“কিছুমান সপোন এৰাতিৰ ভিতৰতে বাস্তৱ নহয়; সেইবোৰ বিশ্বাস, অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু ঈশ্বৰৰ সময়ৰ ওপৰত অটল আস্থাৰে বছৰৰ পিছত বছৰ গঢ়ি উঠে।”
–এই বাক্য কেইটাৰে আৰম্ভ হোৱা সুলক্ষণা বৰুৱাৰ সামাজিক মাধ্যমৰ পোষ্টটো কেৱল এখন নতুন চিনেমাৰ প্ৰচাৰ নাছিল; আছিল এজন শিল্পীৰ দীঘলীয়া সাধনা, ধৈৰ্য আৰু আত্মবিশ্বাসৰ এক আন্তৰিক স্বীকাৰোক্তি। অসমীয়া চিনেমাৰ পৰা বলিউডলৈ তেওঁৰ এই যাত্ৰা অসমীয়া অভিনয়-প্ৰতিভাৰ জাতীয় পৰিসৰত এক নতুন উপস্থিতি।
অমিত ৰায় পৰিচালিত “Ohh My Dog” -ত সুলক্ষণা বৰুৱাই এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে। চিনেমা খনত পংকজ ত্ৰিপাঠী, পৱন ৰাজ মালহোত্ৰা, গীতা আগৰৱাল শৰ্মাৰ দৰে অভিজ্ঞ শিল্পীৰ সৈতে একেলগে অভিনয় কৰাৰ সুযোগ আভিনেত্ৰী গৰাকীৰ অভিনয়-জীৱনৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি। নিজৰ ফেচবুক পোষ্টত তেওঁ এই অভিজ্ঞতাক “ঈশ্বৰৰ অপূৰ্ব আশীৰ্বাদ” বুলি উল্লেখ কৰিছে। বিশেষকৈ কুকুৰৰ প্ৰতি তেওঁৰ ব্যক্তিগত অনুৰাগ থকাৰ বাবে মানুহ আৰু কুকুৰৰ সম্পৰ্কক কেন্দ্ৰ কৰি নিৰ্মিত এই চিনেমা খনৰ জৰিয়তে বলিউডত অভিষেক ঘটাটো তেওঁ ভাগ্যৰ এক সুন্দৰ অভিজ্ঞতা হিচাপে অনুভৱ কৰিছে।
এই অভিষেক আকস্মিকভাৱে অহা নাছিল। সুলক্ষণাৰ ভাষাত, “এটা দশকৰো অধিক সময় ধৰি মই চিনেমা জগতৰ সৈতে জড়িত। অসমীয়া চিনেমাৰ পৰা আৰম্ভ কৰি আজিৰ এই মুহূৰ্তলৈকে প্ৰতিটো পদক্ষেপেই মোক নতুন শিক্ষা দিছে, কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু অটল বিশ্বাসৰ মূল্য বুজাইছে।” এই স্বীকাৰোক্তিতেই এজন শিল্পীৰ অন্তৰ্যাত্ৰা স্পষ্টকৈ ধৰা পৰে। সফলতা তেওঁৰ বাবে এক মুহূৰ্তৰ সৌভাগ্য নহয়; বহু বছৰৰ অধ্যৱসায়ৰ ফল।
সুলক্ষণা বৰুৱা ইতিমধ্যে “অদম্য”, “মাজ ৰাতি কেতেকী” আৰু “ৰ’দৰ পাখি”কে ধৰি কেইবাখনো অসমীয়া চিনেমাত অভিনয় কৰি দৰ্শকৰ আস্থা অৰ্জন কৰিছে। বিশেষকৈ “ৰ’দৰ পাখি” তেওঁৰ বলিউড যাত্ৰাৰ দুৱাৰ মুকলি কৰি দিয়ে।
তেওঁৰ নিজৰ বক্তব্য অনুসৰি, গোৱাত অনুষ্ঠিত IFFI (International Film Festival of India) -ত প্ৰথমবাৰৰ বাবে পৰিচালক অমিত ৰায়ৰ সৈতে তেওঁৰ সাক্ষাৎ হয়। সেই সময়ত কিছুমান বন্ধুৱে অমিত ৰায়ক সুলক্ষণাকো চিনেমা খনত লোৱাৰ পৰামৰ্শ দিয়ে। তাৰ পাছত পৰিচালকে “ৰ’দৰ পাখি’ত তেওঁৰ অভিনয়ৰ কেইটামান দৃশ্য চায়। সেই অভিনয়ে সন্তুষ্ট হৈ তেওঁ সুলক্ষণাক “Ohh My Dog” -ত অভিনয়ৰ প্ৰস্তাৱ আগবঢ়ায়। এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰে যে ভাল কাম কেতিয়াও অপচয় নহয়; সঠিক সময়ত সঠিক মানুহৰ ওচৰলৈ যায়।
“Ohh My Dog” -ৰ আন এটা বিশেষ তাৎপৰ্য হৈছে– কাহিনী-ৰেখাত অসমৰ সমাজ-সংস্কৃতিক কাহিনীৰ অংশ হিচাপে স্থান দিছে। আৰু উল্লেখযোগ্য অংশ ডিব্ৰুগড়ত দৃশ্যগ্ৰহণ কৰা হৈছে। অধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল, অসমৰ অংশৰ দৃশ্যগ্ৰহণত বাহিৰৰ পৰা কলা-কুশলী অনাৰ পৰিৱৰ্তে স্থানীয় শিল্পী আৰু কাৰিকৰী কৰ্মীকেই অন্তৰ্ভুক্ত কৰা হৈছে।
এই সন্দৰ্ভত সুলক্ষণা বৰুৱাই কৈছে, “বলিউডৰ এখন চিনেমাত অসমক ইমান ধুনীয়াকৈ উপস্থাপন কৰা হৈছে, এইটো এটা ভাললগা কথা। অসমত শ্বুটিং কৰা অংশটোৰ বাবে বাহিৰৰ পৰা কোনো ধৰণৰ কলা-কুশলী অনা হোৱা নাছিল। অসমৰে কলা-কুশলীক লৈ দৃশ্যগ্ৰহণ কৰা হৈছে। লগতে অসমৰ লোক-সংস্কৃতি ছবিখনত খুব সুন্দৰকৈ উপস্থাপন কৰা হৈছে।”







Add comment