৰ কাহিনী পৰিচালকৰ। চিত্ৰনাট্য-সংলাপ: ৰমা বৰ্মন, জিতু ৰায়মেধিৰ। পৰিচালকে চৰিত্ৰ নিৰ্মাণ কৰিছে অতুল পাচনি, মুকুল দাস, পল ফুকন, অৰূপ বৈশ্য , প্ৰাঞ্জনা দত্ত, অনিৰুদ্ধ পাঠক, প্ৰয়াত জয়ন্ত দাস, ৰুবুল দাস,ভায়োলিনা বৰুৱা, জুলী হাজৰিকা, নৱাগতা লিজামনি,মণিৰাম ৰাজবংশী, কাজল ৰয়, কাঞ্চন চৌধুৰী আদিক লৈ। সংগীত পৰিচালনা হিমাংশু দেৱ চৌধুৰীৰ। চিত্ৰগ্ৰহণ বেদব্ৰত বৰা, সুৰেশ বড়ো, অভি দাসৰ। ডি আই কালাৰিষ্ট: সুজিত কৰ্মকাৰ। চিনেমা খনত গীতো আছে। গীতত কণ্ঠদান কৰিছে দীক্ষু শৰ্মা, নীল আকাশ, পাপৰি গগৈ, হৰ্ষিতা দাস, কস্তুৰী পাঠকে।

|| ৰুবুলৰ "ৰক্ষক" আৰু... || --উৎপল মেনা 4
“ৰক্ষক” চিত্ৰগৃহলৈ অহা নাই। আহিব! পৰিচালক গৰাকীয়ে হাতত লৈছে আৰু এখন চিনেমা। চিনেমি খনৰ শুভ মহুৰৎ অহা ১৪জুন।
–আমি আশা ৰাখিছোঁ “ৰক্ষক” আৰু নতুন চিনেমা খন পৰিপাটি হ’ব! পৰিচালকে নিশ্চয় পৰিপাটি চিত্ৰনাট্য লৈ চিনেকৰ্ম কৰিছে, কৰিব!

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform