চলচিত্ৰ জগতৰ সৰ্ববৃহৎ বঁটা ফিল্মফেয়াৰ এৱাৰ্ড ২০২০ এইবাৰ অনুষ্ঠিত হ’ব গুৱাহাটীত। ট্যুৰ অপাৰেটৰ সমাৰোহত ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিষয়ে জনসাধাৰণক জানিবলৈ দিয়াৰ লগতে তেওঁ কয় যে উক্ত এৱাৰ্ড ফাঞ্চনটোৰ বাবে টাইমছ গ্ৰুপে ৰাজ্য চৰকাৰৰ এই প্ৰস্তাৱত সঁহাৰি দিছে যদিও ই নিশ্চিত নহয়। অসমৰ পৰ্যটনক উন্নত কৰাৰ লগতে মানচিত্ৰত এক বিশেষ স্থান দিয়াৰ উদ্দেশ্যে এই সৰ্ববৃহৎ অনুষ্ঠানটি পতাৰ কথা চিন্তা কৰিছে বুলিও মূখ্যমন্ত্ৰী সোণোৱালে মত প্ৰকাশ কৰে।


উল্লেখ্য যে, চলিত বৰ্ষত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ প্ৰসাৰ আৰু প্ৰচাৰৰ স্বাৰ্থত ৰাজ্য চৰকাৰে ৩০০ শ কোটি টকাৰ আৱন্তন দিয়ে।

গতিকে, ক’ব পৰা যায় যে আগন্তুক সময়ত গুৱাহাটী ভৰি পৰিব পাৰে বলীউডৰ তাৰকে-পৰিচালক ও প্ৰযোজকৰে। অসম ৰঙীণ কৰিব তুলিব তেওঁলোকে। কি শ্ৰদ্ধা, কি আলিয়া; কি শ্বাহৰুখ, কি ছলমান । সকলো আহিব গুৱাহাটীলৈ।


আচ্ছা, এতিয়া আপোনালোকে আমাক জনাওঁক; উক্ত সৰ্ববৃহৎ এৱাৰ্ডটোৱে প্ৰভাৱান্বিত কৰিব নে অসমক? আপোনোলোকে কি ভাবে,কি বিচাৰে; কমেণ্ট কৰি জনাওঁক আপোনাৰ মতামত।
Add comment