Rupaliparda.com
গুত্থী তথা মহশুৰ গুলাটীৰ জন্মদিনঃ 1

গুত্থী তথা মহশুৰ গুলাটীৰ জন্মদিনঃ

“আপ আয়ে হে ইচ্ বাগিয়া মে,
ফুল খিলে হে গুলশন গুলশন”
……… গানটোৰ এই শাৰী দুটাই প্ৰত্যেকৰ চকুত কেৱল মাত্ৰ এজন ব্যক্তিক দাঙি ধৰে। নহয়নে? সেইগৰাকীয়ে হৈছে গুত্থী ওৰফে কমেডিয়ান ও অভিনেতা সুনীক গ্ৰৱাৰ। তেওঁৰ এই জন্মদিনত আমি ৰূপালী পৰ্দাই জনাইছো তেওঁক অশেষ শুভকামনা।

গুত্থী তথা মহশুৰ গুলাটীৰ জন্মদিনঃ 2

সুনীল গ্ৰৱাৰ বিষয়ে জানোচোন আহক নজনা কিছু কথা-

মুম্বাইলৈ অহা পিছত তেওঁ অইনৰ ঘৰত ভাড়াতীয়া হিচাপে থাকি মাহিলী ৫০০ টকাহে পাইছিল। কিন্তু তেওঁৰ বিশ্বাসেই আজি তেওঁক সফলতাৰ জখলা বগাবলৈ সক্ষম কৰালে।

গুত্থী তথা মহশুৰ গুলাটীৰ জন্মদিনঃ 3

তেওঁ প্ৰথমতে টি.ভি ত কাম পাইছিল যদিও তেওঁ সময় মতে উপস্থিত হ’ব নোৱাৰাত তেওঁৰ চৰিত্ৰটো অইনক দি দিয়া হৈছিল। তাৰ পিছতেই তেওঁ “ভইচ অভাৰ” ৰ কাম আৰম্ভ কৰে আৰু তেনেকৈ ৰেডিঅ’ ত কাম পাবলৈ সক্ষম হয়।

গুত্থী তথা মহশুৰ গুলাটীৰ জন্মদিনঃ 4

ৰেডিঅ’ই সুনীলক জনপ্ৰিয় কৰাৰ পিছতেই তেওঁ টি.ভি ত কাম পাবলৈ সক্ষম হয় আৰু “গুত্থী” চৰিত্ৰটোৰ বাবে তেওঁক মতাই অনা হয়।

গুত্থী তথা মহশুৰ গুলাটীৰ জন্মদিনঃ 5

“কমেডি নাইট উইথ কপিল শৰ্মা” আৰু “ডা কপিল শৰ্মা শ্ব” ত “মহশুৰ গুলাটী” ৰ চৰিত্ৰটোৰ বাবে অভিনেতাগৰাকীয়ে লাভ কৰে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

গুত্থী তথা মহশুৰ গুলাটীৰ জন্মদিনঃ 6

সুণীল গ্ৰৱাৰে নিজেই তেওঁৰ ইনষ্টাগ্ৰাম পষ্ট এটিত জনায় যে তেওঁ সফলতাক চুমিব পৰাটো সহজ নাছিল। তেওঁৰ নিচিনা ল’ৰা এজনে সফলতা পাবলৈ কৰিব লগা হৈছিল কঠোৰ সংগ্ৰাম।


আপোনালোকেও যদি “গুত্থী” ক ভাল পায় তেতিয়াহ’লে তেওঁক জনাওঁক জন্মদিনৰ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.