ৰাজ্যজুৰি বানৰ তাণ্ডৱ। কেউদিশে পানী আৰু বৰ্ন্যাতৰ হাঁহাকাৰ। সাধাৰণ মৌলিক প্ৰয়োজনৰ পৰাও বঞ্চিত এই লোকসকল। চৰকাৰী- বেচৰকাৰী আদি বহু দিশৰ পৰা সাহাৰ্য্য প্ৰদান কৰাৰ সমান্তৰালকৈ বলীউড তাৰকা অক্ষয় কুমাৰেও অসমৰ বৰ্ন্যাতলৈ আগবঢ়ালে ২ কোটিকৈ টকা। তেওঁৰ মতে, তেওঁৰ চিনেমা অসমত চলে তথা অসমত থকা তেওঁৰ অনুৰাগীৰ সংখ্যাও অধিক। গতিকে, তেওঁৰ কৰ্তব্যনুযায়ী ২কোটি টকা তেওঁ বৰ্ন্যাতলৈ সাহাৰ্য্য স্বৰূপ আগবঢ়ালে।

কিন্তু, এইখিনি কথাক লৈ সন্তুষ্ট নাথাকিল অসমবাসী। অসমৰ ব্ৰেণ্ড এম্বেছেদৰ অথবা অসমৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত নথকা স্বত্বেও অক্ষয় কুমাৰৰ সহায়ৰ হাত আহিল যদিও অসমৰ ব্ৰেণ্ড এম্বেছেদৰ প্ৰিয়ংকা চোপ্ৰা মৌন হৈ থাকিল বহুত দিনলৈ। হাতীৰ ওপৰত উঠি কাজিৰঙা ভ্ৰমি মুগাৰ মেখেলাত বিহু নাচি অসমৰ ৰাইজৰ সৈতে জড়িত হোৱা স্বত্বেও বহু সমালোচনা কৰাৰ অন্তত এটা টুইটৰ সৈতেই সমাপ্ত কৰিলে তেওঁ নিজৰ দায়িত্ব। এক কথাত ক’ব গ’লে, “প্ৰিয়ংকালৈ এতিয়া বহু দূৰ”।

এইখিনিতে, আহি গ’ল আৰু এটা টুইষ্ট। বিত্ত দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে অসমবাসীক জনালে যে বি-টাউন অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ অসম চৰকাৰৰ চুক্তিৰ সৈতে ইতিমধ্যে ম্যাদ উকলি গৈছে। হয়, অসমৰ ব্ৰেণ্ড এম্বেছেদৰ আৰু প্ৰিয়ংকা চোপ্ৰা নহয়। উক্ত প্ৰসংগটোক লৈয়ে এতিয়া ৰাইজৰ মাজত দেখা গৈছে মিশ্ৰ প্ৰতিক্ৰিয়াৰ।
কিন্তু, এইখিনিতে প্ৰশ্ন হ’ল আগন্তুক সময়ত অসমৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে চৰকাৰে কাক বিচাৰিব?? কোনো অভিনেত্ৰী নে কোনো খেলুৱৈ??

ৰূপালী পৰ্দাৰ ফালৰ পৰা আমি জানিব বিচাৰিম অসমৰ ব্ৰেণ্ড এম্বেছেদৰ ৰূপে আগন্তুক সময়ত আপোনালোকে কাক বিচাৰে?? কমেণ্ট কৰি জনাওঁক আপোনাৰ মতামত।
Add comment