Rupaliparda.com
ৰাষ্ট্ৰীয় ক্ষেত্ৰত উজ্বলিল পুনৰ অসম সন্তানঃ পালে ইমতিয়াজ আলিৰ লগত কাম কৰাৰ সুবিধা- 1

ৰাষ্ট্ৰীয় ক্ষেত্ৰত উজ্বলিল পুনৰ অসম সন্তানঃ পালে ইমতিয়াজ আলিৰ লগত কাম কৰাৰ সুবিধা-

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল আকৌ এবাৰ এগৰাকী অসম সন্তান। মানসিক, আৰ্থিক ভাৱে কিছু সময়ত ভাগৰি পৰিছিল যদিও তিনিটা বছৰৰ অন্তত তেওঁ নিৰ্মাণ কৰিলে এখন ডকুমেন্টৰী ফিল্ম; নাম “মা জয়ন্তী শক্তি পীঠ”। এই ডকুমেন্টৰী ছবিখনে ইতিমধ্যে ঝাৰখণ্ড ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত তিনিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে। এই ছবিখনৰ আঁৰত থকা অসমৰ সুযোগ্য সন্তান গৰাকী হৈছে প্ৰদীপ চন্দ্ৰ শৰ্মা।

ৰাষ্ট্ৰীয় ক্ষেত্ৰত উজ্বলিল পুনৰ অসম সন্তানঃ পালে ইমতিয়াজ আলিৰ লগত কাম কৰাৰ সুবিধা- 2


মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান অংশুমান বৰুৱা আছিল এই ছবিখনৰ পথ প্ৰদৰ্শক। পৰিচালক প্ৰদীপ চন্দ্ৰ শৰ্মাই অংশুমান বৰুৱাৰ পৰাই লাভ কৰিছিল নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট সহায়। ৰূপালী পৰ্দাৰ সৈতে হোৱা কথা-বতৰাত ডকুমেন্টৰী খনক উদ্দেশ্যি প্ৰদীপ চন্দ্ৰ শৰ্মাই কয় যে,

ৰাষ্ট্ৰীয় ক্ষেত্ৰত উজ্বলিল পুনৰ অসম সন্তানঃ পালে ইমতিয়াজ আলিৰ লগত কাম কৰাৰ সুবিধা- 3


” আৰ্থিক ভাৱে দূৰ্বল হোৱাৰ বাবেই প্ৰায় তিনি বছৰ যোৰা প্ৰচেষ্টাৰ অন্তত মই এই ডকুমেন্টৰীখন নিৰ্মাণ কৰি উলিয়াইছিলো। মই যেতিয়া মেঘালয় স্থিত এই দূৰ্গা মন্দিৰটোলৈ গৈছিলো তেতিয়া আমাৰ কামাখ্যা মন্দিৰৰ দৰেই সেই আধ্যাত্মিকতা অথবা মান-মৰ্যাদা লগতে সা-সুবিধা আদি মই পোৱা নাছিলো। তেতিয়াই মই ভাৱিছিলো যে এই শক্তিপীঠটো মই ভালকৈ প্ৰচাৰ কৰিম; যিহেতো মই কেমেৰা লাইনৰে মানুহ গতিকে মই কিবা এটা সৰুকৈ হ’লেও চেষ্টা এটা কৰিম আৰু ৰাইজক এই বিষয়ে অৱগত কৰোৱাম।
সাধাৰণ জনক জনাম বুলি এই কাৰণেই কৈছো কাৰণ প্ৰত্যেকটো সময়তে ছিলং, চেৰাপুঞ্জীলৈ যোৱা মানুহ বহুতো থাকে আৰু যেতিয়া মন্দিৰটোৰ বিষয়ে গম পাব তাত বহুতৰে সমাগম ঘটিব।

ৰাষ্ট্ৰীয় ক্ষেত্ৰত উজ্বলিল পুনৰ অসম সন্তানঃ পালে ইমতিয়াজ আলিৰ লগত কাম কৰাৰ সুবিধা- 4


প্ৰথম অৱস্থাত টকা-পইচা নিমিলাত মই কেমেৰা ভাড়া কৰিছিলো; তাৰ পিছত মেঘালয়ৰ এই মন্দিৰটোক চাবলৈ অৰুণাচল প্ৰদেশৰ মন্ত্ৰী কিৰণ ৰিজিজু অহাৰ কথা আছিলে গতিকে মোক কেমেৰাৰ প্ৰয়োজন আছিল আৰু তেতিয়াই কামাখ্যা মন্দিৰলৈ গৈ মই দলৈ ছাৰক লগ কৰি তেওঁৰ দুজন ল’ৰা লগতে ড্ৰ’ন আৰু কেমেৰা বিচাৰিছিলো আৰু তেওঁলোকেই পৰৱৰ্তী সময়ত মোক এইখিনি দিছিলে। লগতে এটা কথা মই বিশেষভাৱে উল্লেখ কৰিব লাগে যে মোৰ এই ডকুমেন্টৰী খন সম্পূৰ্ণ হোৱাত মোক যথেষ্ট সহাঁৰি দিছিলে জেটৱিংগছ ফাউনডেশ্বনৰ চি.ই.অ সঞ্জয় আদিত্য সিঙে। মই ৰূপালীপৰ্দাৰ জৰিয়তে তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছো।
ডকুমেন্টৰী খন সম্পূৰ্ণ হোৱাৰ পিছত মই অসমৰ চলচিত্ৰ জগতৰ কেইজনমান গণ্য-মান্য লোকক লগ ধৰি মোৰ ডকুমেন্টৰীখন দেখুৱাবলৈ খুজিছিলো কিন্তু তেওঁলোকে একেষাৰেই মানা কৰিছিলে। ফলত মই ডকুমেন্টৰীখন ঝাৰখণ্ড ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱলৈ পঠিয়ালো আৰু তাৰ পৰাই মোক মাতি দিছিলে। তাত বিচাৰক হিচাপে উপস্থিত আছিল বলীউডৰ “ৰকষ্টাৰ” ছবি খনৰ পৰিচালক ইমতিয়াজ আলি ছাৰ। উক্ত মহোৎসৱ খনতেই মই তিনিটাকৈ বঁটা পাবলৈ সক্ষম হৈছিলো; বেষ্ট ডাইৰেক্টৰ, বেষ্ট ফিল্ম আৰু বেষ্ট চিনেমেটো’গ্ৰাফীৰ। জানানে? মোৰ বাবে এতিয়াও ‘এইখিনি সপোনেই হৈ আছে।
আৰু, মই ক’বলৈ পাই সুখী যে ইমতিয়াজ আলি ছাৰে তেওঁৰ আহিবলগীয়া ছবিখনত মোক সহকাৰী পৰিচালক ৰূপে মাতিছে। মই তেওঁৰ এই আমন্ত্ৰণক যথেষ্ট সন্মান জনাইছো।”

ৰাষ্ট্ৰীয় ক্ষেত্ৰত উজ্বলিল পুনৰ অসম সন্তানঃ পালে ইমতিয়াজ আলিৰ লগত কাম কৰাৰ সুবিধা- 5


“মা জয়ন্তী শক্তি পীঠ” শীৰ্ষক ডকুমেন্টৰীখনৰ প্ৰযোজক আছিল তিনিজন; ক্ৰমে প্ৰদীপ চন্দ্ৰ শৰ্মা, সঞ্জয় আদিত্য সিং আৰু উমাকান্ত মৰিয়া।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform