Rupaliparda.com

১৫০০ টা খণ্ডৰে “বেহাৰবাৰী আউটপষ্ট” ৰ জয়যাত্ৰাঃ

ৰেঙণি যোগে প্ৰচাৰিত আটাইতকৈ দীঘলীয়া ধাৰাবাহিকৰ ভিতৰত এখন হৈছে “বেহাৰবাৰী আউটপষ্ট”। মনোজ শইকীয়াৰ দ্বাৰা পৰিচালিত এই ধাৰাবাহিকখন যোৱা ২০১৩ চনৰ ৭ অক্টোবৰ তাৰিখৰ পৰা ৰেঙণি যোগে সন্ধিয়া ৮ বজাত প্ৰচাৰ কৰা হৈছে। বৰ্তমানেও এই একেখিনি সময়ত প্ৰচাৰিত “বেহাৰবাৰী আউটপষ্টে” সম্পূৰ্ণ কৰিলে ১৫০০ টাকৈ খণ্ড।

১৫০০ টা খণ্ডৰে "বেহাৰবাৰী আউটপষ্ট" ৰ জয়যাত্ৰাঃ 1
১৫০০ টা খণ্ডৰে "বেহাৰবাৰী আউটপষ্ট" ৰ জয়যাত্ৰাঃ 2


কে কে-মোহনৰ যুঁটি লগতে নতুনকৈ অসমীয়া চলচিত্ৰ ক্ষেত্ৰৰ অভিনেত্ৰী নিশিতা গোস্বামীৰ সংযোজনে ধাৰাবাহিকখন আৰু অধিক মনোগ্ৰাহী কৰি তুলিছে। দেশত সংঘটিত কিছু গুৰু-গম্ভীৰ বিষয়ৰ আঁত ধৰি ধাৰাবাহিকখনে আমোদৰ জৰিয়তে দৰ্শকক প্ৰদান কৰে বহু গুৰুত্বপূৰ্ণ বাৰ্তা।

View this post on Instagram

Happy to be a part ..

A post shared by Nishita Goswami (@nishitagoswami01) on

১৫০০ টা খণ্ডৰে "বেহাৰবাৰী আউটপষ্ট" ৰ জয়যাত্ৰাঃ 3


কে কে-মোহনৰ ধেমালীয়ে প্ৰত্যেকটো সন্ধিয়া দৰ্শকক হাঁহিবলৈ অৱকাশ দিয়ে। তেওঁলোকৰ এই দীৰ্ঘদিনীয়া যাত্ৰাত আমি ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো অলেখ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform