কেটৰিনাৰ ভনীয়েক ইচাৱেলৰ বলীউডলৈ আগমন। কৰণ ললিত ভূটানীৰ দ্বাৰা পৰিচালিত “কোৱাথা” নামে ছবিখনত আয়ুস শৰ্মাৰ সৈতে দেখিবলৈ পোৱা যাব ইচাৱেলক। ছবি সমালোচক তৰণ আদৰ্শে এটি পষ্টৰ জৰিয়তে ছবিখনৰ কথা জনসাধাৰণক জানিবলৈ দিয়ে।

উল্লেখ্য যে, চেপ্তেম্বৰৰ পৰা শ্বুটিং আৰম্ভ হ’বলগীয়া চিনেমাখন ভাৰতীয় সেনা জোৱানৰ কিছু কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত কৰা হ’ব; য’ত আয়ুস শৰ্মাক এগৰাকী সেনা জোৱানৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব। ভাৰত-ম্যানমাৰ বৰ্ডাৰৰ কাষৱৰ্তী এখন গাঁৱৰ নাম হৈছে “কোৱাথা”। চিনেমাখনৰ কাহিনীভাগ সত্য ঘটনাৰ ওপৰত আধাৰিত।

বলীউডত খোজ পেলাবলৈ ইচাৱেলে যোৱা ৪ বছৰ আগৰ পৰাই অভিনয় আৰু নৃত্যৰ শিক্ষা গ্ৰহণ কৰি আছে।
Add comment