Rupaliparda.com

“কাঞ্চনজংঘা” ৰ ট্ৰেইলাৰ মুক্তিঃ

“কাঞ্চনজংঘা” ট্ৰেইলাৰ মুক্তি। চলিত বৰ্ষত ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনাই মুক্তিৰ সিদ্ধান্ত লোৱা ছবিখনৰ “আই কেচ্ছি” পষ্টাৰে ইতিমধ্যে দৰ্শকৰ মন টানিবলৈ সক্ষম হৈছিল। ঠিক তেনেদৰেই “কাঞ্চনজংঘা” ৰ ট্ৰেইলাৰটোৱে যেন চিনেমাখন চাবলৈ দৰ্শকক বাধ্য কৰি পেলাইছে। সমাজৰ কিছু তথাকথিত নিয়ম লগতে কিছু সংখ্যক নেতা-বিষয়াৰ কেলেংকাৰীক নগ্ন কৰি নিৰ্মিত কৰা হৈছে “কাঞ্চনজংঘা”।

"কাঞ্চনজংঘা" ৰ ট্ৰেইলাৰ মুক্তিঃ 1


উচ্চ-নীচ, জাতিভেদে সমাজত যি এক ঋণাত্মক প্ৰভাৱ পেলাইছে তাক উদঙাবলৈ চেষ্টা কৰা হৈছে “কাঞ্চনজংঘা” ত। সেইবাবেই হয়টো যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে তেওঁৰ ছবিখনৰ প্ৰচাৰৰ অৰ্থে এটা নিৰ্দ্দিষ্ট ডায়লগ ব্যৱহাৰ কৰি আহিছে – ” মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত। মই কাঞ্চনজংঘা।” উক্ত ডায়লগটিয়ে ছবিখনৰ কাহিনীভাগৰ এক সুক্ষ্ম আভাষ দৰ্শকক দি যায়।

"কাঞ্চনজংঘা" ৰ ট্ৰেইলাৰ মুক্তিঃ 2
"কাঞ্চনজংঘা" ৰ ট্ৰেইলাৰ মুক্তিঃ 3


“কাঞ্চনজংঘা” ট্ৰেইলাৰটোত জুবিনৰ এক শিহৰণকাৰী ৰূপ দেখিবলৈ পাব দৰ্শক। এক কথাত ক’বলৈ গ’লে জুবিনৰ “ট্ৰান্সফ’ৰমেছন” উপভোগ কৰিব পাৰিব দৰ্শকে। ট্ৰেইলাৰটোত ভাল ল’ৰা এজনৰ পৰা এটা হত্যাকাৰী ৰূপত দেখা দেখা গৈছে জুবিন গাৰ্গক। গতিকে, ট্ৰেইলাৰ মুক্তিৰ পিছত যে “কাঞ্চনজংঘা” ক লৈ দৰ্শকৰ মাজত উৎস্যুকতাই বিৰাজ কৰিছে সেয়া নিশ্চিত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform