সৰ্বভাৰতীয় পৰ্যায়ত আয়োজিত ভাৰতৰ সৰ্ববৃহৎ চিত্ৰনাট্য প্ৰতিযোগিতাত দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ৪০০০ প্ৰতিযোগীৰ দৌৰত আগবাঢ়িলে অসন সন্তান ৰাজদ্বীপ। অসমৰ যুৱ নাট্যকাৰ, গীতিকাৰ, সাংবাদিক লগতে চিত্ৰনাট্যকাৰ হিচাপে প্ৰতিষ্ঠিত ৰাজদ্বীপে চলিত মাহৰ ২২ অক্টোবৰ তাৰিখে বলীউডৰ ছবিৰ বাবে কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ ৰূপে চুক্তিবদ্ধ হয়।

চুক্তিবদ্ধ হোৱা পিছতেই ৰাজদ্বীপ বলীউডত চিত্ৰনাট্যকাৰ ৰূপে চুক্তিবদ্ধ হোৱা প্ৰথমগৰাকী অসমীয়া ৰূপে পৰিগণিত হ’ল। ৰাজদ্বীপৰ পূৰ্বে বলীউডত কোনোয়ে চিত্ৰনাট্যকাৰ ৰূপে খ্যাতি অৰ্জন কৰিব পৰা নাছিল।

কংকনা সেন দ্বাৰা পৰিচালিত “এ ডেথ ইন দ্য গাঞ্জ” তথা অনুৰাগ বসু দ্বাৰা পৰিচালিত “জগ্গা জাছুছ” দৰে ছবিত গীত লিখি ইতিমধ্যে ৰাষ্ট্ৰীয় ক্ষেত্ৰত চিনাকী হৈ পৰা ৰাজদ্বীপৰ চিত্ৰনাট্যৰে আহিবলগীয়া অসমীয়া ছবিখন হৈছে “প্ৰতিঘাত”।
Add comment