Rupaliparda.com

“অপৰাহ্ন” ৰ প্ৰথমটো প্ৰদৰ্শনীয়ে আমোদ দিলে দৰ্শককঃ

মানৱ জ্যোতি বৰুৱাৰ দ্বাৰা পৰিচালিত “অপৰাহ্ন” নামে চুটি ছবিখনৰ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্ছন হ’লত প্ৰথমটো প্ৰদৰ্শনী হৈ যায়। প্ৰদৰ্শনীটোত উপস্থিত থাকে জ্যোতি চিত্ৰৱনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটা, চুটি ছবি নিৰ্মাতা অমৰদ্বীপ গগৈকে ধৰি পুলক বেনাৰ্জী, অঞ্জলি দৈমাৰী লগতে উপস্থিত থাকে বিশিষ্ট অভিনেতা মিণ্টু বৰুৱাও।

"অপৰাহ্ন" ৰ প্ৰথমটো প্ৰদৰ্শনীয়ে আমোদ দিলে দৰ্শককঃ 1
"অপৰাহ্ন" ৰ প্ৰথমটো প্ৰদৰ্শনীয়ে আমোদ দিলে দৰ্শককঃ 2


পৰিচালক মানৱ জ্যোতি বৰুৱাৰ “অপৰাহ্ন” হৈছে প্ৰথমটো প্ৰচেষ্টা। উক্ত ছবিখনত এগৰাকী শিল্পীৰ মনস্তাত্বিক অৱস্থাৰ সৈতে তেওঁৰ বাস্তৱৰ মাজত হৈ থকা এখন অৰ্ন্তযুদ্ধক প্ৰতিফলিত কৰা হৈছে। এগৰাকী শিল্পীয়ে নিজৰ মন-মগজুত চলি থকা ভাৱ সমূহক কেনেদৰে জীৱন্ত কৰি তোলে তাৰেই এক চমু উপস্থাপন কৰা হৈছে “অপৰাহ্ন” ত। ছবিখন ইতিমধ্যে লিফ্ট অৱ ছেচন ফিল্ম ফেষ্টিভেলত নমিনেছন লাভ কৰিছে।

"অপৰাহ্ন" ৰ প্ৰথমটো প্ৰদৰ্শনীয়ে আমোদ দিলে দৰ্শককঃ 3
"অপৰাহ্ন" ৰ প্ৰথমটো প্ৰদৰ্শনীয়ে আমোদ দিলে দৰ্শককঃ 4


ছবিখনত অভিনয় কৰিছে কিছমত বানু আৰু মৌচুমী বৰগৈয়াৰীয়ে। সহকাৰী পৰিচালক হিচাপে কাম কৰিছে পংখী পেগু, অংকুৰ ডেকা, গাৰ্গী দত্ত আৰু পুনম খনিকৰে। সংগীত পৰিচালনা সৌৰভ মহন্তৰ লহতে ভি.এফ.এক্স দিছে দীপজ্যাতি সন্দিকৈয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.