Rupaliparda.com

শুভ জন্মদিন “চিম্বা গাৰ্ল”-

নিজ ২৪সংখ্যক জন্মদিনত কেৱল মাত্ৰ কৰ্মতেই ব্যস্ত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হোৱা “চিম্বা গাৰ্ল” ক ৰূপালী পৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা। বলীউডৰ নবাব ছেইফ আলি খান আৰু অমৃতা সিং ৰ একমাত্ৰ জীয়ৰী সাৰা আলি খানৰ আজি জন্মদিন। “কেদাৰনাথ” ছবিৰ দ্বাৰা লেমলাইটলৈ অহা এইগৰাকী অভিনেত্ৰী বলীউড জগতত প্ৰৱেশ কৰাৰ মাত্ৰকেই দৰ্শকৰ মন-মগজুত সোমাই পৰিছিল। তেওঁৰ অভিনয়ৰ লগতে মিডিয়াৰ লগত হোৱা ইণ্টাৰভিউত তেওঁৰ কিছু মন্তব্যৰ বাবে অভিনেত্ৰীগৰাকীৰ ব্যক্তিত্বৰ প্ৰেমত পৰিছিল দৰ্শক।

শুভ জন্মদিন "চিম্বা গাৰ্ল"- 1
শুভ জন্মদিন "চিম্বা গাৰ্ল"- 2


স্কুল আৰু কলেজীয়া দিনত অভিনেত্ৰী হোৱাৰ সপোন দেখিছিল যদিও নিজৰ ওজনৰ বাবে সেই আশাক মনৰ মাজতেই সমাধিস্থ কৰি ৰাখিছিল সাৰাই। তেওঁৰ ৯৬ কিলো ওজনৰ বাবদ তেওঁ নিজৰ ছাত্ৰী জীৱনত সমালোচনাৰো সন্মুখীন হৈছিল। মজাৰ কথা যে, সাৰা আলি খানক স্কুলত নাম ভৰ্তি কৰোৱাৰ আগত তেওঁ স্কুলখনৰ হেডমাষ্টৰ গৰাকীলৈ ফোন কৰে আৰু “দমা দম মষ্ট কলণ্ডৰ” গীতটি গাই শুনায়। তেওঁৰ এই গীতত মুগ্ধ হোৱাৰ ফলত অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ পচন্দৰ স্কুল খনত নাম ভৰ্তি কৰে।

শুভ জন্মদিন "চিম্বা গাৰ্ল"- 3
শুভ জন্মদিন "চিম্বা গাৰ্ল"- 4


“কেদাৰনাথ” আৰু “চিম্বা” ৰ পিছত দৰ্শকে অভিনেত্ৰীগৰাকীক দেখিবলৈ পাব কাৰ্তিক আৰিয়নৰ সৈতে “লৱ আজকল” ছবিখনত আৰু বৰুণ ধাৱনৰ সৈতে “কুলী নং-১” ত।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.