অসমীয়া চলচিত্ৰ জগতলৈ অহা কিছু সজীৱতা অথবা ন-পোহৰে বৰ্তমান অসমীয়া সমগ্ৰ শিল্পীৰ লগতে চলচিত্ৰ প্ৰেমীকো উৎসাহী কৰি তুলিছে। ইখনৰ পিছত সিখন ছবিৰ মুক্তি খবৰে নিঃসন্দেহে অসমীয়া চলচিত্ৰ জগত খন টনকিয়াল হোৱাৰ এক শুভ বাৰ্তা কঢ়িয়াই আনিছে। গতিকে, এনে প্ৰসংগতে আমি পুনৰ এখন অসমীয়া ছবিৰ মুক্তিৰ কথা আপোনালোকক ক’ব ওলাইছো; ছবিখন হৈছে- “প্ৰতিঘাত”।

অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা ক্ৰমে নৰেন্দ্ৰ এন সিনহা আৰু নন্দিনী ৰয় গয়াৰীৰ। নৰ্মান ষ্টুডিঅ’ ৱকৰ্চ আৰু ইশ্বু প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা এই ছবিখনৰ চিত্ৰনাট্য তথা সংলাপ ৰাজদ্বীপৰ।

ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ তথা টিজাৰে ইতিমধ্যে মুক্তি লাভ কৰিছে আৰু ছবিখনৰ মুক্তি প্ৰাপ্ত এই দুয়োটা বস্তুৰ পৰাই ধৰিব পৰা গৈছে যে ছবিখন নাৰীকেন্দ্ৰিক তথা নাৰীৰ স্বাধীনতাৰ লগতে সুৰক্ষাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে।
“প্ৰতিঘাত” ত অভিনয় কৰিছে অমৃতা গগৈ, দিগন্ত হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, সিদ্ধাৰ্থ শৰ্মা, দেৱজিত মজুমদাৰ, পদ্মৰাগ গোস্বামী, অচিন্ত শৰ্মা আৰু জলী লস্কৰে। ছবিখনৰ মুক্তিৰ তাৰিখ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
Add comment