Rupaliparda.com

ৰণৱীৰ কাপুৰ নে ৰণৱীৰ সিং??কোন হ’ব অঞ্জলীৰ “ৰাহুল”??

“দোস্তী প্যাৰ হ্যা”, “কুছ কুছ হতা হে অঞ্জলী, তুম নহি চমঝগে” ইত্যাদি ৯০ দশকৰ আইকনিক ডায়লগ কেইটি বাৰু আপোনাৰ মনত আছেনে?? সঁচাকৈ, এই ডায়লগ কেইটিক জানো পাহৰিব পাৰি? নহয়নে?? “কুছ কুছ হতা হে” ছবিখনক নতুন ৰূপত আপুনি চাব খুজিবনে? যদি চাব খুজিছে তেতিয়াহ’লে ইয়াৰ ৰিমেকত আপুনি কোন অভিনেতা- অভিনেত্ৰীক চাব বিচাৰিছে??

ৰণৱীৰ কাপুৰ নে ৰণৱীৰ সিং??কোন হ'ব অঞ্জলীৰ "ৰাহুল"?? 1


আচ্ছা ৰ’ব! ইমান ভবাৰ দৰকাৰ নাই। উক্ত ছবিখনৰ পৰিচালক কৰণ জহৰে ছাগে ইতিমধ্যে ছবিখনৰ ৰিমেকৰ বাবে নিৰ্বাচন কৰিছে অভিনেতা-অভিনেত্ৰীৰ। য’ত পৰিচালক গৰাকীয়ে ছবিখনৰ “কাষ্ট” লিষ্টখনত অন্তৰ্ভূক্ত কৰি ৰাখিছিল অভিনেতা ৰণৱীৰ কাপুৰক। কিন্তু, “কুছ কুছ হতা হে” ৰ ২০ বছৰ সম্পূৰ্ণ হোৱাৰ দিনাখনেই তেওঁক একেটা প্ৰশ্ন কৰাত “ৰণবীৰ কাপুৰ” ৰ সলনি পৰিচালক গৰাকীয়ে “ৰাহুল” চৰিত্ৰটোৰ বাবে নিৰ্বাচন কৰে “ৰণৱীৰ সিং” ক হে। ইয়াৰ লগতে তেওঁ নাম লয় আলিয়া ভাট আৰু জান্হৱী কাপুৰৰ।

ৰণৱীৰ কাপুৰ নে ৰণৱীৰ সিং??কোন হ'ব অঞ্জলীৰ "ৰাহুল"?? 2
ৰণৱীৰ কাপুৰ নে ৰণৱীৰ সিং??কোন হ'ব অঞ্জলীৰ "ৰাহুল"?? 3


গতিকে আগন্তক সময়তহে দৰ্শক জানিব পাৰিব “ৰাহুল” চৰিত্ৰটোত থাকিব কোন?? বাৰু, আপোনালোকে কাক বিচাৰিব “কুছ কুছ হতা হে” ৰ “ৰাহুল” ৰ চৰিত্ৰটোত?? কমেণ্ট কৰি জনাওঁক আপোনাৰ মতামত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.