Rupaliparda.com
তৰালী শৰ্মাৰ জন্মদিন বিশেষঃ 1

তৰালী শৰ্মাৰ জন্মদিন বিশেষঃ

১৯৭৫ চনত আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰা এগৰাকী কণ্ঠশিল্পী। যি গৰাকীয়ে নিজৰ ১২ বছৰ বয়সতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত এটি অনুষ্ঠানৰ বাবে সংগীত পৰিচালনা কৰে। নিজ কণ্ঠৰ মধুৰতাৰে শ্ৰোতাৰ হৃদয়ত বাস কৰা গায়িকাগৰাকীয়ে হৈছে তৰালী শৰ্মা। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী মহিলা সংগীত পৰিচালিকা হোৱাৰ লগতে তৰালী শৰ্মাই ২০০৩ চনত মুক্তিপ্ৰাপ্ত ছবি “আকাশীতৰাৰ কথাৰে” ত ভক্তিমূলক “কাকুতি ঘোষা” শীৰ্ষক গীতটি গোৱাৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

তৰালী শৰ্মাৰ জন্মদিন বিশেষঃ 2


তেওঁৰ জন্মদিনত ৰূপালী পৰ্দাৰ সমূহ কৰ্মকতাই তেওঁক জনাইছো অশেষ শুভকামনা। তৰালী শৰ্মাৰ প্ৰত্যেকটো গীতেই শ্ৰোতাক বাৰে বাৰে শুনিবলৈ বাধ্য কৰোৱায়; ফলত ৰূপালী পৰ্দাই এই জনপ্ৰিয় গায়িকা গৰাকীৰ জন্মদিনত আপোনালোকক দিব তেওঁৰ কেইটিমান জনপ্ৰিয় গীতৰ নাম লগতে গীতটিৰ লিংক। য’ত ক্লিক কৰাৰ লগে লগে শুনিবলৈ পাব তেওঁৰ মধুৰ কণ্ঠ-

তৰালী শৰ্মাৰ জন্মদিন বিশেষঃ 3

১. আহিবা তুমি দুপৰ নিশা-

২.হেঙুলীয়া-

৩. অনুৰাগ তোমাৰ বাবে-

৪. ইমান অভিমান কিয় মই নাজানো-

৫.বৈ যায় (বৰনদী ভটিয়ায়)

৬. বুকু ভৰা এই নিশা যে-

৭. কেতিয়াবা

৮. শুই থকা আৱেগ-

………… উপৰোক্ত গীতকেইটিৰ উপৰিও তৰালী শৰ্মাই কণ্ঠদান কৰা আৰু বহু গীত শ্ৰোতাৰ প্ৰিয়। গতিকে আপোনালোকে কমেণ্ট কৰি জনাওঁক তৰালী শৰ্মাৰ কোনটো গীত আপোনাৰ প্ৰিয় লগতে শিল্পীগৰাকীক যাঁচক জন্মদিনৰ শুভকামনা।

Add comment

Leave a Reply