
অসমীয়া চলচিত্ৰ জগতত আহিবলৈ কোনো ধৰণৰ আগতীয়া পৰিকল্পনা নথকা, বাংগালোৰত ১ বছৰীয়া চাকৰি কৰি ঘূৰি আহি আকৌ গুৱাহাটীত চাকৰি কৰা এজন যুৱকে অসমীয়া চলচিত্ৰত এনেদৰে সোমাই পৰিল যে অভিনেতাৰ তালিকাখনত তেওঁ নহ’লে যেন এতিয়া তালিকাখনেই আধৰুৱা। “জানমণি-১২” নামে ভি.চি.ডি খনৰ পৰা আৰম্ভ কৰি প্ৰায় ৭ খনকৈ চিনেমাত কৰা অভিনয়ৰে দৰ্শকক আকৰ্ষিত কৰা গুঞ্জন ভৰদ্বাজৰ আজি জন্মদিন। তেওঁৰ জন্মদিনত ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো তেওঁলৈ অশেষ শুভকামনা।

তিনচুকীয়াত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেতাৰ প্ৰথমখন চিনেমা আছিল টি.আৰ.পি আৰু… । ইয়াৰ পিছতেই, “অহেতুক”, “ৰাফ এণ্ড টাফ”, “তুমি আহিবানে”, “প্ৰিয়াৰ প্ৰিয়”, “কেলেণ্ডাৰ”, “ককাইদেউ বিন্দাছ” আদি চিনেমাৰ লগতে থিয়েটাৰতো নিজ অভিনয়ৰ যাদু দেখুওৱা এই গৰাকী অভিনেতাৰ অনুৰাগী সংখ্যাও এতিয়া সৰ্বাধিক। হাঁহি তথা অভিনয়ৰে দৰ্শকৰ হৃদয় জিনা গুঞ্জন ভৰদ্বাজৰ জন্মদিনৰ দিনা তেওঁৰ ভৱিষ্যত জীৱনৰ প্ৰত্যেকটো সুখৰ বাবে ৰূপালী পৰ্দাই জনাইছে অশেষ শুভকামনা।

Add comment