
“ৰৈ ৰৈ বিনালে” –জুবিন গাৰ্গৰ চিনে-চিন্তাৰ ফচল। কায়িক জুবিনৰ অবৰ্তমানত চলিছে চিনেমা খনৰ নিৰ্মাণ পৰ্বৰ শেষ পৰ্যায়ৰ কাম। চিনেমা খন কেতিয়া চিত্ৰগৃহলৈ আহিব?
–জুবিনেই স্থিৰ কৰিছিল মুক্তিৰ তাৰিখ। ৩১ অক্টোবৰ। শিল্পী গৰাকীক সন্মান জনাই নিৰ্দিষ্ট দিনটোতে মুক্তি দিব পৰাকৈ সাজু কৰিছে পৰিচালক ৰাজেশ ভুঞাই। –হয়, জুবিনৰ চিনে-চিন্তাৰে চিনেমা খন পৰিচালনা কৰিছে ৰাজেশ ভূঞাই, চিত্ৰনাট্য ৰাহুল গৌতম শৰ্মাৰ (চিত্ৰনাট্য উপদেষ্টা: শান্তনু ৰৌমুৰীয়া)।
চিনেমা খনৰ কাম সম্পূৰ্ণ হোৱা নাছিল। কিছু কাম বাকী আছিল। জুবিনে অভিনয় কৰা “চৰিত্ৰটো”ৰ ডাবিং সম্পূৰ্ণ হোৱা নাছিল। ছিংগাপুৰৰ পৰা উভতি আহি ডাবিং কৰাৰ কথা আছিল। আৰু স্বাভাৱিকতে জুবিনৰ অবৰ্তমানত সমস্যা হৈছিল এই পৰ্যায়ৰ কাম খিনি আগুৱাই নিয়াত।
স্বাভাৱিকতে চৰ্চালৈ আহিল– কোনে দিব জুবিনে অভিনয় কৰা চৰিত্ৰটোৰ “মাত”। জুবিনৰ কণ্ঠ নাথাকিব নেকি?
বহু চৰ্চাৰ পাছত পৰিচালক ৰাজেশ ভূঞাই ক’লে– “জুবিনৰ কণ্ঠয়ে থাকিব। জুবিন গাৰ্গৰ Original Voice ব্যৱহাৰ কৰা হ’ব। যিখিনি VOICEত অসুবিধা আছে, সেইখিনি AIৰ জৰিয়তে সংযোজন কৰা হ’ব।…”
জুবিনে কৈছিল– “এই খন বেলেগ ধৰণৰ চিনেমা হ’ব। ‘কাঞ্চনজংঘা’, ‘মিছন চাইনা’ৰ দৰে নহয়। মাৰ-পিট নাথাকে, মিউজিকে চিনেমা হ’ব। মই অভিনয় কৰা চৰিত্ৰটোৱে চকুৰে নেদেখে। মই প্ৰতিখন ছবিতে ৰূপ সলনি কৰি থাকো, ক’ৰবাত টকলা হৈ যাওঁ, ক’ৰবাত চুলি থাকে। ‘ৰৈ ৰৈ বিনালে’ত মই অন্ধ হৈ ওলাম। সেই ৰূপটো আৰু বেলেগ। মই বেলেগ ধৰণে অভিনয় কৰিছোঁ।…”
জুবিনে অভিনয় কৰা চৰিত্ৰটো “ৰৈ ৰৈ বিনালে”ৰ মূল বিন্দু। মূল বিন্দুৰ গতিত আহিব কেইবাটাও চৰিত্ৰ। দুটা চৰিত্ৰ নিৰ্মাণ কৰিছে আচুৰ্য বৰপাত্ৰ, জয় কাশ্যপক লৈ।
এই খিনিতে উল্লেখ কৰিব পাৰি, ১৯৯৮ চনত “সংগীতৰ বজাৰ”লৈ আহিছিল জুবিনৰ শ্ৰব্য সংকলন– “শব্দ”। এই সংকলনটোৰ এটা গীত– “ৰৈ ৰৈ বিনালে, নিশায়ে বিনালে…” (কথা-কণ্ঠ-সুৰ: জুবিন গৰ্গ)।
“ৰৈ ৰৈ বিনালে”– এখন চিনেমাৰ নাম হ’ব পাৰে! কথা প্ৰসংগত জুবিক কোনো এজনে (ৰাজেশ ভূঞাই!) কৈছিল।
“পাৰে…” –জুবিনে কৈছিল। তাৰ পাছত চিন্তা-চৰ্চা। চিন্তা-চৰ্চাৰ মাজতে জুবিনৰ চিনে-চিন্তাৰে (বজাৰ চিন্তাৰে) নিৰ্মাণ হ’ল স্থানীয় বজাৰ সফল “মিছন চাইনা”, “কাঞ্চনজংঘা”। ব্যাখ্যাৰ প্ৰয়োজন নাই এই দুখন চিনেমাৰে জুবিনে অসমীয়া চিনেমাৰ বজাৰ খন বহল (বৃহৎ) কৰিছিল।







Add comment