Rupaliparda.com
সপোনপূৰৰ দাপোন

|| সপোনপূৰৰ দাপোন/ চিনে সংবাদ || –উৎপল মেনা

এখন নতুন অসমীয়া চিনেমা– “সপোনপূৰৰ দাপোন”। চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা- ৰমেন বৰাৰ।

সপোনপূৰৰ দাপোন
পেচিফিক ফিল্ম ক্রিয়েচনৰ বেনাৰত চিনেমা খন প্ৰযোজনা কৰিছে ড° অংকু হাজৰিকা, প্ৰশান্ত ৰয়ে।কাহিনী: ড° অংকু হাজৰিকাৰ, সংগীত- বিজয় ভূঞাৰ, কন্ঠশিল্পী:বিজয় ভূঞা, নিলাক্ষী চাং কাকতি, সম্পাদনা- ৰাজু গগৈৰ, চিত্ৰগ্ৰহণ: বিৰেন দাসৰ। পৰিচালকে চৰিত্ৰ নিৰ্মাণ কৰিছে উপকূল বৰদলৈ, বিমল বৰদলৈ, সিদ্ধাৰ্থ শৰ্মা, ৰবি শৰ্মা, ব্ৰজেন বৰা, প্ৰশান্ত ৰয়, গগন ডেকা, কুলেন কাকতি, অভিজিৎ মহন্ত, ৰেবা ফুকন, মাধুৰীমা চৌধুৰী, ড° অংকু হাজৰিকা,অঞ্জু হাজৰিকা, মমী নাথক লৈ।

সপোনপূৰৰ দাপোন
–এয়া পৰিচালকে দিয়া তথ্য। কথ প্ৰসংগত পৰিচালক গৰিকীয়ে “চৰিত্ৰ”ক লৈ গতি কৰা কাহিনী ভাগৰ আভাষ দিলে এনেদৰে– ” সপোনপূৰ– এখন গাঁৱৰ নাম। এই সপোনপূৰ গাঁৱৰ লগতে ওচৰ-পাজৰৰ আন কেইখন গাঁৱৰ ৰাইজে সপোনপূৰ গাঁৱৰ ৰায়চৌধুৰী পৰিয়ালক সন্মানৰ চকুৰে চাই আহিছে। কেইবা দশক ধৰি এই সপোনপূৰ গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰি অহাৰ কাৰণে এই প্ৰজন্মৰ ৰায়চৌধুৰী পৰিয়ালৰ ব্যক্তিসকলকো বাস্তৱ জীৱনটো ৰজা বুলি সম্বোধন কৰি আহিছে । চমু অৰ্থত ৰায়চৌধুৰী পৰিয়ালৰ বৰ্তমানৰ মুৰব্বী প্ৰতাপ ৰায়চৌধুৰী আৰু তেওঁৰ পত্নীকো ৰজা-ৰাণী বুলি ৰাইজে সম্বোধন কৰি আহিছে। এই ৰায়চৌধুৰী পৰিয়ালৰ উদ্যোগতে আজি এশ বছৰ ধৰি সপোনপূৰ গাঁৱত বছৰেকীয়া ভিত্তিত এখন দৌৰ খেল অনুস্থিত হৈ আহিছে। এইবাৰো ৰজা প্ৰতাপ ৰায়চৌধুৰীয়ে ঘোষণা কৰিলে তেওঁ স্বাস্থ্যজনিত কাৰণত চেন্নাইলৈ গৈ তাৰ পৰা উভতি আহিয়ে বছৰেকীয়া খেলখন জাক-জমকতাৰে অনুষ্ঠিত কৰিব।

|| সপোনপূৰৰ দাপোন/ চিনে সংবাদ || --উৎপল মেনা 1
গাঁৱৰ বৃদ্ধ জেষ্ঠ্যসকলে ৰজাৰ কথাত হয়ভয় দিলে আৰু ৰাইজৰ আশীর্বাদ লৈ প্ৰতাপ ৰায়চৌধুৰী চিকিৎসাৰ বাবে চেন্নাইলৈ উৰা মাৰিলে। দূৰ্ভাগ্যবশতঃ পৰিবৰ্তনগামী নতুন যুৱচামে প্ৰতাপ ৰায়চৌধুৰীৰ ঘোষণাৰ প্ৰতিবাদ কৰি সাতামপুৰুষীয়া ৰীতি-নীতিৰ বিলুপ্তি ঘটাই নতুন চিন্তা আৰু উদ্যমেৰে নতুন প্ৰজন্মৰ নেতৃত্বত দৌৰ খল খন অনুষ্ঠিত কৰা হ’ব বুলি সভা আকাৰে ঘোষণা কৰিলে। লগতে ঘোষণা কৰিলে লোভনীয় পুৰস্কাৰ। প্ৰথম শ্ৰেষ্ঠ বিজয়ীক দিব ১০লাখ , ২য় শ্ৰেষ্ঠ পুৰস্কাৰ ৭লাখ , ৩য় শ্ৰেষ্ঠ পুৰস্কাৰ ৫লাখ।

সপোনপূৰৰ দাপোন

ৰজাৰ অনুষ্ঠিতিত ৰাণীয়ে সাহসীকতাৰে ইয়াৰ প্ৰতিবাদত গাঁৱৰ জ্যেষ্ঠ আৰু শুভাকাঙ্ক্ষী সকলৰ সৈতে মিলি এক নজিৰবিহীন পুৰস্কাৰ ঘোষণা কৰিলে। ৰাণীৰ স্পষ্ট কথা, ‘ৰায়চৌধুৰী পৰিয়ালৰ একমাত্র বোৱাৰী হিচাপে মই জীয়াই থকালৈকে এই ৰায়চৌধুৰী পৰিয়ালৰ মান-সন্মান আৰু আভিজাত্য কেতিয়াও ম্লান হ’বলৈ নিদিও।’ সেয়েহে এই সভাতে ৰাণীয়ে ঘোষণা কৰে, এই দৌৰ প্ৰতিযোগিতাৰ সকলোতকৈ শেষত অহা প্ৰতিযোগীজনক পুৰস্কাৰ হিচাপে দিয়া হ’ব নগদ ধন ১কোটি। ৰাণীৰ এই প্ৰস্তাৱ ৰাজহুৱা সভাই গ্রহণ কৰে যদিও ৰাইজ বিপাঙত পৰে। সকলোৰে মনত এটাই প্ৰশ্ন, শেষত অহাজনে যদি ১কোটি পায়, ১০লাখ টকাৰ কাৰণে নো কোন প্ৰথম হ’ব!…”
–কাহিনী গতানুগতিক নহয়। কিন্তু চিনেমা এখনৰ মূল দিশ “চৰিত্ৰ” নিৰ্মাণ, শব্দ প্ৰয়োগ, কেমেৰাৰ ভাষা প্ৰয়োগ, গল্প কোৱাৰ শৈলী। আমি আশা ৰাখিম পৰিচালক গৰাকীয়ে এই দিশত চিত্ৰৰসিকক হতাশ নকৰে, নতুন চিনেচিন্তাৰে নতুন বাট কাটিব!

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform